গুজৰাট উপকূলৰ সমীপত জব্দ পাকিস্তানী নাও

author img

By

Published : Sep 16, 2021, 12:38 PM IST

Indian Coast Guard apprehends Pak boat

মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট উপকূলৰ ওচৰত জব্দ কৰে এখন পাকিস্তানী নাও । লগতে আটক কৰে ১২ জন কৰ্মচাৰীক । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বুধবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে ।

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : অবৈধভাৱে ভাৰতৰ জলসীমা অতিক্ৰম কৰা এখন পাকিস্তানী নাও জব্দ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । মঙলবাৰে গুজৰাট উপকূলৰ ওচৰত নাওখন জব্দ কৰে । লগতে ১২ জন কৰ্মচাৰীকো আটক কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।

Indian Coast Guard apprehends Pak boat
গুজৰাট উপকূলৰ ওচৰত জব্দ পাকিস্তানী নাও

মঙলবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ 'ৰাজৰতন'ৰ জৰিয়তে নিৰীক্ষণ কৰি থকা অৱস্থাতে পাকিস্তানৰ নাও 'আল্লা পৱাৱাকাল'ক জব্দ কৰা হয় । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে, কমাণ্ডেণ্ট গৌৰৱ শৰ্মাৰ নেতৃত্বত চলা 'ৰাজৰতন' নামৰ জাহাজখনক প্ৰত্যাহ্বান জনাই নাওখন আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছিল ।

Indian Coast Guard apprehends Pak boat
গুজৰাট উপকূলৰ ওচৰত জব্দ পাকিস্তানী নাও

বৰ্তমান পাকিস্তানী নাওখন সন্দৰ্ভত যুটীয়াভাৱে অধিক তদন্ত চলোৱাৰ বাবে গুজৰাটৰ ওখালৈ স্থানান্তৰিত কৰা হৈছে বুলি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিছে । লগতে ধৃত ১২ জন কৰ্মচাৰীৰো জেৰা অব্যাহত আছে । উদ্ধাৰ অভিযান সন্দৰ্ভত, ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কয় যে, চলিত সপ্তাহত ডুব যোৱা এখন নাওৰ পৰা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: 75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.