Gangrape in Rajasthan: তিনি BSF জোৱানৰ লগতে মুঠ 5 পাষণ্ডৰ কামনাৰ বলি যুৱতী

author img

By

Published : Nov 19, 2022, 9:28 PM IST

Updated : Nov 19, 2022, 9:59 PM IST

Gangrape with girl in Rajasthan

মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পোহৰলৈ আহিছে ৰাজস্থানত ৷ দুগ্ধ কাৰখানাত যুৱতীৰ সৈতে দলবদ্ধ ধৰ্ষণ পাঁচ পাষণ্ডৰ ৷ ইতিমধ্যেই ধৰ্ষণৰ অভিযোগত আটক হৈছে তিনিজন বি এছ এফৰ জোৱানকে ধৰি মুঠ ৫জন (Gangrape with girl in sriganganagar) ৷

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : নিকৃষ্ট ৷ জঘন্য ৷ সমাজত যেন একাংশ লোকে ক্ৰমশঃ হেৰুৱাই পেলাইছে মানৱতা ৷ দেশৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ লুট-পাট, চুৰি, ড্ৰাগছ সৰবৰাহৰ উপৰিও বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা (Gang Rape case in India) ৷ প্ৰায় প্ৰতিদিনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ধৰ্ষণৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনাই ৷ শেহতীয়াকৈ মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পোহৰলৈ আহিছে ৰাজস্থানত ৷ যি ঘটনাই আপোনাক ভাবিবলৈ বাধ্য কৰাব আচলতে কোন দিশলৈ গতি কৰিছে মানৱ জাতি !

নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেষ্ট কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ পাছতো সুৰক্ষিত হ’ব পৰা নাই নাৰী ৷

শেহতীয়াকৈ ৰাজস্থানত সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা (Gangrape with girl in sriganganagar) ৷ দুগ্ধ কাৰখানাত যুৱতীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৰাইছিংনগৰত । ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে সন্ধিয়া যুৱতীগৰাকীয়ে ঘিউ কিনিবলৈ গাখীৰৰ ডেইৰীলৈ গৈছিল । সেই সময়ত দুগ্ধ কাৰখানাত উপস্থিত আছিল পাঁচ যুৱক ৷ যুৱককেইজনে যুৱতীগৰাকীক কোঠাত আবদ্ধ কৰি দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য তথা ঘৃণনীয় কাণ্ড সংঘটিত কৰে ৷

কিন্তু আশ্চৰ্যজনক বিষয় যে এই দলবদ্ধ ধৰ্ষণ কাণ্ডত জড়িত হৈ আছিল সীমান্ত সুৰক্ষা বাহিনীৰ তিনি জোৱানো ৷ দেশ মাতৃৰ ৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হৈ থকা এইসকল সেনা জোৱানৰ কৰ্মকাণ্ডত এতিয়া শংকিত তথা চিন্তিত হৈ পৰিছে সচেতন মহল (Gangrape with girl at milk dairy) ৷

ইফালে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বানৱৰী লাল মীনাই কয় যে তিনিজন বি এছ এফৰ জোৱানকে ধৰি মুঠ ৫জন লোকক ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে । আটাইকেইজন অভিযুক্তকে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে (3 BSf soldier and two more detained in Gangrape)।

লগতে পঢ়ক: Gang rape in Jharkhand: ঝাৰখণ্ডৰ পশ্চিম সিংভূমত অভিযন্তা যুৱতীক দলবদ্ধ ধৰ্ষণ

Last Updated :Nov 19, 2022, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.