Story of a fireman: জুইৰ লেলিহান শিখাৰ মাজৰ পৰা জাতীয় পতাকা উদ্ধাৰকাৰী এজন বীৰ জোৱান

author img

By

Published : Jan 18, 2023, 5:14 PM IST

জুইৰ মাজৰ পৰা ত্ৰিৰংগা ৰক্ষা

দেশৰ প্ৰতি কিমান প্ৰেম থাকিলে এজন নাগৰিকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশৰ সন্মান ৰক্ষাৰ বাবে আগুৱাই যাব পাৰে (Patriotic stories of India) ? আমি কেৱল মুক্তিযোদ্ধা, সৈনিক, আৰক্ষী আদিৰ কথাই ভাৱো এনে বিষয়বোৰ আহিলে ৷ কিন্তু আৰু কিছু লোক আছে, যি কেতিয়াও কুণ্ঠাবোধ নকৰে দেশৰ বাবে নিজৰ জীৱনকো বলিদান দিবলৈ ৷ তেওঁ সাধাৰণ নাগৰিকো হ’ব পাৰে বা কোনো বৃত্তিধাৰীও হ’ব পাৰে ৷ সুনীলৰ দেশপ্ৰেমক আজি সকলোৱে শলাগিছে (Fireman Sunil of Panipat) ৷ চাওঁ আহক সুনীলৰ সাহসিকতাৰ কাহিনী...

নিউজ ডেস্ক, 18 জানুৱাৰী: দেশৰ প্ৰতি প্ৰেম সকলোৰে বুকুত থাকে ৷ সেয়া লাগিলে দেশৰ সুৰক্ষাৰ বাবে সীমন্তত পহৰা দি থকা সৈনিকজনেই হওক বা আপোনাৰ মোৰ চহৰখন সুৰক্ষিত কৰি ৰখাৰ বাবে কৰ্তব্য পালন কৰি অহা আৰক্ষীজনেই হওক ৷ প্ৰতেক্যৰে মনত দেশৰ প্ৰতি সন্মান তথা প্ৰেম আছে (Patriotic stories of India), যি কেতিয়াও কোনো কাৰণতে ম্লান হৈ নাযায় ৷ দেশৰ গৌৰৱ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে দেশপ্ৰেমৰ চানেকি দেখুৱালে এগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে ৷ জানো আহক সবিশেষ...

স্পিনিং মিলত অগ্নিকাণ্ড:

হাৰিয়ানাৰ পানীপথত থকা এটা স্পিনিং মিলত মঙলবাৰে অগ্নিকাণ্ড সংঘটিত হয় (fire in panipat spinning mill) ৷ এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে চকুৰ সমুখতে জুইত সম্পূৰ্ণৰূপে জাহ যায় মিলটো ৷ অগ্নিনিৰ্বাপক বাহিনীক এই অগ্নিকাণ্ডৰ বিষয়ে খবৰ দিয়া হয় যদিও ঠেক ৰাস্তাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে সেই স্থানত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । অগ্নিনিৰ্বাপক বাহিনীয়ে বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ মাজতে এনে এটা ভিডিঅ’ও ভাইৰেল হয়, যিটো ভিডিঅ’ দেখি কোনেও বাঃ বাঃ নিদিয়াকৈ থাকিব নোৱাৰে (Panipat fireman viral video)৷

কৰ্তব্যৰ মাজত দেশপ্ৰেম :

আচলতে যিটো মিলত জুই লাগিছিল, সেই মিলটোৰ মূধচত এখন ত্ৰিৰংগা ওলমি আছিল ৷ অগ্নি নিৰ্বাপক বাহিনীৰ এজন জোৱানৰ চকু পৰিল সেই পতাকাখনত ৷ তেওঁ দেখা পালে যে, লাহে লাহে জুয়ে সমগ্ৰ বিল্ডিংটো ছানি ধৰিছে (Fireman saves Tricolour from fire) ৷ অলপো পলম নকৰাকৈ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান সুনীলে নিজৰ জীৱন বিপদাপন্ন কৰি জুয়ে আৱৰি ধৰা মিলটোত প্ৰবেশ কৰে আৰু পতাকাখন আঁতৰাই দিয়ে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈ ৰ’ল অগ্নিকাণ্ডৰ ভিডিঅ’ কৰি থকা কোনো ব্যক্তিৰ কেমেৰাত ৷ চ’ছিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰিল ৷ ভিডিঅ’টো চোৱাসকলে সুনীলৰ দেশপ্ৰেম আৰু বীৰত্বৰ প্ৰশংসা কৰিলে (Panipat fire incident) ৷

দেশৰ বাবে প্ৰাণ দিবলৈও প্ৰস্তুত :

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচত সুনীলৰ কাষ চাপে সাংবাদিক ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সুনীলে কয় যে, তেওঁলোকে দেশৰ সৈনিকসকলৰ দৰেই জনজীৱন ৰক্ষাৰ শপত লয় ৷ এই শপত নিষ্ঠাৰে পালনৰ বাবে তেওঁলোকে প্ৰতি নিয়ত চেষ্টা কৰে ৷ দেশৰ মান-সন্মানৰ প্ৰতীক হৈছে ত্ৰিৰংগ পতাকা ৷ এই ত্ৰিৰংগাৰ মান ৰক্ষাৰ বাবে প্ৰাণ বলি দিবলৈও সাজু বুলি সুনীলে জনায় ৷ এই দৃঢ় সংকল্পৰেই জুয়ে আৱৰি থকা মিলটোত প্ৰৱেশ কৰি কোনো ক্ষতি নোহোৱাকৈ পতাকাখন ৰক্ষা কৰা বুলি জোৱানজনে উল্লেখ কৰে (Fireman Sunil saves triranga) ৷

পানীপথৰ ভাৰত নগৰত থকা এটা স্পিনিং মিলৰ ডিজেল ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটে ৷ নিমিষতে জুইৰ লেলিহান শিখাই ভীষণ ৰূপ ধাৰণ কৰি আৱৰি ধৰে বিল্ডিংটো ৷ অশেষ চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয় ৷ এই জুইৰ মাজতে যেতিয়া সুনীলৰ দৃষ্টি জাতীয় পতাকাখনত পৰিল, তেওঁ এখন গাড়ী বিল্ডিংটোৰ সমীপলৈ লৈ যায় ৷ নিজৰ জীৱনৰ কথা চিন্তা নকৰি চাৰিওফালে জুয়ে আৱৰি থকা বিল্ডিংটোৰ চাদলৈ উঠি গ’ল সুনীল ৷ তাৰ পাচতেই সফলভাৱে ত্ৰিৰংগাখন তাৰ পৰা নমাই দিলে জোৱানজনে ৷ এই সাহসিকতাৰ বাবে সুনীলৰ ভিডিঅ’ দেখা সকলোৱেই তেওঁক এবাৰ হ’লেও চেল্যুট জনাইছে ৷

লগতে পঢ়ক: Blood Machine of Bathinda: 69 বাৰ ৰক্তদান কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছে বিৰু বাঞ্চাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.