ভাৰত জোড়ো যাত্ৰাই প্ৰমাণ কৰিছে ৰাহুল গান্ধী এজন নেতা : হৰিশ ৰাৱাট

author img

By

Published : Sep 18, 2022, 8:07 PM IST

Harish Rawat

ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৰাহুল গান্ধী কেনেদৰে দল আৰু বিৰোধী দুয়োৰে বাবে "নেতা" সেই সন্দৰ্ভত বক্তব্য ৰাখে (Rahul Gandhi leader of congress and oppositions) । প্ৰবীণ ৰাজনীতিবিদজনে তেওঁৰ প্ৰাক্তন সহকৰ্মী গোলাম নবী আজাদকো সমালোচনা কৰে । কিছুদিন পূৰ্বে দেশৰ আাটাইতকৈ পুৰণি দলটো ত্যাগ কৰিছে আজাদে ।

নেচনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : কংগ্ৰেছ কৰ্মীসকলে ৰাহুল গান্ধীক পৰৱৰ্তী দলৰ সভাপতি হোৱাটো বিচাৰে । কিন্তু সিদ্ধান্ত লোৱাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে । উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে দেওবাৰে ৱায়ানাডৰ সাংসদগৰাকীৰ সমৰ্থনত এনেদৰে কয় (Harish Rawat on rahul gandhi)।

"আমি সকলোৱে ৰাহুল গান্ধীক পৰৱৰ্তী কংগ্ৰেছ সভাপতি হোৱাটো বিচাৰোঁ (Rahul Gandhi to be next Congress president) । কৰ্মীসকলে সেইটো হোৱাটো বিচাৰে । কিন্তু সিদ্ধান্ত লোৱাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছে ।" ৰাৱাটে ইটিভি ভাৰতক এক বিশেষ সাক্ষাৎকাৰত এনেদৰে কয় ।

গান্ধী পৰিয়ালৰ অনুগত ৰাৱাটে কয়, "অৱশ্যে এটা কথা স্পষ্ট যে চলিত ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra of congress) প্ৰতি জনসাধাৰণৰ সঁহাৰিয়ে দেখুৱাইছে যে ৰাহুল গান্ধী কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধীদলৰ নেতা ।"

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মতে, "ভাৰত জোড়ো যাত্ৰাৰ ফলাফল হিমাচল প্ৰদেশ আৰু গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিফলিত নহ'ব । কিয়নো নিৰ্বাচনৰ প্ৰস্তুতি সাধাৰণতে এবছৰ বা দুবছৰ আগতে আৰম্ভ হয় আৰু মুখ্যতঃ স্থানীয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় ।"

"অৱশ্যে যাত্ৰাৰ প্ৰভাৱ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ (2024 national elections) আগতে দেখা যাব ।" ৰাৱাটে লগতে কয় ।

আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ নেতা নীতিশ কুমাৰে (Bihar chief minister Nitish Kumar) ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য গঢ়ি তুলিবলৈ গুৰুত্বপূৰ্ণ সেতু গঢ়িব পাৰে বুলিও কংগ্ৰেছৰ প্ৰবীণ নেতাজনে কয় । দলৰ প্ৰাক্তন নেতা গোলাম নবী আজাদৰ সৈতে কেইবা দশক ধৰি কাম কৰি অহা ৰাৱাটে কয় যে, প্ৰবীণ নেতাজনে কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ বি টীম হিচাবে খেল খেলি নিজকে উন্মোচিত কৰিছে (Ghulam Nabi Azad quit congress) ।

"আজাদে নিজকে উন্মোচিত কৰিছে । তেওঁৰ ওপৰত মন্তব্য দিয়াৰ কোনো অৰ্থ নাই । কিয়নো এইটো তেওঁক অযথা মনোযোগ দিয়াৰ দৰে হ'ব ।" ৰাৱাটে কয় । তেওঁ কয়, "আজাদে জম্মু-কাশ্মীৰত বিজেপিৰ খেল খেলিব আৰু তাত গেৰুৱাবিৰোধী দলৰ ভোটত আঘাত হানিব ।"

