All India DLSA meet 2022 : প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jul 30, 2022, 1:06 PM IST

All India DLSA meet 2022

প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ (PM Modi at All India DLSA meet)। মোডীৰ মতে সহজে ব্যৱসায় কৰা আৰু জীৱন ধাৰণৰ সৰলতাৰ দৰেই ন্যায়ৰ সৰলতাও গুৰুত্বপূৰ্ণ । ই-আদালত অভিযানৰ অধীনত দেশত ভাৰ্চুৱেল আদালত আৰম্ভ কৰা হৈছে ।

নেশ্যনেল ডেস্ক, ৩০ জুলাই : দেশত অনুষ্ঠিত হৈছে প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠক (All India District Legal Services Authorities meet 2022)। শনিবাৰে এই বৈঠকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi at All India DLSA meet)। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সহজে ব্যৱসায় কৰা আৰু জীৱন ধাৰণৰ সৰলতাৰ দৰেই ন্যায়ৰ সৰলতাও গুৰুত্বপূৰ্ণ ।

প্ৰধানমন্ত্ৰীৰ মতে এয়া আজাদী কা অমৃত কালৰ সময় । এয়া সেই সংকল্পবোৰৰ সময় যিয়ে অহা ২৫ বছৰত দেশক নতুন শীৰ্ষতালৈ লৈ যাব । তেওঁৰ মতে দেশৰ এই অমৃত যাত্ৰাৰ সময়ত ন্যায়ৰ সৰলতা সমানে গুৰুত্বপূৰ্ণ যিমান ব্যৱসায় কৰাৰ সৰলতা ।

বিজ্ঞান ভৱনত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ সৈতে একেখন মঞ্চতে উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সমাজৰ বাবে যিকোনো ন্যায়িক ব্যৱস্থাৰ অন্তৰ্ভুক্তিকৰণ যিমান গুৰুত্বপূৰ্ণ, ন্যায় প্ৰদানো সমানে গুৰুত্বপূৰ্ণ । ন্যায়িক আন্তঃগাঁথনিৰো ইয়াত এক গুৰুত্বপূৰ্ণ অৱদান আছে । যোৱা আঠ বছৰত দেশৰ ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে দ্ৰুত গতিত কাম কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে ই-আদালত অভিযানৰ প্ৰশংসা কৰি কয় যে এই অভিযানৰ অধীনত দেশত ভাৰ্চুৱেল আদালত আৰম্ভ কৰা হৈছে । ২৪ ঘণ্টাই আদালতে যান-বাহন উলংঘনৰ দৰে অপৰাধৰ বাবে কাম কৰা আৰম্ভ কৰিছে । জনসাধাৰণৰ সুবিধাৰ বাবে আদালতত ভিডিঅ' কনফাৰেন্সিং আন্তঃগাঁথনিও সম্প্ৰসাৰিত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয় ।

অনুষ্ঠানটোত ন্যায়াধীশ উদয় ইউ ললিত আৰু ডি ৱাই চন্দ্ৰচূড়, আইন মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত থাকে । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ (NALSA) উদ্যোগত বিজ্ঞান ভৱনত ৩০-৩১ জুলাইত জিলা আইনী সেৱা কৰ্তৃপক্ষৰ (DLSAs) প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক আয়োজন কৰা হৈছে । বৈঠকখনে DLSAবোৰত সমতা আৰু সমকালীনতা অনাৰ বাবে এক একত্ৰিত প্ৰক্ৰিয়া সৃষ্টিৰ ওপৰত চিন্তা-চৰ্চা কৰে ।

উল্লেখ্য যে দেশত মুঠ ৬৭৬ খন জিলা আইনী সেৱা কৰ্তৃপক্ষ (DLSA) আছে (676 District Legal Services Authorities in India)। সেইবোৰত জিলা ন্যায়াধীশে নেতৃত্ব দিয়ে হয়, যিয়ে কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপেও কাম কৰে । DLSA আৰু ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষৰ (SLSA) জৰিয়তে, NALSA য়ে বিভিন্ন আইনী সাহায্য আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে । DLSA বোৰে NALSA-ৰ দ্বাৰা পৰিচালিত লোক আদালতসমূহ নিয়ন্ত্ৰণ কৰি আদালতৰ বোজা হ্ৰাস কৰাত অৰিহণা যোগায় ।

লগতে পঢ়ক :Adhir ranjan chowdhury apologises : জিভা পিছল খোৱাৰ বাবেহে হেনো ৰাষ্ট্ৰপতিক "ৰাষ্ট্ৰপত্নী" বুলিছিল অধীৰ চৌধুৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.