President Joe Biden COVID positive: দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি

author img

By

Published : Aug 1, 2022, 2:02 PM IST

President Joe Biden COVID positive

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত হৈছে(President Joe Biden COVID positive)।হোৱাইট হাউছৰ চিকিৎসক ডাঃকেভিন অ'কনৰে দেওবাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিছে তথ্য়।

ইন্টাৰনেচনেল ডেস্ক, ১আগষ্ট: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত হৈছে(President Joe Biden COVID positive)। একেৰাহে দ্বিতীয় দিনাও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ক'ভিড-১৯ ৰ পৰীক্ষাত পজিটিভ বুলি নিশ্চিত হৈছে চিকিৎসকসকল । এণ্টি-ভাইৰেল ঔষধৰ দ্বাৰা চিকিৎসাৰ পিছত পুনৰ আক্ৰান্ত হোৱাটো এক বিৰল ঘটনা বুলি চিকিৎসকসকলে মন্তব্য় কৰিছে । হোৱাইট হাউছৰ চিকিৎসক ডাঃকেভিন অ'কনৰে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আক্ৰান্ত হোৱা সন্দৰ্ভত তথ্য় প্ৰকাশ কৰিছে(White House physician Dr Kevin O Connor)।

অৱশ্য়ে ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক অৱস্থা ভাল বুলি উল্লেখ কৰিছে চিকিৎসক ডাঃ কেভিন অ'কনৰে । তেওঁ পুনৰ কয় যে যদিও ৰাষ্ট্ৰপতি বাইডেন ক'ভিডত আক্ৰান্ত হৈ পৃথকে আছে তথাপি কাৰ্যবাহী বাসভৱনৰ পৰা কাম-কাজ নিয়মীয়া ভাৱেই সম্পাদন কৰি থাকিব পাৰিব ।

উল্লেখ্য় যে ৰাষ্ট্ৰপতি বাইডেনৰ শনিবাৰে ক'ভিড-১৯ৰ পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হয় চিকিৎসকসকল । সেইবাবে তেওঁ ভ্ৰমণ আৰু ব্যক্তিগত অনুষ্ঠান বাতিল কৰিব লগা হৈছে । কিয়নো তেওঁ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি কমেও পাঁচ দিনৰ বাবে পৃথক হৈ থাকিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীৰ যোৱা ২১ জুলাইত পৰীক্ষা কৰাৰ পিছত পজিটিভ বুলি ধৰা পৰিছিল ।

৭৯ বছৰীয়া বাইডেনক এণ্টিভাইৰেল ঔষধ পেক্সলোভিডৰ দ্বাৰা চিকিৎসা কৰা হৈছিল । ইয়েল বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য বিদ্যালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ড০ এলবাৰ্ট হোৱে কয়, 'ৰাষ্ট্ৰপতিয়ে তেওঁৰ অসুস্থতা অনুভৱ নকৰা আৰু লক্ষণ নথকাটো এটা ভাল লক্ষণ । কিয়নো এনে হ'লে তেওঁ দীঘলীয়া সময়ৰ বাবে ক'ভিডত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা কম হয় ।'

লগতে পঢ়ক:Monkeypox patient dies in Brazil : ব্ৰাজিলত প্ৰথমটো মাঙ্কিপক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.