Tripura Assam Jan Shatabdi Express: জনশতাব্দী ৰে'লে দূৰত্ব কমাব ত্ৰিপুৰাৰ পৰা শিলচৰলৈ

author img

By

Published : Dec 6, 2021, 11:55 AM IST

Updated : Dec 6, 2021, 1:26 PM IST

Jana Satabdi train from Tripura to Assam

ত্ৰিপুৰাৰ আগৰতলাৰ পৰা অসমৰ শিলচৰলৈ চলিব জনশতাব্দী ৰে'ল (Jana Satabdi Express to connect Tripura to Assam) । ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰে'লৱে ব'ৰ্ডে । জনশতাব্দী ৰে'ল চলাচল সন্দৰ্ভত সেউজ সংকেত দি ত্ৰিপুৰা চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ।

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ : ত্ৰিপুৰা আৰু অসমৰ মাজত যাতায়াত অধিক সুচল কৰাৰ উদ্দেশ্যৰে শীঘ্ৰে আৰম্ভ হ'ব জনশতাব্দী ৰে'লৰ চলাচল(Assam-Tripura rail connectivity) । জনশতাব্দী ৰে'ল চলাচল সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে ৰে'লৱে ব'ৰ্ডে ।

ত্ৰিপুৰা চৰকাৰলৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা হৈছে যে, শিলচৰ আৰু আগৰতলাৰ মাজত জনশতাব্দীৰ দৰে ৰে'লৰ সেৱা (Jan Shatabdi Express service between Agartala to Silchar) to আৰম্ভ কৰিবলৈ ত্ৰিপুৰা চৰকাৰৰ লগতে বিভিন্ন সংগঠনে ধাৰাবাহিকভাৱে দাবী উত্থাপন কৰি আহিছে । পত্ৰখনত উল্লেখ কৰা অনুসৰি, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰে'ল মন্ত্ৰীক অনুৰোধ জনাইছে ।

সমগ্ৰ বিষয়টো ৰে'লৱেই চালি-জাৰি চাইছে আৰু বিভাগটোৱে এই সিদ্ধান্তত উপনীত হৈছে যে, জনশতাব্দী ৰে'লৰ চলাচল আৰম্ভ কৰাটো সম্ভৱ (Jan Shatabdi Express service possible) । অস্থায়ী সময় অনুসৰি, প্ৰস্তাৱিত ৰে'লখন আগৰতলাৰ পৰা পুৱা ৬ বজাত প্ৰস্থান কৰিব আৰু পুৱা ১০.৩০ বজাত শিলচৰত পাবহি । ইয়াৰ পাচত ৰে'লখনে সন্ধিয়া ৫.৩০ বজাত শিলচৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিব আৰু নিশা ১০ বজাত আগৰতলা পাবগৈ ।

পত্ৰখনত উল্লেখ কৰা মতে, বৰ্তমান ১০ টা দবাৰ এটা আইচিএফ ৰেক উপলব্ধ আছে ৷ আগৰতলা আৰু শিলচৰৰ মাজত নতুন ত্ৰি-সাপ্তাহিক সেৱা আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি বুলি পত্ৰখনত উল্লেখ কৰা হৈছে ।

ৰে'লৱেৰ মতে, শিলচৰ কাছাৰ জিলাৰ সদৰ আৰু অসমৰ অন্যতম বৃহৎ চহৰ । আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী চহৰ আৰু উত্তৰ-পূৱ ভাৰতৰ অন্যতম বৃহৎ চহৰ । দুয়োখন চহৰৰ মাজত সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক সম্পৰ্ক আছে । বৰ্তমান দুয়োখন চহৰৰ মাজত কেৱল ১৮ দবাযুক্ত আগৰতলা-শিলচৰ এক্সপ্ৰেছ(দৈনিক) চলে । তাৰ বাহিৰে আন কোনো সুবিধাজনক সেৱা উপলব্ধ নাই ৷ যাৰ বাবে আগৰতলা-শিলচৰ এক্সপ্ৰেছৰ সেৱা অতি সুফলদায়ক হিচাপে বিবেচিত হৈছে ।

এনে পৰিপ্ৰেক্ষিতত জনশতাব্দী ৰে'লৰ চলাচলে যাত্ৰীক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে । জেনেৰেল মেনেজাৰে ইতিমধ্যে এই প্ৰস্তাৱত অনুমোদন দিছে । ৰে'লখনে প্ৰতি ঘণ্টাৰ গড় গতিবেগত ৫৬.৮৮ কিল’মিটাৰ দুৰত্ব অতিক্ৰম কৰি মাত্ৰ ৪ ঘণ্টা ৩০ মিনিটত ২৫৬ কিল’মিটাৰ দূৰত্ব সম্পূৰ্ণ কৰিব ।

লগতে পঢ়ক: Time of extreme pain in India : ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীৰ

Last Updated :Dec 6, 2021, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.