Jaggery: খাদ্য খোৱাৰ পিছত খাওক গুড়, আপোনাৰ শৰীৰে লাভ কৰে এইসমূহ উপকাৰিতা

author img

By

Published : May 23, 2023, 3:22 PM IST

Health Benefits of Eating Jaggery or Gur After Every Meal

যুৱ প্ৰজন্মৰ মাজত গুড় ইমান জনপ্ৰিয় নহ’বও পাৰে, কিন্তু আজিও আহাৰ খোৱাৰ পিছত গুড় খোৱা বা গুড়ৰ সৈতে পানী খোৱাটো আমাৰ দেশত তেনেই সাধাৰণ কথা । আহাৰ খোৱাৰ পিছত গুড় খালে আমাৰ শৰীৰে কি কি উপকাৰি লাভ কৰে সেই বিষয়ে জানো আহক ।

গুড় আমাৰ দেশত এক প্ৰাকৃতিক মিঠাই হিচাপে পৰিচিত । যুৱক-যুৱতীসকলৰ মাজত হয়তো আজিকালি গুড় বৰ বেছি জনপ্ৰিয় নহয়, কিন্তু বয়োজ্যেষ্ঠসকলে আজিৰ সময়তো গুড়েৰে দিনটো আৰম্ভ কৰে । গুড়ৰ পানী খাবলৈ তেওঁলোকে কেতিয়াও পাহৰি নাযায় । আচলতে কুঁহিয়াৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা এইবিধ মিঠা পদাৰ্থ পুষ্টিকৰ উপাদানৰে ভৰপূৰ । আইৰণৰ পৰা কেলচিয়ামলৈকে উপাদানেৰে গুড় পৰিপূৰ্ণ ।

বহুলোকে খাদ্য খোৱাৰ পিছত গুড় নিশ্চয় গ্ৰহণ কৰে । গুড় সেৱন কৰিলে শৰীৰৰ বাবে অতি উপকাৰী । ই শৰীৰক বহুতো পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ কৰি ৰাখে । এই কাৰণেই মানুহক খাদ্য খোৱাৰ পিছত গুড় সেৱন কৰিবলৈও পৰামৰ্শ দিয়া হয় । অৱশ্যে ইয়াৰ অত্যধিক সেৱনো পৰিহাৰ কৰিব লাগে । সেয়ে খাদ্য খোৱাৰ পিছত গুড় খালে আপোনাৰ শৰীৰে কি কি উপকাৰ লাভ কৰিব পাৰে সেই বিষয়ে জানো আহক ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক: শৰীৰক শক্তিৰে ভৰপূৰ কৰি ৰাখিব বিচাৰিলে বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো বিচাৰে, তেন্তে খাদ্য খোৱাৰ পিছত গুড় খাবলৈ আৰম্ভ কৰিব লাগে ।

ওজন কম কৰাত সহায় কৰে: যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে আপুনি দৈনিক গুড় সেৱন কৰিব পাৰে । খাদ্য খোৱাৰ পিছত গুড় খোৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই হজম শক্তি উন্নত কৰে, যিটো ওজন কমাবলৈ উপকাৰী বুলি প্ৰমাণিত হয় ।

পাচনতন্ত্ৰ মজবুত কৰে: কোনোবাই যদি পাচনতন্ত্ৰ মজবুত কৰিব বিচাৰে, তেন্তে তেওঁ দৈনিক গুড় সেৱন কৰিব লাগে । এই কাম কৰিলে গেছ, বদহজম আৰু বমিৰ দৰে অভিযোগৰ পৰা মুক্তি পোৱা যায় ।

ৰক্তচাপ নিয়ন্ত্ৰণ: যদি আপুনি ৰক্তচাপৰ ৰোগত আক্ৰান্ত, তেন্তে গুড় খাবলৈ আৰম্ভ কৰিব লাগে । গুড় খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।

হাড় মজবুত কৰক: গুড় খালে শৰীৰৰ হাড় মজবুত হয় । কেলচিয়াম, ফছফৰাছ আদি পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে গুড় হাড়ৰ বাবে উপকাৰী ।

লগতে পঢ়ক: Chest Pain: বুকুৰ বিষ অনুভৱ কৰে নেকি ? তেতিয়াহ’লে সাৱধান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.