ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ জোৱান আহত

author img

By

Published : Sep 18, 2022, 8:55 PM IST

Naxal

ঝাৰখণ্ডৰ চাটাৰাত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘটিত হৈছে সংঘৰ্ষ (Encounter between Naxalites and security forces in Chatra) । এনকাউণ্টাৰত এজন চিআৰপিএফ জোৱান আহত হোৱা বুলি খবৰ লাভ কৰা হৈছে ।

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ চাটাৰাত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘটিত হৈছে সংঘৰ্ষ (Encounter between Naxalites and security forces in Chatra) । প্ৰতাপপুৰ-কুণ্ডা আৰক্ষী থানা অঞ্চলৰ চিকিদ বলহী অৰণ্যত সংঘটিত হৈছে এই সংঘৰ্ষ । উক্ত এনকাউণ্টাৰত এজন চিআৰপিএফ জোৱান আহত হোৱা বুলি খবৰ লাভ কৰা হৈছে । আহত জোৱানজনৰ নাম চিত্তৰঞ্জন কুমাৰ বুলি জানিব পৰা গৈছে (CRPF jawan injured in encounter)।

তথ্য অনুসৰি, চিআৰপিএফ 190 বেটেলিয়ন (CRPF 190 Battalion) আৰু আৰক্ষীৰ দলে অঞ্চলটোত তালাচী অভিযান চলাই আছিল । সেই সময়তে নক্সালবাদীৰ আঞ্চলিক সমিতিৰ সদস্য অৰবিন্দ ভূঞা আৰু মনোহৰ গঞ্জু দলৰ সৈতে মুখামুখী সংঘৰ্ষ হয় । আনহাতে, সংঘৰ্ষত আহত হোৱা চিআৰপিএফ জোৱান চিত্তৰঞ্জন কুমাৰক হেলিকপ্টাৰেৰে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে । অভিযানটোৰ আইজি অমল বেনুকান্ত হোমকাৰে এই খবৰটো নিশ্চিত কৰিছে (Naxalites and security forces encounter in Chatra) । লগতে তেওঁ কয় যে আহত জোৱানজনৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ (Naxalites encounter in jharkhand) ।

আনহাতে, আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জন, চিআৰপিএফ ১৯০ বেটেলিয়নৰ কমাণ্ডেণ্ট মনোজ কুমাৰ আৰু মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ') অবিনাশ কুমাৰ এটা দলৰ সৈতে এনকাউণ্টাৰস্থলীত উপস্থিত হৈছে । তাত গৈ তেওঁ এনকাউণ্টাৰত নেতৃত্ব দিয়া চিআৰপিএফৰ সহকাৰী কমাণ্ডেণ্ট মনীষ কুমাৰ আৰু স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰকে ধৰি আন জোৱানসকলৰ পৰা বিষয়টো সম্পৰ্কে তথ্য গ্ৰহণ কৰে । এনকাউণ্টাৰৰ সময়ত নিৰাপত্তাৰক্ষীসকলৰ চকুত ধূলি দি নক্সালবাদীকেইটা বনাঞ্চলৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় (Naxalites managed to escape) ।

এনকাউণ্টাৰৰ পিছত নিৰাপত্তাৰক্ষীসকলে সমগ্ৰ বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলাই আছে (search operation against Naxalites) । এই সময়ছোৱাত বহুতো নক্সালবাদীক গুলীওৱা বুলিও খবৰ হৈছে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই ।

লগতে পঢ়ক : কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.