GDP: ২০২০-২১ বৰ্ষত ভাৰতত ৭.৩ শতাংশ হ্ৰাস

author img

By

Published : Jun 1, 2021, 12:14 PM IST

India's Gross Domestic Product came down

সোমবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product)ৰ বৃদ্ধি ৭.৩ শতাংশ হ্ৰাস পাইছে । ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন(GDP)ৰ সংকোচনৰ হাৰ আছিল ৪ শতাংশ ।

নেশ্যনেল ডেস্ক, ১ জুন: পুনৰ হ্ৰাস পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ । কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product)ৰ বৃদ্ধি ৭.৩ শতাংশ সংকুচিত হৈছে । চৰকাৰী তথ্য অনুসৰি, কৰ'ণাৰ সংকট কালত ২০১৯-২০ বিত্তীয় বৰ্ষত জি ডি পি প্ৰায় ১৪৫ লাখ কোটি টকালৈ হ্ৰাস পাইছে আৰু ২০২০-২১ বৰ্ষত ১৩৫ লাখ কোটি টকালৈ হ্ৰাস পাইছে ।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, ২০২০-২১ বৰ্ষত জি ডি পিৰ বৃদ্ধি ২০১৯-২০ বৰ্ষৰ ৪ শতাংশৰ তুলনাত ৭.৩ শতাংশ হ'ব বুলি অনুমান কৰা হৈছিল । জি ডি পি হৈছে দেশত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মুঠ পৰিমাণ আৰু ই অৰ্থনৈতিক অৱস্থাৰ এক মুখ্য সূচক । যদিও সামগ্ৰিক বিত্তীয় বৰ্ষত বিকাশ হ্ৰাস পাইছে তথাপিও আগৰ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত বিকাশ উন্নত হোৱা দেখা গৈছিল ।

২০২০-২১ বৰ্ষত অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে এই কেই মাহত মুঠ ঘৰুৱা উৎপাদন ০.৫ শতাংশ বৃদ্ধিৰ হোৱাৰ লগতে জানুৱাৰীৰ পৰা মাৰ্চলৈকে এই তিনি মাহত ১.৬ শতাংশ বৃদ্ধি পাইছে । ২০২১ চনৰ জানুৱাৰী-মাৰ্চত চীনৰ ঘৰুৱা উৎপাদন ১৮.৩ শতাংশ বৃদ্ধি হৈছে । ক'ভিডসৃষ্ট পৰিস্থিতিত ব্যৱসায়িক ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত বিত্তীয় বৰ্ষৰ প্ৰথম ছয় মাহত বিকাশৰ ক্ষেত্ৰত অৱনতি হোৱা পৰিলক্ষিত হৈছিল ।

ফলত ভাৰতীয় অৰ্থনীতিৰ মন্দাৱস্থা হৈছিল । সোমবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি, বিত্তীয় বৰ্ষৰ প্ৰথম (এপ্ৰিল-জুন) আৰু দ্বিতীয় (জুলাই-ছেপ্টেম্বৰ) তিনিমাহত জিডিপি ক্ৰমান্বয়ে ২৪.৪ শতাংশ আৰু ৭.৪ শতাংশ হ্ৰাস পাইছে । অৱশ্যে, অক্টোবৰ পৰা ডিচেম্বৰ এই তিনিমাহত কিছু পৰিৱৰ্তন দেখা গৈছিল । কিয়নো, জি ডি পি ০.৫ শতাংশ বৃদ্ধি হৈছিল । তাৰ পিছত জানুৱাৰীৰ পৰা মাৰ্চলৈ এই তিনিমাহত ১.৬ শতাংশ বৃদ্ধি হয় ।

১৯৭৯-৮০ চনৰ পিছত যোৱা চাৰি দশকত ভাৰতীয় অৰ্থনীতিত প্ৰথম বাৰৰ বাবে এটা বছৰৰ জি ডি পিৰ সংকোচন ৫.২ শতাংশ হ্ৰাস পাইছে । ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত প্ৰায় ৭ শতাংশ আৰু ২০১৮-১৯ বৰ্ষত ৬.১ শতাংশ হ্ৰাস পাইছিল । ২০১৫-১৬ বৰ্ষত জি ডি পি ৮.২ শতাংশ বৃদ্ধি পাইছিল । ক্ৰমান্বয়ে অৰ্থনৈতিক কাৰ্যকলাপত অধিক মন্থৰতা আহে । ফল স্বৰূপে, ২০১৯-২০ বৰ্ষত জি ডি পিৰ বৃদ্ধি ৪ শতাংশলৈ হ্ৰাস পায় ।

লগতে পঢ়ক:৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.