H3N2 surge in India: নিজকে সুৰক্ষিত তথা সক্ৰিয় কৰি ৰাখিবলৈ কেইটিমান স্বাস্থ্য টিপছ
Published: Mar 17, 2023, 1:34 PM


H3N2 surge in India: নিজকে সুৰক্ষিত তথা সক্ৰিয় কৰি ৰাখিবলৈ কেইটিমান স্বাস্থ্য টিপছ
Published: Mar 17, 2023, 1:34 PM
ভাৰতত বৰ্তমান H3N2 ভাইৰাছে ক্ৰমাগতভাৱে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কোৰোণা ভাইৰাছৰ পৰা দেশদবাসীয়ে কিছু সকাহ লাভ কৰিছিল যদিও বৰ্তমান দেশত এই ভাইৰাছৰ উদ্ভৱ হোৱাত সকলো চিন্তিত হৈ পৰিছে ৷ এই ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজন(H3N2 surge in India)৷ সেয়ে আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান স্বাস্থ্য আৰু পুষ্টিৰ টিপছ যিবোৰ প্ৰকৃততে বিজ্ঞান আৰু যোগ্য বিশেষজ্ঞৰ মতামতৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । এই টিপছসমূহৰ বিষয়ে জানো আহক-
১/ চেনিৰ কেলৰিৰ সেৱন কমকৈ কৰক
চেনিযুক্ত খাদ্য/পানীয় আপোনাৰ শৰীৰলৈ যোৱা অন্যতম চৰ্বিযুক্ত পদাৰ্থ । চেনিযুক্ত খাদ্য/পানীয়ই চৰ্বি বৃদ্ধিৰ এটা কাৰণ হ’ল তৰল চেনিৰ পৰা কেলৰি জুখিব পৰাটো সহজ নহয় আৰু আমাৰ মগজুৱে কঠিন খাদ্যৰ দৰেই ইয়াত থকা চেনি জুখিব নোৱাৰে । মেদবহুলতা বৃদ্ধি, টাইপ ২ ডায়েবেটিছ, হৃদৰোগ আৰু আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ বাবে চেনিযুক্ত পানীয় বহুলাংশে দায়ী(Common Health Tips To Keep You Safe and active)।
কিছুমান ফলৰ ৰস চ’ডাৰ দৰেই হানিকাৰক হ’ব পাৰে, কাৰণ ইয়াত কেতিয়াবা কেৱল চেনি থাকে । ইয়াত থকা কিছু পৰিমাণৰ এন্টিঅক্সিডেন্টে চেনিৰ ক্ষতিকাৰক প্ৰভাৱ কম কৰিবলৈ সক্ষম নহয়(What are 10 tips for good health?)
২/ বাদাম বেছিকৈ খাব
বাদাম, চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ পিছতো, অবিশ্বাস্যভাৱে পুষ্টিকৰ আৰু স্বাস্থ্য উপকাৰীতাৰে ভৰপূৰ । মেগনেছিয়াম, ভিটামিন ই, ফাইবাৰ, আৰু অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে । বাদামেও আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে আৰু টাইপ ২ ডায়েবেটিছ আৰু হৃদৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে বুলি কেইবাটাও গৱেষণাৰ পৰা জানিব পৰা গৈছে ।
লগতে আমাৰ শৰীৰে বাদামৰ পৰা ১০ৰ পৰা ১৫% কেলৰিও শোষণ নকৰে । কিছুমান প্ৰমাণেও প্ৰকাশ কৰে যে ই আমাৰ বিপাকীয় ক্ৰিয়াও বৃদ্ধি কৰিব পাৰে ।
৩/ প্ৰচেছড জাংক ফুড পৰিহাৰ কৰক
প্ৰচেছড জাংক ফুড আমাৰ স্বাস্থ্যৰ বাবে অবিশ্বাস্যভাৱে ক্ষতিকাৰক । এই খাদ্যসমূহ আপোনাৰ মগজুক অতিমাত্ৰা খাদ্য গ্ৰহণৰ বাবে ইচ্ছা যোগায়, আনকি কিছুমান মানুহৰ খাদ্যৰ আসক্তিৰ সৃষ্টি কৰে ।
৪/ কফি খাব লাগে
বহুতৰে কফি সম্পৰ্কে ভুল ধাৰণা আছে যে কফি আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক কিন্তু সেয়া সঁচা নহয় । বহু গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে কফি অতি স্বাস্থ্যকৰ । ইয়াত অধিক পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে, আৰু অধ্যয়নত দেখা গৈছে যে কফি সেৱনৰ ফলত দীৰ্ঘায়ু আৰু আন কেইবাটাও ৰোগ যেনে টাইপ ২ ডায়েবেটিছ, পাৰ্কিনছন, এলঝেইমাৰ আদি ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।
৫/ চৰ্বিযুক্ত মাছ খাব লাগে
মাছত উচ্চমানৰ প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ এক বৃহৎ উৎস বুলি জনা যায়, বিশেষকৈ চৰ্বিযুক্ত মাছ, যেনে ছালমন, যিবোৰত ওমেগা-৩ ফেটি এচিড আৰু অন্যান্য বিভিন্ন পুষ্টিকৰ উপাদান থাকে ।
এক অধ্যয়নত দেখা গৈছে যে, যিসকল লোকে অধিক মাছ খায় তেওঁলোকৰ বহুতো স্বাস্থ্যজনিত ৰোগ দূৰ হয় যেনে হৃদৰোগ, ডিমেনচিয়া (স্মৃতিশক্তি, ভাষা, মানুহ চিনি পোৱাৰ সমস্যা) আৰু হতাশাৰ সম্ভাৱনা কম হোৱা আদি ।
লগতে পঢ়ক: World Sleep Day 2023: এইবোৰ কাৰণতে ভুগিবলগীয়া হয় অনিদ্ৰাৰ সমস্যাত !