উল্লেখ্য, ৰাহুল গান্ধীৰ ওপৰত ৰাৱাটৰ এই মন্তব্য সিদিনাখনেই আহে যিদিনা ৰাজস্থান আৰু ছত্তীশগড়ৰ দলীয় গোটসমূহে ৱায়ানাডৰ সাংসদগৰাকী দলৰ পৰৱৰ্তী মুৰব্বী হ'ব লাগে বুলি প্ৰস্তাৱ গৃহীত কৰে । আগন্তুক দিনবোৰত অধিক ৰাজ্যিক গোটে একে ধৰণৰ প্ৰস্তাৱ গৃহীত কৰিব বুলি আশা কৰা হৈছে । ২৪-৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰৱৰ্তী দলৰ সভাপতি পদৰ বাবে মনোনয়নৰ আগতে এই প্ৰক্ৰিয়া আগবাঢ়ি । প্ৰয়োজন হ'লে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ'ব (harish rawat on rahul gandhi and ghulam nabi azad)।

উল্লেখ্য, কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বিষয়টোৱে দেশজুৰি মনোযোগ আকৰ্ষণ কৰিছে । কিয়নো বৰ্তমানৰ মুৰব্বী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱস্থা ভাল নহয় । আনহাতে, ৰাহুল গান্ধীয়ে এই বিষয়ত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াবনে নাই সেয়াও স্পষ্ট কৰা নাই । যাৰ ফলত এজন অনা গান্ধী পৰিয়ালৰ লোক দলটোৰ মুৰব্বী হ'ব পাৰে বুলিও অনুমান কৰা হৈছে ।

"দলৰ সভাপতিৰ নিৰ্বাচন এক মসৃণ বিষয় হ'বলৈ গৈ আছে । এইটো এনেদৰে কৰা হ'ব য'ত আমি আমাৰ ভৰিৰ পৰা এডাল সৰু কাঁইটো উলিয়াই আনিম । আমি সকলোৱে কিছু সময় অপেক্ষা কৰা উচিত । কিয়নো দলটোৰ সম্পূৰ্ণ মনোযোগ ভাৰত জোড়ো যাত্ৰাৰ ওপৰত আছে ।" ৰাৱাটে কয় ।

নেতৃত্বৰ বিষয়টোক লৈ দলটোত কোনো বিভ্ৰান্তি নাছিল । কিন্তু কংগ্ৰেছৰ গণতান্ত্ৰিক সংস্থাপন থকাৰ বাবে বিষয়টোৱে পুৰণি বিশাল দলটোত পুনৰ সন্মুখীন হৈ থাকে । প্ৰবীণ নেতাজনে কয় । "কংগ্ৰেছ এটা গণতান্ত্ৰিক দল । সংগঠনটোৰ ভিতৰত বহু নেতা আছে । বিভিন্ন নেতা আৰু কৰ্মীয়ে যি কয় সেয়া প্ৰকৃততে তেওঁলোকৰ অনুভূতি । এইটো গান্ধী পৰিয়ালৰ বিৰুদ্ধে নহয় । এইবোৰ পাৰ্টীত চলিয়ে থাকে ।" ৰাৱাটে কয় ।

ইফালে ৰাহুলৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাই বহুতো লাভালাভ আনিছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । "মই প্ৰথমতে এই কথাটো উল্লেখ কৰিব বিচাৰোঁ যে, যাত্ৰাটোৱে কেৱল মুছলমানসকলৰ মাজতেই নহয়, সমাজৰ এক বিস্তৃত অংশৰ জনসাধাৰণৰ মাজত প্ৰচলিত নিৰাপত্তাহীনতাৰ অনুভূতিৰ বিষয়টো সমাধান কৰিছে । তেওঁলোকে এটা কণ্ঠস্বৰৰ বাবে অপেক্ষা কৰি আছিল যিয়ে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বিষয়ে কথা পাতিব । তেওঁলোকে কংগ্ৰেছত সেই কণ্ঠস্বৰ বিচাৰি পাইছে ।" ৰাৱাটে কয় ।

