ন্যায়াধীশে জামিনৰ বিপৰীত মন্তব্য কৰাৰ বাবেই আত্মহত্যা অধিবক্তাৰ

author img

By

Published : Sep 30, 2022, 5:48 PM IST

Updated : Sep 30, 2022, 10:56 PM IST

Jabalpur High Court A lawyer committed suicide after the judge made the opposite remark in bail

জামিনৰ বিপৰীতে মন্তব্য কৰাৰ বাবেই আত্মহত্যা কৰিলে অধিবক্তাই(Lawyer committed suicide ) ৷ অধিবক্তাৰ মৃতদেহটো লৈ উচ্চ ন্যায়ালয়ত উপস্থিত হয় সহকৰ্মী অধিবক্তা ৷ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত মৃতদেহ ৰাখি প্ৰতিবাদ সহকৰ্মী অধিবক্তাসকলৰ ৷

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: মধ্য প্ৰদেশৰ জবলপুৰ উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে ন্যায়ালয়ৰ চৌহদ(Lawyer committed suicide) ৷ অধিবক্তাজনৰ মৃতদেহটো লৈ তেওঁ সহকৰ্মী অধিবক্তাসকলে উচ্চ ন্যায়ালয়ত উপস্থিত হয় (Madhya Pradesh Jabalpur High Court ) ৷ অধিবক্তাসকলে মুখ্য ন্যায়াধীশৰ সন্মুখত মৃতদেহ ৰাখি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে (Chief Justice of MP High Court) ৷ অধিবক্তাসকল ইয়াতে ক্ষান্ত নাথাকি বাৰ কাউন্সিলৰ চেম্বাৰত অগ্নিও সংযোগ কৰে ৷

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । জানিব পৰা মতে, এগৰাকী মহিলা কনিষ্টবলক বলাৎকাৰৰ গোচৰত পলাতক হৈ থকা অভিযুক্ত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ আয়াচীক বিৰুদ্ধে ন্যায়াধীশ সঞ্জয় দ্বিবেদীৰ আদালতত গোচৰটো চলি আছিল । সন্দীপ আয়াচীৰ জামিন সন্দৰ্ভত ভুক্তভোগীৰ অধিবক্তা অনুৰাগ চাহু আৰু ধৰ্ষণৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ অধিবক্তা মনীষ দত্তৰ মাজত তৰ্ক হৈছিল ।

বিষয়টোৰ সন্দৰ্ভত ব্যক্তিগত অভিযোগো উত্থাপিত হৈছিল । এই ব্যক্তিগত অভিযোগত আহতহৈ অধিবক্তা অনুৰাগ চাহুৱে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছিল ।

এই গোচৰটোত আন এটা নতুন মোৰ আহিছিল যেতিয়া ন্যায়াধীশৰ নামত এখন পত্ৰ আদালতৰ লেটাৰ বক্সত আহিছিল । এই পত্ৰত অভিযোগ কৰা হৈছিল যে কেইজনমান উকীলে মহিলাৰ হতুৱাই ধৰ্ষণ কৰাৰ ষড়যন্ত্ৰ কৰে । ইয়াৰ পাছত বৃহৎ ধনৰ বিনিময়ত ভুক্তভোগীয়ে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলগীয়া হয় । অৱশ্যে পত্ৰখনত কোনো নিৰ্দিষ্ট উকীল বা ব্যক্তিৰ নাম উল্লেখ কৰা হোৱা নাছিল ।

লগতে পঢ়ক: পৰ্ণ গোচৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক আবেদন ৰাজ কুন্দ্ৰাৰ

Last Updated :Sep 30, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.