ক'ভিডৰ ভয়াৱহতাৰ পৰা শিশুসকলক কেনেকৈ সকাহ দিব ?

author img

By

Published : Apr 12, 2021, 4:47 PM IST

ক'ভিডৰ ভয়াবহতাৰ পৰা শিশু সকলক কেনেকৈ সকাহ দিব ?

মহামাৰী ক'ভিডৰ পিছত হোৱা অনলাইন ক্লাছ, হোম কোৱাৰেণ্টাইন, সামাজিক মিলা-মিচাৰৰ অভাৱ, খেলা-ধূলাৰ অভাৱ আদি পৰিস্থিতিয়ে ইতিমধ্যেই শিশুসকলৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত বহুখিনি প্ৰভাৱ পেলাইছে । ইফালে অধিকাংশ শিশুৰ পিতৃ-মাতৃসকলে যিহেতু মহামাৰীৰ সময়চোৱাত হোৱা নানান অভাৱ-অনাটনৰ লগত মোকাবিলা কৰিবলগীয়া হৈ আহিছে ৷ এনে সময়ত শিশুসকলৰ এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগিব, সেই সম্পৰ্কে আইএএলএচৰ এই বিশেষ প্ৰতিবেদন ।

যোৱাটো বছৰৰ পৰা সমগ্ৰ বিশ্বত আৰম্ভ হোৱা ক'ভিড মহামাৰী আৰু তাৰ পাছতে হোৱা লক ডাউনে আমাৰ সমাজৰ সকলোৰে মনত এক ভয় আৰু শংকাৰ সৃষ্টি কৰি আহিছে । শিশুসকলে সাধাৰণতে এক নিৰাপদ পৰিৱেশৰ মাজত থাকি ভালপায় আৰু এওঁলোকে তেনেদৰেই ডাঙৰ হয় । কিন্তু এই ক'ভিডৰ পৰা সৃষ্টি হোৱা অনাকাংক্ষিত পৰিৱেশে শিশুসকলক শাৰীৰিকভাৱেও যথেষ্ট ক্ষতি সাধন কৰিছে ।

মহামাৰী ক'ভিডৰ পিছত হোৱা অনলাইন ক্লাছ, হোম কোৱাৰেণ্টাইন, সামাজিক মিলা-মিচাৰৰ অভাৱ, খেলা-ধূলাৰ অভাৱ আদি পৰিস্থিতিয়ে ইতিমধ্যেই শিশুসকলৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত বহুখিনি প্ৰভাৱ পেলাইছে । ইফালে অধিকাংশ শিশুৰ পিতৃ-মাতৃসকলে যিহেতু মহামাৰীৰ সময়চোৱাত হোৱা নানান অভাৱ-অনাটনৰ লগত মোকাবিলা কৰিবলগীয়া হৈ আহিছে ৷ সেয়ে এই সময়চোৱাত শিশুসকলৰ আবেগিক দিশসমূহত তেওঁলোকে যথেষ্ট গুৰুত্ব দিব পৰা হোৱা নাছিল । মুম্বাইৰ ফৰ্টিজ হাস্পতালৰ এগৰাকী শিশু বিশেষজ্ঞ জেচাল শেঠে এইদৰে মন্তব্য কৰে ।

এনে সময়ত শিশুসকলৰ এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগিব, সেই সম্পৰ্কে আইএএলএচৰ এই বিশেষ প্ৰতিবেদন ।

