Jammu and Kashmir fraud case : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দিয়া প্ৰৱঞ্চকক জে'ললৈ প্ৰেৰণ
Published: Mar 17, 2023, 9:18 PM


Jammu and Kashmir fraud case : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দিয়া প্ৰৱঞ্চকক জে'ললৈ প্ৰেৰণ
Published: Mar 17, 2023, 9:18 PM
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দি জম্মু-কাশ্মীৰত নিৰাপত্তাৰ সুবিধা লৈছিল গুজৰাটৰ প্ৰৱঞ্চক কিৰণ পেটেলে । অৱশেষত যোৱা ৩ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক (Fraud arrested in Jammu and Kashmir)। শুকুৰবাৰে আদালতে ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে প্ৰৱঞ্চক পেটেলক ।
নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : জম্মু আৰু কাশ্মীৰৰ এখন আদালতে গুজৰাটৰ এটা প্ৰৱঞ্চকক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে (Gujrat conman sends to judicial custody)। অভিযুক্তজনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে পৰিচয় দিছিল আৰু কাশ্মীৰ ভ্ৰমণৰ সময়ত ৰাজ্যিক প্ৰট'কল আৰু নিৰাপত্তাৰ সুবিধা লৈছিল ।
নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক (ৰণনীতি আৰু অভিযান) হিচাপে কৰ্মৰত বুলি পৰিচয় দিয়া গুজৰাটৰ কিৰণ পেটেল নামৰ প্ৰৱঞ্চকজনক ৩ মাৰ্চত জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Fraud arrested in Jammu and Kashmir)। পেটেলক শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰীনগৰ আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল আৰু ন্যায়াধীশে তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে এক বিবৃতিত কয় যে পেটেলক পঞ্চতাৰকা ললিত হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনাৰ বাবে গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত বহুতো প্ৰাসংগিক ব্যক্তিক সোধা-পোছা কৰা হৈছে । গোচৰটোৰ তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে ।
আৰক্ষীয়ে জনোৱা মতে, প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ইতিমধ্যে গুজৰাটৰ বিভিন্ন আৰক্ষী থানাত প্ৰৱঞ্চনাৰ তিনিটা গোচৰ ৰুজু হৈছে । সূত্ৰৰ মতে কোনো প্ৰমাণীকৰণ অবিহনে প্ৰশাসনে প্ৰৱঞ্চকজনক জেড প্লাছ নিৰাপত্তা সুৰক্ষা প্ৰদান কৰাৰ বাবে ইতিমধ্যে সমালোচনাৰ সন্মুখীন হৈছে ।
ইফালে প্ৰৱঞ্চক পেটেলে কাশ্মীৰৰ গুলমাৰ্গ, দুধপথাৰীৰ দৰে পৰ্যটনস্থলীলৈ ভ্ৰমণৰ কৰাৰ সময়ৰ ভিডিঅ' আৰু ফটো টুইটাৰ আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । তেওঁ বিখ্যাত লালচক আৰু এলঅ'চিৰ সমীপৰ ফটোও শ্বেয়াৰ কৰিছে য'ত তেওঁক আৰক্ষী আৰু চিআৰপিএফৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছিল ।
সূত্ৰৰ মতে প্ৰৱঞ্চকটোৱে কাশ্মীৰত দুগৰাকী উপায়ুক্তক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকৰ সৈতে বৈঠক কৰিছিল (Gujrat conman in Kashmir)। তেওঁৰ টুইটাৰ বায়'ত পেটেলে ভাৰ্জিনিয়াৰ কমনৱেলথ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি, আইআইএম ত্ৰিচীৰ পৰা এমবিএ লগতে কম্পিউটাৰ চায়েন্স এম টেক আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত বি.ই লাভ কৰা বুলি দাবী কৰিছে ।
লগতে পঢ়ক :Private Lab negligence: ৰোগীক ভুল ৰিপৰ্ট প্ৰদানৰ অভিযোগ লেবৰেটৰীৰ বিৰুদ্ধে
