Gyanvapi Case : জ্ঞানবাপী মছজিদ গোচৰত বাৰাণসী ফাষ্ট ট্ৰেক আদালতত শুনানি

author img

By

Published : Nov 14, 2022, 5:17 PM IST

Baranasi

সোমবাৰে জ্ঞানবাপী শ্ৰীংগাৰ গৌৰী গোচৰৰ শুনানি খণ্ড ফাষ্ট ট্ৰেক আদালতত অনুষ্ঠিত হয় । ৮ নৱেম্বৰত শুনানিৰ তাৰিখত ন্যায়াধীশজন ছুটীত থকাৰ বাবে শুনানি অনুষ্ঠিত হোৱা নাছিল (Gyanvapi Shringar Case) ।

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : জ্ঞানবাপী শ্ৰীংগাৰ গৌৰী গোচৰৰ শুনানি সোমবাৰে বাৰাণসীৰ খণ্ড ফাষ্ট ট্ৰেক আদালতত অনুষ্ঠিত হয় (Gyanvapi case hearing in Baranasi Court)। গোচৰটোৰ শুনানি মহেন্দ্ৰ কুমাৰ পাণ্ডেৰ আদালতত হয় । ফাষ্ট ট্ৰেক আদালতে সোমবাৰে বৈদিক সনাতন সংঘৰ হৈ কিৰণ সিঙৰ আবেদনৰ শুনানি গ্ৰহণ কৰে (Gyanvapi case in fast track court) ।

উল্লেখ্য, ন্যায়াধীশ মহেন্দ্ৰ প্ৰসাদ পাণ্ডেয়ে ইয়াৰ পৰৱৰ্তী শুনানিৰ বাবে অহা ১৭ নৱেম্বৰৰ দিনটো ধাৰ্য কৰে । উল্লেখ্য, ৮ নৱেম্বৰত শুনানিৰ তাৰিখৰ দিনা ন্যায়াধীশগৰাকী ছুটীত থকাৰ বাবে উক্ত গোচৰৰ শুনানি হোৱা নাছিল আৰু শুনানিৰ বাবে আজিৰ দিনটো নিৰ্ধাৰণ কৰিছিল (Gyanvapi Masjid Controversy) ।

উল্লেখ্য, ফাষ্ট ট্ৰেক আদালতত শিৱ লিংগৰ উপাসনা কৰাৰ আবেদন সন্দৰ্ভত কিৰণ সিঙৰ হৈ এখন আবেদন কৰা হৈছে (Shivlinga in Gyanvapi Masjid) । দৰাচলতে জ্ঞানবাপী চৌহদত আয়োগৰ জৰীপৰ সময়ত পোৱা তথাকথিত শিৱলিংগৰ ক্ষেত্ৰত বিশ্ব বৈদিক সনাতন সংঘৰ হৈ কিৰণ সিঙে এখন আবেদন দাখিল কৰিছে (Biswa Vaidik Sanatan Sangha) ।

৩ টা মুখ্য দাবীৰ সৈতে Civil Judge Senior Devision-ৰ ফাষ্ট ট্ৰেক আদালতত উক্ত আবেদনখন দাখিল কৰা হৈছিল । ইয়াত স্বয়ম্ভূ জ্যোতিৰ্লিঙ্গ ভগৱান বিশ্বেশ্বৰৰ (Jyotirlinga Bhagawan Bisheshwar) তৎক্ষণাৎ প্ৰাৰ্থনা আৰম্ভ কৰাৰ অনুমতি, জ্ঞানবাপী চৌহদ হিন্দুসকলক হস্তান্তৰ কৰা আৰু জ্ঞানবাপী চৌহদত মুছলমান সম্প্ৰদায়ৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ আবেদন জনোৱা হৈছিল ।

এই গোচৰত উত্তৰদাতা পক্ষৰ তৰফৰ পৰা সিদ্ধান্ত শুনাৰ অনুপযুক্ত বিবেচনা কৰি আদালতক এই আবোদনখন খাৰিজ কৰিবলৈ কোৱা হৈছিল । এই সন্দৰ্ভত ন্যায়ালয়ে 7 নিয়ম 11 অৰ্থাৎ বিষয়টো শুনাৰ যোগ্য হয়নে নহয় তাৰ ওপৰত আদালতৰ আদেশ দিবলগা আছিল । অৱশ্যে আদালতে আজি এই সন্দৰ্ভত ইয়াৰ নিৰ্দেশ দিব পাৰে বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.