15 জুনৰ পৰা সোণৰ গহণাত বাধ্যতামূলক হলমাৰ্ক চিহ্ন

author img

By

Published : May 26, 2021, 10:11 AM IST

15 জুনৰ পৰা সোণৰ গহণাত বাধ্যতামূলক হলমাৰ্ক চিহ্ন

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰী পীযুষ গোৱেলে সদৰী কৰা অনুসৰি, গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধিৰ বাবে সোণৰ গহনা, বিশুদ্ধতা আৰু মানদণ্ডৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে গহণাত প্ৰস্তুত কৰা ডিজাইনৰ বিশেষত্বৰ প্ৰয়োজন ৷ এই কাৰ্যই ভাৰতক সমগ্ৰ বিশ্বৰ ভিতৰতে সোণৰ বজাৰৰ কেন্দ্ৰস্থলীলৈ ৰূপান্তৰ কৰাত সহায় কৰিব ৷ দেশত সোণৰ গহনা আৰু ইয়াৰ ডিজাইনৰ ক্ষেত্ৰত ১৫ জুনৰ পৰা হলমাৰ্ক বাধ্যতামূলক কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 26 মে’: দেশত সোণৰ গহনা আৰু ইয়াৰ ডিজাইনৰ ক্ষেত্ৰত ১৫ জুনৰ পৰা হলমাৰ্ক বাধ্যতামূলক কৰা হৈছে ৷ সোণৰ গহণা আৰু শিল্পকলাৰ ওপৰত ১৫ জুনত হলমাৰ্কিং বাধ্যতামূলক হ'ব। কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত লোকসকলক কেৱল 14, 18, 22 কেৰেটযুক্ত সোণৰ গহনা বিক্ৰী কৰিবলৈ অনুমতি দিয়া হ'ব ৷ উল্লেখ্য যে, সোণৰ হলমাৰ্কে গ্ৰাহকক বিশুদ্ধতাৰ নিশ্চয়তা প্ৰদান কৰে ৷

এই সিদ্ধান্তই গ্ৰাহকক সোণৰ অলংকাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব আৰু প্ৰৱঞ্চনাৰ হাৰ হ্ৰাস কৰিব ৷ তদুপৰি চুৰি হোৱা গহণা ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰতো এই সিদ্ধান্তই প্ৰভাৱ পেলাব ৷ ইয়াত সন্নিৱিষ্ট থাকিব কেৰেট-ফাইনেঞ্চ, হলমাৰ্ক চেণ্টাৰ নম্বৰ, জুৱেলাৰী বিপণী অথবা ইয়াৰ লগত জড়িত লোকসকলৰ বিশেষ চিনাক্তকৰণ নম্বৰ থাকিব ৷ গহণা, সোণৰ সামগ্ৰীৰ ওপৰত এটা হলমাৰ্কৰ বাবে অতিৰিক্ত 35 টকা কৰ ধাৰ্য কৰা হৈছে ৷ আনহাতে গহণাসমূহৰ বিশুদ্ধতাৰ বাবে নিম্নতম 200 টকাৰ লগতে ওপৰঞ্চি কৰ ধাৰ্য কৰা হৈছে ৷ এই কৰসমূহে সোণৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায় ৷

15 জুনৰ পৰা গহণা বিক্ৰীৰ এই নতুন ব্যৱস্থাৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে ৷ এই সমিতিয়ে হলমাৰ্ক সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিব ৷ ভাৰতীয় মানদণ্ড ব্যুৰো (বিআইএছ)ৰ মহানিৰ্দেশক প্ৰমোদ তিৱাৰীৰ অধ্যক্ষতাত এই সমিতিখন গঠন কৰা হৈছে ৷ সমিতিখনৰ গুৰুত্বপূৰ্ণ সদস্যসকল হৈছে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়ে আৰু গহণা সংস্থা আৰু হলমাৰ্ক সংস্থাৰ প্ৰতিনিধিসকল ৷

পূৰ্বে ১ জুনৰ পৰা সমগ্ৰ দেশত হলমাৰ্ক কাৰ্যকৰী কৰিব লাগিছিল যদিও ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে এয়া স্থগিত কৰা হৈছিল ৷ ভাৰতীয় মানদণ্ড ব্যুৰো (বিআইএছ)য়ে এই সমগ্ৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব ৷ বৰ্তমান কেৱল 40 শতাংশ সোণৰ গহণা হলমাৰ্কৰ বাবে চিহ্নিত কৰা হৈছে ৷ বিআইএছে 2020 চনৰ পৰা সোণৰ গহনাৰ ওপৰত হলমাৰ্ক আঁচনি প্ৰযোজ্য কৰিছে ৷ 15 জুনৰ পৰা দেশত মাত্ৰ হলমাৰ্কযুক্ত গহণাহে বিক্ৰী কৰা হ'ব ৷

লগতে চাওকঃ ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.