Pregnancy Cough Home Remedies: গৰ্ভাৱস্থাৰ সময়ত কাহে আপোনাক অশান্তি দিছে নেকি ? ৬টা প্ৰাকৃতিক উপায়ে দিব সকাহ
Published: Mar 18, 2023, 12:15 PM


Pregnancy Cough Home Remedies: গৰ্ভাৱস্থাৰ সময়ত কাহে আপোনাক অশান্তি দিছে নেকি ? ৬টা প্ৰাকৃতিক উপায়ে দিব সকাহ
Published: Mar 18, 2023, 12:15 PM
গৰ্ভাৱস্থাত চৰ্দি আৰু কাহ হ'লে কি কৰিব ? ঔষধৰ উপৰিও আৰাম দিয়া আৰু শিশুৰ কোনো ক্ষতি নকৰা প্ৰাকৃতিক ঔষধৰ বিষয়েও জানি লওক ।
যিকোনো মহিলাৰ বাবে গৰ্ভাৱস্থা অতি সুক্ষ্ম পৰ্যায়(Pregnancy Cough Home Remedies)। এই সময়ত যদি চৰ্দি বা কাহ হয়, তেন্তে টোপনিও সম্পূৰ্ণ নহয় আৰু ইয়াৰ ফলত অশান্তি অনুভৱ হয় । কাহ চৰ্দিৰ পৰা উপশম পাবলৈ বহুতো ঔষধ উপলব্ধ যদিও সেৱনৰ পূৰ্বে মনত বহু প্ৰশ্নৰ উদয় হয়, যে শিশুৰ স্বাস্থ্যৰ ক্ষতি যাতে নহয় ৷ কাহ বা চৰ্দিৰ বহু ঘৰুৱা উপায় আছে, যাৰ কোনো পাৰ্শ্বক্ৰিয়া নহয়(6 natural remedies for Pregnancy Cough)।
গতিকে শিশুটিৰ কোনো ক্ষতি নকৰাকৈ গৰ্ভাৱস্থাj কাহৰ পৰা সকাহ পাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি জানো আহক(fastest way to cure a cough while pregnant) ।
ভাপ লোৱা
ডিঙিত কফ জমা হৈ থাকিলে ভাপ ল'লে বহুত সকাহ পোৱা যায় । ইয়াৰ ফলত কফ গলি তললৈ নামি যায় বা কাহ মাৰিলেই ওলাই আহে । ভাপ গ্ৰহণ কৰাৰ সময়ত ইয়াত ইউকেলিপ্টাছ তেল যোগ কৰিলে অধিক সকাহ পোৱা যায়(Home Remedies for a Cough During Pregnancy)।
নিমখীয়া পানীৰে গাৰ্গল কৰক
নিমখীয়া পানীত এন্টি-মাইক্ৰ’বিয়াল গুণ থাকে, যিয়ে প্ৰদাহ কমায় আৰু ডিঙিৰ বিষ শান্ত কৰে । কুহুমীয়া পানীৰে গাৰ্গল কৰিলে ডিঙিৰ পৰা কফ কাটি কাহ কমি যায় ।
আদাৰ চাহ
আদাত প্ৰাকৃতিকভাৱে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে কাহ কমোৱাত সহায় কৰে । মৌৰ লগত আদাৰ চাহ খালে ডিঙিৰ বিষ আৰু কাহৰ পৰা উপশম পোৱা যায় ।
চিকেন চূপ
চিকেন চূপত এন্টি-ইনফ্লেমেটৰী গুণো থাকে, যাৰ ফলত ডিঙিত ফুলা কম হয়, যাৰ ফলত কাহ কম হয় ।
মৌ
মৌৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যাৰ বাবে কাহ প্ৰাকৃতিকভাৱে কমি যায় । এচামুচ মৌ গৰম পানী বা চাহত মিহলাই খালে ডিঙিৰ বিষ আৰু কাহ কমি যায় ।
ভিটামিন-C
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত ভিটামিন-C উপযোগী । ই কাহ সৃষ্টি কৰা ইনফেক্সচনৰ সৈতে যুঁজ দিয়ে । গৰ্ভাৱস্থাত ভিটামিন-C সমৃদ্ধ খাদ্য খালে বা পৰিপূৰক খাদ্য গ্ৰহণ কৰিলে কাহৰ পৰা হাত সাৰিব পাৰি ।
লগতে পঢ়ক: Natural Pain Killers: পাকঘৰত থকা এই ৫বিধ সামগ্ৰীয়ে নাশ কৰিব যিকোনো বিষ