ক'ভিড মহামাৰীয়ে শিশুসকলৰ বাঢ়ি যোৱা, খেলা-ধূলা, শিক্ষা, ব্যৱহাৰ আদি সকলো দিশৰ ওপৰতে প্ৰভাৱ পেলাইছে । শিশুসকলে যথেষ্ট চাপৰ সম্মুখীন হ'বলগীয়া হৈছে এই সকলো ক্ষেত্ৰতে । এইসমূহ সমস্যাৰ ওপৰিও তেওঁলোকে এই সময়চোৱাত আবেগিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে । তেওঁলোকে বিদ্যালয়লৈ যাব পৰিব নে নাই অথবা সমনীয়াসকলৰ লগত আৰু খেলিবলৈ পাব নে নাই, সেয়া হ'ল শিশুসকলৰ মনত সৃষ্টি হোৱা এক সাধাৰণ সমস্যা । ক'ভিডৰ ফলত সৃষ্টি হোৱা বিভিন্ন পৰিস্থিতিয়ে ইতিমধ্যেই তেওঁলোকৰ মনত এক বিৰূপ প্ৰভাৱ পেলাইছে । ক'ভিডৰ পিছত সৃষ্টি হোৱা লক ডাউনে তেওঁলোকৰ ওপৰত এই যি প্ৰভাৱ পেলাইছে, সেয়া হয়তো সময়োচিত ব্যৱস্থা গ্ৰহণ নকৰিলে শিশুসকলৰ ওপৰত দীৰ্ঘকালৰ বাবে এক বেয়া প্ৰভাৱ পেলাব অথবা তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰতিকুল হ’ব পাৰে । জানো আহক শিশুসকলৰ এই সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি-

ভয় আৰু উদ্বিগ্নতা: এই সময়চোৱাত শিশুসকলৰ মনত সৃষ্টি হোৱা ভয় তথা উদ্বিগ্নতাক মাক-দেউতাকে সাহস দি অথবা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শিকাই তাক সমাধান কৰিব লাগিব । তেওঁলোকক পাৰ্যমানে সমস্যা সমাধানৰ দিশটোৰ ওপৰত শিকাব লাগে ।

ককাক-আইতাকৰ লগত সময় কটাবলৈ দিব লাগে: শিশুসকলক আমি ককাক-আইতাকৰ লগত অধিক সময় কটাবলৈ দিব লাগে ।

ৰুটিন: শিশুসকলক এক নিয়মীয়া ৰুটিনৰ মতে কাম কৰিবলৈ শিকাব লাগে । তেওঁলোকে ঘৰত থাকিলেও যদি আমি তেওঁলোকক এক নিৰ্দিষ্ট ৰুটিন অনুসৰণ কৰিবলৈ শিক্ষা দিওঁ, তেতিয়া তেওঁলোকে নিয়মানুৱৰ্তিতাৰ বিষয়ে সঠিকভাৱে জানিব পাৰে আৰু পাছলৈও যাতে ইয়াক অনুসৰণ কৰিব পাৰে । ইয়াৰ বাহিৰেও পিতৃ-মাতৃয়ে তেওঁলোকক সময় দিব লাগিব । তাৰোপৰি খেলা, পৰিপাটিকৈ থকা আৰু সকলোৰে প্ৰতি ভাল ব্যৱহাৰৰ বিষয়ে শিক্ষা প্ৰদান কৰিব লাগে ।

ঘৰুৱা খেল-ধেমালি: পিতৃ-মাতৃয়ে শিশুসকলৰ লগত বিভিন্ন ঘৰুৱা খেল-ধেমালি কৰিব লাগে । ইয়াৰ বাহিৰেও ঘৰুৱা কাম-কাজ শিকোৱাটো জৰুৰী, যিয়ে তেওঁলোকক সামাজিক দায়িত্ববোধৰ বিষয়ে বহু কথা শিকাব পাৰে ।

ভাৰ্চুৱেল কথা বাৰ্তা: শিশুসকলক সমনীয়াৰ লগতে ভাৰ্চুৱেল কথা-বাৰ্তাৰ বাবে অনুপ্ৰাণিত কৰিব লাগে । তেওঁলোকৰ সমনীয়াৰ সৈতে ভাৰ্চুৱেল সংযোগ স্থাপন কৰি বিভিন্ন কাৰ্যসূচী বা আন বিষয়ৰ বাবে অভিভাৱকে সময় দিব লাগে ।

তাৰোপৰি শিশুসকলক তেওঁলোকৰ আবেগিক দিশটোৰ প্ৰতি অধিক নজৰ দিব লাগে । আমি তেওঁলোকক মাস্ক পিন্ধা বা হাত ধোৱাৰ কথা তেওঁলোকে বুজিব পৰাকৈ বুজাই ক’ব লাগে ৷ মহামাৰী ক'ভিড ভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ তেওঁলোকক ক'ভিডৰ নিয়মসমূহ পালন কৰি গ’লে হ'ব পৰা ভাল ফলাফলবোৰৰ বাবে বুজাই অনুপ্রাণিত কৰিব লাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.