Bharat Jodo Yatra in MP: ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত সপৰিয়ালে সংগ দিলে প্ৰিয়ংকাই

author img

By

Published : Nov 24, 2022, 3:52 PM IST

Priyanka along with family joined hands with Rahul

অহা বছৰ মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সহায়ত কংগ্ৰেছক পুনৰ জীৱন দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে (Rahul Gandhi yatra)। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই বৃহস্পতিবাৰে পুৱা প্ৰায় 6.30 বজাত মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ বোৰগাঁৱত প্ৰৱেশ কৰে ৷

নিউজ ডেস্ক, 24 নৱেম্বৰ: কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই বৃহস্পতিবাৰে পুৱা প্ৰায় 6.30 বজাত মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ বোৰগাঁৱত প্ৰৱেশ কৰে (Rahul Gandhi Bharat Jodo Yatra) ৷ ইয়াৰ পৰা ৰাহুল গান্ধীক সংগ দিয়ে তেওঁৰ ভগ্নী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ দুয়োগৰাকী নেতাক সাক্ষাৎৰ বাবে স্থানীয় লোকসকলক অতি উৎসাহিত হোৱা দেখা যায় ৷

মধ্যপ্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় খাণ্ডৱা জিলাৰ বোৰগাঁৱৰ বুজুৰ্গৰ পৰা (Rahul Gandhi Bharat Jodo Yatra in MP) ৷ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদজনৰ সৈতে মধ্যপ্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল আৰু প্ৰিয়ংকা গান্ধীয়ে কান্ধত কান্ধ মিলাই আগুৱাই গৈছে ৷ ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশত ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম দিনটোত তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ সৈতে পদযাত্ৰা কৰে ৷ কিন্তু মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুলে তেওঁ যাত্ৰা কৰিবলৈ বাৰণ কৰে (Priyanka Gandhi join in Bharat Jodo Yatra) ৷

ইতিমধ্যে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ পদযাত্ৰাৰ ফটো সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চা হোলা দেখা গৈছে ৷ বৰ্তমানলৈকে ৰাহুল গান্ধীৰ এই যাত্ৰাই 78 দিন অতিক্ৰম কৰিলে ৷ প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে ৷ প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰা আৰু পুত্ৰ ৰেহান ৱাদ্ৰায়ো কিছু দূৰ এই যাত্ৰাত অংশ লয় ৷ বৰ্তমান ৰাহুল গান্ধীৰ সৈতে আছে ৰাজস্থানৰ কংগ্ৰেছ নেতা শচীন পাইলট ৷

ৰুস্তমপুৰত উপস্থিত হোৱাৰ পাচত তাতে কিছু সময় জিৰাব ৰাহুল গান্ধীয়ে ৷ তাঁতিয়া ভীলৰ জন্মস্থান দৰ্শন কৰিব ৷ তাৰ পাচতে তেওঁ এখন জনসভা সম্বোধন কৰিব ৷ সভাৰ পাচতেই ডুল্হাৰ প্ৰসিদ্ধ গুৰুদ্বাৰত ভোজন কৰিব ৰাহুল গান্ধীয়ে ৷ এই ভোজন বিৰতিৰ পাচত তেওঁ শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব ৷ মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা কমল নাথক লৈ শিখসকলৰ এটা অনুষ্ঠানত বহুত হুলস্থুলৰ সৃষ্টি হৈছিল । 1984 ৰ সংঘাতৰ বাবে শিখসকলে কমল নাথক জগৰীয়া বুলি ভাবে ৷ যাৰ বাবে শিখসকলে কমল নাথক তেওঁলোকৰ অঞ্চলৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে বিৰোধ কৰিছিল ৷

বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ গুৰুদ্বাৰ দৰ্শন আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ অন্যতম প্ৰধান উদ্দেশ্য হৈছে শিখ সম্প্ৰদায়ৰ ক্ষোভ শান্ত কৰাও । ইয়াৰ পৰা যাত্ৰা আৰম্ভ হ’ব ছয়গাঁও মাখানলৈ । তাত যাত্ৰাৰ দ্বিতীয় দিনটো অন্ত পৰিব । খাৰগোণ জিলাৰ খেৰদাত নিশা কটাব ৰাহুল গান্ধীয়ে ।

লগতে পঢ়ক: Rozgar Mela 2022: ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.