BBC documentary on PM Modi: জে এন ইউত বিবিচিৰ তথ্যচিত্ৰৰ প্ৰদৰ্শন বন্ধ কৰাৰ নিৰ্দেশ বিশ্ববিদ্যালয় প্ৰশাসনৰ

author img

By

Published : Jan 24, 2023, 6:15 PM IST

BBC documentary on PM Modi

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰশাসনে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিবিচিয়ে প্ৰস্তুত কৰা India: The Modi Questions নামৰ তথ্যচিত্ৰখন কেম্পাছত প্ৰদৰ্শনৰ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে (BBC documentary on PM Modi)। এই তথ্যচিত্ৰ সন্দৰ্ভত কোনো সংগঠনে জে এন ইউ প্ৰশাসনৰ পৰা অনুমতি লোৱা নাই । যদি ইয়াক প্ৰচাৰ কৰা হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে ।

নিউজ ডেস্ক, 24 জানুৱাৰী: বিশ্বৰ আগশাৰীৰ সংবাদ গোষ্ঠী বিবিচিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত প্ৰস্তুত কৰা India: The Modi Questions নামৰ তথ্যচিত্ৰখনক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে ৷ নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাটত সংঘটিত সংঘৰ্ষৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল এই তথ্যচিত্ৰখন (BBC documentary on PM Modi) ৷

ইতিমধ্যে ভাৰতৰ গৃহমন্ত্ৰণালয়ে YouTube, Twitter আদিত এই তথ্যচিত্ৰখন নিষিদ্ধ ঘোষণা কৰি প্লেটফৰ্ম কেইটাৰ পৰা ইয়াক আঁতৰাই দিছে ৷ গুজৰাটকাণ্ড সন্দৰ্ভত মোদীৰ ভূমিকাৰ ওপৰত আধাৰিত এই তথ্যচিত্ৰখন প্ৰচাৰ হোৱাৰ লগে লগেই বিভিন্ন মহলত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ গৃহমন্ত্ৰণালয়ে এই তথ্যচিত্ৰখন নিষিদ্ধ কৰিছে যদিও দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ইয়াক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছিল (BBC documentary controversy) ৷

  • JNU asks to cancel the screening of the documentary "India: The Modi Question" scheduled for 24th Jan by a group of students stating that "such an unauthorised activity may disturb peace & harmony in the University.". pic.twitter.com/yQwDah9xx7

    — ANI (@ANI) January 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে নিশা 9 বজাত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰাৰ কথা আছিল ৷ কিন্তু তাৰ পূৰ্বেই এই সম্প্ৰচাৰ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ সমগ্ৰ দেশত যিহেতু এই তথ্যচিত্ৰখন নিষিদ্ধ কৰা হৈছে, তেনে পৰিপ্ৰেক্ষিতত কোনোবাই ইয়াৰ প্ৰচাৰ চলালে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি কোৱা হৈছে ৷ জে এন ইউৰ একাংশ ছাত্ৰই এই তথ্যচিত্ৰ প্ৰচাৰৰ বাবে লিফলেট বিতৰণ কৰাৰ পাচত বিষয়টো বিশ্ববিদ্যালয় প্ৰশাসনৰ দৃষ্টিগোচৰ হয় (JNU warns against screening of BBC documentary) ৷

লগতে পঢ়ক: MH Governor Bhagat Singh Koshiyari: মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দ্বায়িত্বৰ পৰা অব্যাহতি বিচাৰিছে ভগত সিং কোশিয়াৰীয়ে

পৰামৰ্শদাতা সমিতিৰ মতে, জৱাহৰলাল নেহৰু ছাত্ৰ একতা সভাই বিবিচিৰ দ্বাৰা নিৰ্মিত India: The Modi Questions নামৰ তথ্যচিত্ৰখন প্ৰদৰ্শনৰ ক্ষেত্ৰত আগতীয়াকৈ কোনো অনুমতি লোৱা নাছিল ৷ এইধৰণৰ অবৈধ গতিবিধিয়ে জে এন ইউৰ শান্তি-সম্প্ৰীতিত ব্যাঘাত জন্মাব পাৰে বুলি সমিতিখনে উল্লেখ কৰে (pamphlet released for screening of documentary) ৷

পৰামৰ্শদাতা সমিতিখনে আৰু কয় যে, এইধৰণৰ অনুষ্ঠানৰ বাবে জে এন ইউ প্ৰশাসনৰ পৰা কোনো অনুমতি লোৱা নাছিল ছাত্ৰ একতা সভাই ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই অনুষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ৷ যদি এই নিৰ্দেশৰ পাচতো কিবা কাৰণত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়, তেন্তে আয়োজকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰশাসনে উল্লেখ কৰিছে ৷

উল্লেখ্য যে, যোৱা সপ্তাহত তথ্যচিত্ৰখন প্ৰচাৰ হোৱাৰ পাচতেই ভাৰত চৰকাৰে ইয়াক উদ্দেশ্য প্ৰণোদিত আখ্যা দি নিষিদ্ধ ঘোষণা কৰে ৷ এই তথ্যচিত্ৰখনত প্ৰধানমন্ত্ৰী মোদীক একপ্ৰকাৰ খলনায়ক হিচাবে দাঙি ধৰা হৈছে ৷ গুজৰাটকাণ্ডত মোদীৰ ভূমিকা সম্পৰ্কে ইয়াত উল্লেখ কৰা হৈছে ৷ এই সন্দৰ্ভত এতিয়াও প্ৰতিক্ৰিয়া আৰু বিতৰ্ক অব্যাহত আছে ৷

লগতে পঢ়ক: Mamata Targets Modi On Netaji Birthday: প্ৰধানমন্ত্ৰী মোদীৰ কাম কাজে বাৰুকৈয়ে অসন্তুষ্ট কৰিছে মমতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.