HBD Aamir Khan: ৫৮ বছৰ বয়সতো এনেদৰে নিজকে ফিট ৰাখিছে অভিনেতা আমিৰ খানে

author img

By

Published : Mar 14, 2023, 1:28 PM IST

HBD Aamir Khan Aamir Khans Dangal Workout and Diet Plan

অভিনেতা আমিৰ খানে কেৱল নিজৰ চৰিত্ৰবোৰত ভালদৰে অভিনয় কৰাই নহয়, নিজৰ ফিটনেছৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিয়ে । ৫৮ বছৰ বয়সতো আমিৰে কেনেকৈ নিজকে সুস্থ আৰু ফিট কৰি ৰাখিছে জানো আহক ।

আজি (১৪ মাৰ্চ) বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট অভিনেতা আমিৰ খানৰ জন্মদিন । আজি ৫৮ বছৰ সম্পূৰ্ণ কৰিলে আমিৰে (Aamir khan Birthday)। ৩২ বছৰীয়া চলচ্চিত্ৰ জীৱনত আমিৰে অভিনয়, চলচ্চিত্ৰ নিৰ্মাণ, পৰিচালনা, টিভি টক শ্ব’ আয়োজন কৰা আদি দিশতো সফলতা লাভ কৰিছে । প্ৰতিখন ছবিতে আমিৰে নিজৰ শ্ৰেষ্ঠ অভিনয়েৰে তথা নিজৰ শ্ৰেষ্ঠ চৰিত্ৰৰে অনুৰাগীৰ হৃদয়ত থিতাপি ল'বলৈ সক্ষম হৈছে(Aamir Khans Dangal Workout and Diet Plan)।

আমিৰৰ ফিটনেছৰ কথা ক’বলৈ গ’লে ৫৮ বছৰ বয়সতো তেওঁক কলেজীয়া ছাত্ৰৰ দৰেই দেখা যায় । ছবিৰ চৰিত্ৰ অনুসৰি তেওঁ সেই চৰিত্ৰত ভালদৰে নিজকে খাপ খুৱাব জানে । ‘দংগল’ ছবিত যেতিয়া মহাবীৰ সিং ফ’গাটৰ চৰিত্ৰত তেওঁ যেতিয়া অভিনয় কৰিছিল, তেতিয়া তেওঁ ভূমিকাটোৰ বাবে ওজন বঢ়াবলগীয়া হৈছিল আৰু আমিৰে সেই হিচাপে তেওঁ ওজনো বঢ়াইছিল । পিছত কঠোৰ পৰিশ্ৰম কৰি তেওঁ আকৌ ফিট শৰীৰ এটা গঢ়ি তুলিবলৈ সক্ষম হৈছিল । দংগলৰ পিছত আমিৰ খানৰ ওজন হ্ৰাসৰ সলনি হোৱা দেখি সকলোৱে আচৰিত হৈছিল ।

ইয়াৰ লগতে তেওঁ পি কে ছবি ধুম ৩তো এক আচৰিত শৰীৰ গঢ়ি তুলিছিল । সেয়ে জানো আহক যে কেনেকৈ অতি শীঘ্ৰে মিষ্টাৰ পাৰ্ফেচনিষ্ট আমিৰ খানে নিজকে শাৰীৰিকভাৱে ফেটৰ পৰা ফিটলৈ ৰূপান্তৰিত কৰে (Aamir khan Fitness & Diet Secrets in hindi)।

আমিৰ খানৰ ফিটনেছ-ডায়েট ৰুটিন (Aamir Khan Diet & Fitness Routine)

আমিৰ খানে নিজৰ ফিট শৰীৰটোক চেপত ৰাখিবলৈ মূল তিনিটা কথা মনত ৰাখে, সুষম আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, নিয়মীয়া ৱৰ্কআউট ৰুটিন আৰু পৰ্যাপ্ত জিৰণি । তেওঁৰ মতে, যদি আপুনিও এই তিনিটা মন্ত্ৰ মানি চলে তেন্তে আপুনিও ফিট আৰু টোনড শৰীৰৰ গৰাকী হ'ব পাৰে । লগতে দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব পাৰে ।

