চত্তীছড়ৰ সুকমাত আত্মসমৰ্পণ 5 নক্সালবাদী

author img

By

Published : Sep 19, 2022, 1:57 PM IST

Five Naxalites surrender in Sukma

সুকমাত ভাৰতীয় সেনা বাহিনীৰ এক সফলতা ৷ সুকমাৰ আৰক্ষী অধীক্ষক পি সুনীল শৰ্মাৰ সন্মুখত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে 5টা নক্সালবাদীয়ে (Five Naxalites surrender in Sukma)৷

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ : চত্তীছড়ৰ সুকমাত ভাৰতীয় সেনা বাহিনীৰ এক সফলতা ৷ চৰকাৰৰ নক্সাল নিৰ্মূল অভিযান আৰু পুনৰ্সংস্থাপন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ পাঁচটা নক্সালয়ে আত্মসমৰ্পণ কৰে (Five Naxalites surrender in Sukma)। তথ্য অনুসৰি, সুকমাৰ আৰক্ষী অধীক্ষক পি সুনীল শৰ্মাৰ সন্মুখত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰে নক্সালবাদী কেইটাই ৷

জানিব পৰা মতে, আত্মসমৰ্পন কৰা নক্সালবাদী কেইটাই কেবাটাই নক্সাল আক্ৰমণৰ লগত জড়িত আছিল ৷ ইয়াৰ ভিতৰত হৈছে বুৰ্কাপাল, মিনপা আৰু পিডমাইল নক্সাল আক্ৰমণ ৷ সেনা বাহিনীৰ বিষয়াসকলে এই পাঁচজন নক্সালবাদীৰ আত্মসমৰ্পণক এটা ডাঙৰ সফলতা হিচাপে বিবেচনা কৰিছে (Naxalites in Burkapal Minpa encounter Surrender)।

আত্মসমৰ্পণকাৰী নক্সালকেইটাৰ নাম মাদৱী যোগা, মাদৱী মাদা, মুচাকি দেৱ,কাট্টাম হাদমা আৰু মুচাকি কোচা বুলি জানিব পৰা গৈছে (sukma naxalite incident news)৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে উল্লেখ কৰা অনুসৰি, আত্মসমৰ্পণ কৰা সকলো নক্সালবাদীক চৰকাৰৰ তৰফৰ পৰা পুনঃসংস্থাপন নীতিৰ সুবিধা দিয়া হ’ব ।

সুকমাৰৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কয় যে, অপাৰেচন মৌচুমীত বস্তাৰত নিৰাপত্তা বাহিনীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছিল নক্সাল । বস্তাৰকে ধৰি সুকমাত সেনাবাহিনীৰ দ্বাৰা নিৰন্তৰভাৱে চলাই থকা হৈছিল অভিযান ৷ এই অভিযানতে নক্সালবাদীৰ শৃংখলা ভংগ কৰিবলৈ সক্ষম হৈছিল সেনাবাহিনীয়ে ৷

ইয়াৰ প্ৰভাৱতে নক্সালকেইটাই আত্মসমৰ্পণ কৰে । লগতে তেওঁ নক্সালবাদীক সহস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : কংগ্ৰেছক প্ৰতাৰণা কৰা সকললৈ কঠোৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.