Pulwama grenade blast: পুলৱামাত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ, বিস্ফোৰণত নিহত এজন

author img

By

Published : Aug 5, 2022, 8:31 AM IST

Pulwama grenade blast

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ গাদুৰা অঞ্চলত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰিলে গ্ৰেণেড নিক্ষেপ(Grenade thrown at workers in Pulwama) ৷ গ্ৰেণেড বিস্ফোৰণটোত থিতাতে নিহত হয় এজন শ্ৰমিক ৷ গুৰুতৰভাৱে আহত হৈছে দুজন শ্ৰমিক ৷

নেশ্যনেল ডেস্ক, 5 আগষ্ট: বৃহস্পতিবাৰে জম্মু কাশ্মীৰত গ্ৰেণেড বিস্ফোৰণৰ এক ঘটনা সংঘটিত হয় (Pulwama grenade blast)৷ দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ গাদুৰা অঞ্চলত বহিঃৰাজ্যৰ শ্ৰমিকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ দলে গ্ৰেণেড নিক্ষেপেৰে কৰিলে বিস্ফোৰণ (Migrant worker dead by miscreants in Pulwama) ৷

বিস্ফোৰণৰ ফলত এজন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে 2 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (2 others injured in Pulwama grenade blast)৷ মৃত শ্ৰমিকজনক বিহাৰৰ চাকৱা পাৰ্ছাৰ মহম্মদ মুমতাজ আৰু আহত দুজন বিহাৰৰ ৰামপোৰৰ মহম্মদ আৰিফ আৰু মহম্মদ মজবুল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি বিস্ফোৰণটোত আহত দুয়োজনৰে অৱস্থা বৰ্তমান সুস্থিৰ অৱস্থাত আছে ৷

উল্লেখ্য যে বিগত মাহত জম্মু কাশ্মীৰত বহিঃৰাজ্যৰ পৰা যোৱা বহুকেইজন শ্ৰমিক উগ্ৰপন্থীৰ লগতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱতিব লগা হৈছে ৷ যোৱা 3 জুনত জম্মু কাশ্মীৰৰ বুদগামৰ চাদুৰা তহচিলৰ মাগ্ৰেপোৰা গাঁৱত থকা এটা ইটা ভাটাত কৰ্মৰত বহিঃৰাজ্যৰ দুজন শ্ৰমিকৰ ওপৰত উগ্ৰপন্থীৰ দলে নিৰ্বিচাৰ গুলীচালনা কৰিছিল ৷ গুলীবিদ্ধ দুজনৰ এজন উত্তৰ প্ৰদেশৰ দিলশাদ আৰু পঞ্জাৱৰ গৰিয়া বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে (Migrant worker injured shot dead by terrorists) ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও দিলশাদ নামৰ শ্ৰমিকজনে চিকিৎসালয়তে মৃত্যুবৰণ কৰে ৷

ইফালে এই ঘটনাৰ দুদিনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত উগ্ৰপন্থীয়ে ৰাজস্থানৰ এগৰাকী বেংক কৰ্মচাৰীক গুলীয়াই হত্যা কৰিছিল ৷ মৃত লোকজনক ৰাজস্থানৰ বিজয় কুমাৰ বুলি জানিব পৰা গৈছিল ৷ কুলগাম জিলাৰ আৰিয়াহ গাঁও শাখাৰ এটা আঞ্চলিক গ্ৰাম্য বেংকৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল বিজয় কুমাৰ ৷ মেনেজাৰজনে পুৱা কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তেই দুৰ্বৃত্তই লোকজনক গুলীয়াই হত্যা কৰে ৷

লগতে পঢ়ক: কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.