এইদৰে ‘দংগল’ৰ পিছত এনেদৰে আমিৰে ওজন হ্ৰাস কৰিলে

আমিৰে ‘দংগল’ত ওজন বৃদ্ধিৰ বাবে সকলো ধৰণৰ জাংক ফুড সেৱন কৰিবলৈ আৰম্ভ কৰিলে । যেতিয়া তেওঁ ছবিখনত ফিট ৰেছলাৰ লুকত দেখাবলগীয়া হৈছিল, তেতিয়া তেওঁৰ ওজন প্ৰায় ২৮ কিলোগ্ৰাম কমি গৈছিল । ইয়াৰ বাবে বিশেষ কেলৰি ডায়েট প্লেন মানি চলি পাঁচ মাহৰ ভিতৰতে তেওঁ চৰ্বিৰ পৰা ফিট হৈ মানুহক আচৰিত কৰি তুলিলে । যদি আপুনিও ডায়েট প্লেন সঠিকভাৱে মানি চলে তেন্তে আপুনি শৰীৰক চেপত আনিব পাৰে । ব্যায়ামৰ লগতে খাদ্যও সঠিক হ’ব লাগে, অন্যথা ফলাফল সঠিক নহ’বও পাৰে ।

আমিৰ খানে ফিট হৈ থাকিবলৈ এই বিশেষ খাদ্য গ্ৰহণ কৰে (Aamir Khan Diet Plan)

আমিৰ খানৰ খাদ্য পৰিকল্পনাত সমান পৰিমাণৰ চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰটিন অন্তৰ্ভুক্ত কৰা হৈছে । আমিৰে স্বাস্থ্যসন্মত খাদ্য, ভেজ আৰু নন-ভেজ দুয়োটা খাবলৈ ভাল পায় । লেমনেড খাবলৈও তেওঁ ভাল পায় । শৰীৰত শক্তি বজাই ৰাখিবলৈ তেওঁ মিঠা আলু সেৱন কৰে । এবাৰতে বেছিকৈ খোৱাৰ পৰিৱৰ্তে সৰু সৰু আহাৰ খোৱাটোৱেই বেছি পছন্দ কৰে । খোৱাপানীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে । তেওঁ নিশ্চিতভাৱে ৱৰ্কআউট কৰাৰ আগতে আৰু পিছত পানী খায় । শুকান ফল, বাদাম, প্ৰটিন শ্বেক আদিও মাজতে খালে ভাল । আমিৰে ফলমূলত আপেল, কল আদি খাই ভাল পায় । গাখীৰ, ব্ৰাউন ব্ৰেড, অমলেট, বিৰিয়ানী আদি খাই ভাল পায় । তেওঁৰ ফিটনেছৰ ৰহস্য হ’ল স্বাস্থ্যসন্মত খাদ্যাভ্যাস, দৈনিক ব্যায়াম, সুষম খাদ্য । লগতে তেওঁ কেলৰিৰ গণনাও অনুসৰণ কৰে । খাদ্যৰ ক্ষেত্ৰত তেওঁ ইমান বাছনি নকৰে তেওঁ যি ঠাইত বা য’তেই নাযাওক কিয়, তেওঁ সেই স্থানৰ বিশেষ খাদ্যৰ সোৱাদ নিশ্চিতভাৱে লয় ।

আমিৰ খানৰ ৱৰ্কআউট ৰুটিন(Aamir Khan Workout Routines)

ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে আমিৰে ষ্ট্ৰেচিং কৰে আৰু তাৰ পিছত কুল আৰু ৰিলেক্স এক্সাৰচাইজ কৰে । ষ্ট্ৰেচিঙে পেশী আৰু গাঁঠিবোৰৰ ৱাৰ্ম আপ হয়, লগতে ভাগৰ আৰু অৱসাদ কমি যায় । শৰীৰৰ বিভিন্ন অংশ শক্তিশালী কৰিবলৈ সপ্তাহত সাত দিন বিভিন্ন ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ে । আমিৰে সোমবাৰে বুকুৰ ব্যায়াম, মঙলবাৰে কান্ধৰ ব্যায়াম, বুধবাৰে পিঠিৰ ব্যায়াম, বৃহস্পতিবাৰে বাইচেপ ব্যায়াম, শুকুৰবাৰে ট্ৰাইচেপছ ব্যায়াম, শনিবাৰে ভৰিৰ ব্যায়াম আৰু দেওবাৰে এব্ছৰ ব্যায়াম কৰে । লগতে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ তেওঁ দিনে ৮ ঘন্টা টোপনি লয় ।

লগতে পঢ়ক: Benefits of Tulsi Aloevera Juice: পেট ঠাণ্ডা কৰিবলৈ খাওক তুলসী আৰু এলোভেৰাৰ এই ৰস, জানি লওক ৰেচিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.