তেওঁ কয় লগতে, "এই যাত্ৰাই মূল্যবৃদ্ধি, নিবনুৱা, অসহিষ্ণুতা, অৰ্থনীতি আৰু সীমান্ত সুৰক্ষাৰ দৰে জ্বলন্ত সমস্যাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে, যিবোৰে শেহতীয়াকৈ জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰা নাছিল ।" চিডব্লিউচি (CWC) সদস্যজনৰ মতে, এই যাত্ৰাই কেৱল কংগ্ৰেছক শক্তিশালী কৰাই নহয়, লগতে বৃহত্তৰ বিৰোধী ঐক্যক বাধা প্ৰদান কৰা সমস্যাবোৰো সমাধান কৰিব ।

"বিৰোধীপক্ষক বিভক্ত হিচাপে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছিল আৰু ভাৰতত কোনো বিৰোধী আছেনে নাই তাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰা হৈছিল । যাত্ৰাৰ সঁহাৰিয়েই দলবোৰক সেই উমৈহতীয়া কাৰণটো চোৱাত সহায় কৰিব ।" ৰাৱাটে কয় । "নিজৰ মাজত যুঁজ দিয়াৰ সলনি বিৰোধীৰ মনোযোগ বিজেপিৰ বিৰুদ্ধে তীক্ষ্ণ হ'ব । প্ৰধানমন্ত্ৰী মোদীক পৰাজিত কৰিব নোৱাৰি বুলি ভবা প্ৰক্ষেপণ কমি যাব ।" তেওঁ কয় (Sonia Gandhi health condition) ।

বিৰোধী ঐক্যৰ আলোচনাৰ মাজতে টিএমচি আৰু আপৰ দৰে দলসমূহে মুকলিকৈ কংগ্ৰেছক আক্ৰমণ কৰি আছে বুলি উল্লেখ কৰাৰ সময়ত প্ৰবীণ নেতাজনে কয় যে, তেওঁলোকৰ বেছিভাগ প্ৰতিক্ৰিয়া ৰাজ্যৰ ৰাজনীতিৰ ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে হৈছে । "আমি পশ্চিমবংগত টিএমচি আৰু দিল্লী আৰু পঞ্জাৱত আপৰ বিৰুদ্ধে যুঁজ দিছোঁ । আমি আমাৰ বিৰোধী ধৰ্ম অনুসৰণ কৰোঁ আৰু তেওঁলোকৰ নিজা বাধ্যবাধকতা আছে । কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত আমি এক উমৈহতীয়া স্থিতি গ্ৰহণ কৰোঁ । যাত্ৰাটোৱে এই ৰাষ্ট্ৰীয় স্থিতি কঢ়িয়াই আনিব ।" ৰাৱাটে কয় ।

অৱশ্যে যদিও ৰাৱাটে চলিত দেশব্যাপী যাত্ৰাৰ পৰা লাভালাভৰ হিচাব কৰিছে, তেওঁ স্বীকাৰ কৰিছে যে দলটোৱে সংগঠনটো শক্তিশালী কৰাৰ প্ৰয়োজন । "মানুহে আমাক আশীৰ্বাদ প্ৰদান কৰিছে । কিন্তু আমিও নিশ্চিত কৰিব লাগিব যে আমি সেই সকলো আশীৰ্বাদ সংগ্ৰহ কৰিবলৈ যাতে সক্ষম হওঁ । তাৰ বাবে আমাক এক শক্তিশালী সংগঠনৰ প্ৰয়োজন ।" তেওঁ কয় ।

লগতে পঢ়ক :চিতা প্ৰকল্পক 'তামাচা' আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.