Russia Ukraine Conflict : ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ হাৰিয়ানাৰ নেহাৰ

author img

By

Published : Feb 28, 2022, 9:35 AM IST

Haryana girl in Ukraine refuses to be evacuated, stays back to protect house-owner's family

সংবাদ শীৰ্ষত ইউক্ৰেইনত থকা ভাৰতৰ জীয়ৰী নেহা চাংৱান ৷ হাৰিয়ানাৰ 17 বছৰীয়া যুৱতীগৰাকীয়ে যুদ্ধৰ সময়ত (Russia Ukraine Conflict) দেশখনৰ পৰা ভাৰতলৈ ঘূৰি আহিব বিচৰাৰ (Neha Sangwan refuses to leave Ukraine) পৰিৱৰ্তে তাতে থাকিব বিচাৰে ৷ ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ সময়ত নেহাই বাস কৰা পিজি-টোৰ ঘৰৰ গৰাকীয়ে স্বেচ্ছাই ইউক্ৰেইনৰ সেনাবাহিনীত যোগদান কৰি দেশৰ হকে সেৱা আগবঢ়াইছে ৷ সেয়েহে যুৱতীগৰাকীয়ে পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ অনুপস্থিতিত তিনিটাকৈ শিশুৰ দায়িত্ব লয় ৷

নেশ্য়নেল ডেস্ক, 28 ফেব্ৰুৱাৰী : ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধ (Russia Ukraine Conflict) ৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, যুদ্ধৰ সময়ত ইউক্ৰেইনক সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ অস্বীকাৰ কৰিছিল বন্ধুত্বপূৰ্ণ ভাৱাপন্ন বহুকেইখন দেশে ৷ কিন্তু শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ইউক্ৰেইনত থকা ভাৰতৰ জীয়ৰী নেহাই ৷ হাৰিয়ানাৰ নেহাই এই সময়ত দেশখন এৰিবলৈ অস্বীকাৰ কৰি (Neha Sangwan refuses to leave Ukraine) তেওঁ বসবাস কৰি থকা হোষ্টেলৰ স্বত্বাধিকাৰীৰ সৈতে এটা বাংকাৰত দিন কটাইছে ৷

এয়া মানৱীয় মূল্যবোধ, সহানুভূতি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ কাহিনী, যিয়ে যুদ্ধৰ সময়তো আমাক একেলগে বান্ধি ৰাখে । ইউক্ৰেইনত এমবিবিএছৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰি থকা হাৰিয়ানাৰ জীয়ৰীগৰাকীয়ে সুযোগ লাভ কৰা স্বত্বেও যুদ্ধবিধ্বস্ত দেশখন এৰিবলৈ অস্বীকাৰ কৰিছে ৷

উল্লেখ্য যে, ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ সময়ত নেহাই বাস কৰা পিজি-টোৰ ঘৰৰ গৰাকীয়ে স্বেচ্ছাই ইউক্ৰেইনৰ সেনাবাহিনীত যোগদান কৰি দেশৰ হকে সেৱা আগবঢ়াইছে ৷ সেয়েহে যুৱতীগৰাকীয়ে পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ অনুপস্থিতিত তিনিটাকৈ শিশুৰ দায়িত্ব লয় ৷

নেহাই কয়, "মই জীয়াই থাকিব পাৰো নে নকৰোঁ, কিন্তু মই এই শিশুসকল আৰু তেওঁলোকৰ মাকক এনে পৰিস্থিতিত এৰি নিদিম,"(Haryana girl in Ukraine refuses to be evacuated) ৷ খুড়ীয়েক সবিতা জাখৰৰ সৈতে হোৱা টেলিফ’নিক বাৰ্তালাপত এই কথা প্ৰকাশ কৰে নেহাই ৷

নেহাৰ মাতৃ হাৰিয়ানাৰ চাৰ্খি দাদৰী জিলাৰ এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে । নেহাৰ প্ৰয়াত পিতৃয়ে ভাৰতীয় সেনাত কাৰ্যনিৰ্বাহ কৰিছিল ৷ বিগত বৰ্ষত নেহাই ইউক্ৰেইনৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে নাম ভৰ্তি কৰে ৷

"আমি বাহিৰত বিস্ফোৰণৰ শব্দ নিৰন্তৰভাৱে শুনি আছো, কিন্তু আমি আটাইয়ে কুশলে আছো" বুলি যুৱতীগৰাকীয়ে পৰিয়ালৰ এগৰাকী বন্ধুক অৱগত কৰে ৷

নেহাৰ খুড়ীয়েক সবিতা জাখৰে কৈছিল, "নেহাই দেশখনত বাস কৰা ঘৰটোৰ পৰিয়ালৰ সৈতে একাত্ম হৈ পৰিছিল ৷ যাৰ বাবে যুদ্ধ আসন্ন হোৱাৰ ইংগিত লাভ কৰা স্বত্বেও দেশখন এৰি যাবলৈ বিচৰা নাছিল ৷ ইয়াৰ লগতে পৰিয়ালটোক এই সময়ত অকলশৰীয়া কৰিব নিবিচাৰি তেওঁলোকৰ সৈতে বাংকাৰত একেলগে আছে" ৷

ইফালে, প্ৰাক্তন মন্ত্ৰী সতপাল চাংৱানে নেহাৰ সিদ্ধান্তক প্ৰশংসা কৰি কয়, "ইউক্ৰেইনৰ পৰিস্থিতিৰ মাজতে দাদৰীৰ কন্যাই মানৱতাৰ এক মহান উদাহৰণ দাঙি ধৰিছে । আমি তেওঁৰ আত্মাক প্ৰশংসা কৰো আৰু নেহা দাদৰীলৈ উভতি অহাৰ পিছত সম্বৰ্ধনা জনাম" ৷

একেদৰে, বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি সুখবিন্দৰ শ্বেওৰানেও নেহাক এই কাৰ্যৰ বাবে প্ৰশংসা কৰে । "কেন্দ্ৰ চৰকাৰৰ লগতে হাৰিয়ানা চৰকাৰে দেশখনত আৱদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে ৷ শ্বহীদ কন্যা হিচাপে নেহাই যুদ্ধ শেষ হোৱালৈকে দেশখনতে থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷

লগতে চাওক: Russia Ukraine war: আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.