Subhas Chandra Bose Jayanti 2023: নেতাজীক লৈ কি ক'লে মোহন ভাগৱতে ?

author img

By

Published : Jan 23, 2023, 2:05 PM IST

Subhas Chandra Bose Jayanti 2023

মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী দেশজুৰি উদযাপন কৰা হৈছে (Subhas Chandra Bose Jayanti 2023)। ইয়াৰ মাজতে এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে নেতাজীক স্মৰণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁৰ মতে নেতাজীক ভাগ্যই লগ দিলে বহু আগতে দেশ স্বাধীন হ'লহেঁতেন ।

নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : দেশজুৰি পালন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী (Netaji Birthday 2023)। এই বিশেষ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) প্ৰধান মোহন ভাগৱতৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ এক ভাষণ প্ৰসংগত কয় যে মহান স্বাধীনতা সংগ্ৰামীৰ বাবে কোনেও একো কৰা নাই তথাপিও তেওঁ দেশৰ বাবে সকলো ত্যাগ কৰিছিল ।

মোহন ভাগৱতে কয় যে নেতাজী এগৰাকী আদৰ্শ নেতা যিয়ে নিস্বাৰ্থভাৱে দেশৰ সেৱাত ব্ৰতী হৈছিল আৰু সকলোৰে বাবে সমানে কাম কৰিছিল । তেওঁৰ মনত কোনো ভেদভাৱ নাছিল । সেয়েহে, তেওঁক নেতাজী বুলি জনা যায় বুলি কয় আৰএছএছ প্ৰধানে (Mohan Bhagwat praises Netaji)।

ভাগৱতে নেতাজীৰ প্ৰশংসা কৰি কয় যে তেওঁক এগৰাকী যোদ্ধাৰ লগতে নেতা বুলি অভিহিত কৰা হৈছিল । তেওঁ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল । তেওঁ ম্যানমাৰৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল । যদি ভাগ্যই তেওঁক সহায় কৰিলে হয়, নেতাজী ভাৰতত বহুদূৰ আগবাঢ়ি গ'লহেঁতেন । যদি তেওঁ সফল হ'লহেঁতেন, ভাৰত বহু আগতেই স্বাধীন হ'লহেঁতেন বুলিও কয় মোহন ভাগৱতে । মঞ্চত প্ৰায় ২০ মিনিট ধৰি ভাষণ প্ৰদান কৰি নেতাজীক প্ৰশংসা কৰে ভাগৱতে (RSS Chief on Netaji Subhas Chandra Bose)।

আৰএছএছ প্ৰধানৰ মতে, ভাৰতৰ সকলোৰে এটাই লক্ষ্য আছিল আৰু সেয়া হৈছে স্বাধীনতা । কিছুমানৰ বাবে ই সহজ বা কঠিন হ'ব পাৰে । মতামত পৃথক হ'লেও নেতাজীয়ে বাছনি কৰা পথটো আছিল স্বাধীনতা লাভৰ বাবে আত্মসন্মানৰ...। তেওঁৰ উদ্দেশ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে একে আছিল বুলি দাবী কৰে ভাগৱতে ।

মোহন ভাগৱতে লগতে কয় যে নেতাজী ভাৰতৰ গৌৰৱ আৰু বিশ্বত ভাৰতৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে কাম কৰিছিল । তেওঁ দাবী কৰা মতে বৰ্তমান সংঘই (আৰ এছ এছ) সেই কামকে কৰি আছে । উন্নয়ন মানে কেৱল বিত্তীয় উন্নয়ন নহয় । আজি বিশ্বত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছে আৰু ভাৰতৰ নীতিক সন্মান জনোৱা হৈছে । নেতাজীয়ে সেইটোৱেই বিচাৰিছিল বুলিও তেওঁ উল্লেখ কৰে ।

নেতাজী জন্মজয়ন্তীত মহান নেতাগৰাকীক স্মৰণ কৰি মোহন ভাগৱতে কয় যে নেতাজীৰ নেতৃত্বৰ গুণাগুণৰ বাবে সকলোৱে তেওঁ মনত ৰাখিছে । তেওঁ সকলোৰে লগত থাকি নেতৃত্ব দিছিল । তেওঁ প্ৰতিভাশালী সকলক চিনাক্ত কৰিব পাৰিছিল । নেতাজী এগৰাকী নেতাৰ লগতে যুঁজাৰুও আছিল । আৰ এছ এছ প্ৰধানৰ মতে সেনা কমাণ্ডাৰসকলে সাধাৰণতে যুদ্ধলৈ নাযায় কিন্তু নেতাজী ছিংগাপুৰৰ পৰা অসমলৈ গৈছিল ।

লগতে পঢ়ক :Pakistani Hindu devotees reach Puri: পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কাৰাচীৰ হিন্দু ভক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.