Foreign cigarettes seized: মিজোৰামত অসম ৰাইফলছৰ অভিযানত 90 লাখ টকাৰ বিদেশী চিগাৰেট জব্দ

author img

By

Published : Mar 15, 2023, 9:42 PM IST

Foreign cigarettes worth Rs 90 lakh seized in Mizoram

মিজোৰামত অব্যাহত আছে অসম ৰাইফলছৰ কঠোৰ অভিযান ৷ ক্ৰমাৎ চোৰাং বেহাৰ ঘাটি হৈ পৰিছে মিজোৰাম ৷ মিজোৰামৰ জোখোৱাথাৰ, চম্পাইত অসম ৰাইফলছ ছেৰচিপ বেটেলিয়ানে এক অভিযান চলাই ৬০ কেছ অবৈধ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় (Foreign cigarettes worth Rs 90 lakh seized)৷

তেজপুৰ, ১৫ মাৰ্চ : তেজপুৰত অসম ৰাইফলছৰ বৃহৎ সফলতা (Assam Rifles operation)। বুধবাৰে মিজোৰামৰ জোখোৱাথাৰ, চম্পাইত অসম ৰাইফলছ (পূব)ৰ মহাপৰিদৰ্শকৰ তত্বাৱধানত ২৩নং ছেক্টৰ ছেৰচিপ বেটেলিয়ানে এক অভিযান চলাই ৬০ কেছ অবৈধ বিদেশী মূলৰ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰামতে চিগাৰেটখিনিৰ বিদেশী মূল্য ৫০ লাখ টকা আৰু সাধাৰণ অঞ্চলত ৯০ লাখ টকা (Foreign cigarettes worth Rs 90 lakh seized) ৷

জানিব পৰামতে অসম ৰাইফলছ আৰু শুল্ক বিভাগ, চম্পাইৰ যুটীয়া দলে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান চলাইছিল ৷ অসম ৰাইফলছে জব্দ কৰা চালানখন চম্পাইৰ শুল্ক বিভাগক গতাই দিয়ে (Foreign cigarettes seized in Mizoram)। উল্লেখ্য যে, মিজোৰামত এনেদৰে অবৈধ বিদেশী মূলৰ চিগাৰেটৰ চোৰাং ব্যৱসায় চলি থকা ঘটনাই ৰাজ্যখনক চিন্তাত পেলাইছে ৷ দীৰ্ঘদিন ধৰি ‘চেণ্টিনেলছ অৱ নৰ্থ ইষ্ট’ নামেৰে নামাকৰণ কৰি অসম ৰাইফলছে মিজোৰামত চলি থকা এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

ইফালে যোৱা 27 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে মিজোৰামৰ চম্পাই জিলাৰ পৰা অসম ৰাইফলছৰ ছেৰচিপ বেটেলিয়ানে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় (Huge quantity of drugs Seized) । মিজোৰাম আৰক্ষীয়েও এক অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ চম্পাই আৰক্ষীয়ে চালবৱিয়া জংচন খানকাউন আৰক্ষীৰ তালাচী চকীত এখন টেক্সিৰ হেৰ’ইনখিনি জব্দ কৰে ৷ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰীটো আইজলৰ বাংকান ব্ৰিগেড ফিল্ডৰ লালহমুলিয়া (৩৭) বুলি জানিব পৰা হৈছে (Drug peddler arrested in Mizoram) ৷

আটকাধীন সৰবৰাহকাৰীটো আইজলৰ বাংকান ব্ৰিগেড ফিল্ডৰ লালহমুলিয়া (৩৭) বুলি জানিব পৰা হৈছে (Drug peddler arrested in Mizoram) । জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৭.৫ লাখ টকা হ’ব বুলি সন্দেহ কৰিছে ৷

লগতে পঢ়ক: Mizoram police anti drug movement: মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.