Earthquake in Meghalaya : মেঘালয়ৰ তুৰাত ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Nov 24, 2022, 1:11 PM IST

Tura

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই জনোৱা মতে, ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.৪ । আনহাতে, ভূমিকম্পটোৰ গভীৰতা মাটিৰ পৰা 5 কিলোমিটাৰ তলত আছিল (Earthquake in Meghalaya) ।

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : মেঘালয়ৰ তুৰাৰ পূব-উত্তৰ-পূবত আজি পুৱা ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় (Earthquake in Meghalaya Tura) । ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে (National Center for Seismology), ভূমিকম্পটোৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৩.৪ আছিল । আনহাতে, ভূমিকম্পটোৰ উৎস ভূপৃষ্ঠৰ পৰা 5 কিলোমিটাৰ গভীৰত আছিল । উল্লেখ্য, আজি কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰন্তৰ ভূমিকম্পৰ কম্পন হোৱাৰ খবৰ পোৱা গৈছে । অৱশ্যে কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ এতিয়ালৈকে লাভ কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা ৮৯ কিলোমিটাৰ পশ্চিমে বুধবাৰে পুৱা মৃদু কম্পন অনুভূত হয় (Earthquake in Nasik Maharashtra) । যাৰবাবে বহুতো লোক আতংকিত হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে । ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বুধবাৰে পুৱা প্ৰায় ৪.০৪ বজাত ৰিখটাৰ স্কেলত (Rikhtar Scale) ৩.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয় । উক্ত ভূমিকম্পৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰত আছিল । তাৰ পূৰ্বে মঙলবাৰে লাডাখৰ পৰা 191 কিলোমিটাৰ উত্তৰত ৰিখটাৰ স্কেলত 4.3 প্ৰাবল্যৰ আন এক ভূমিকম্প সংঘটিত হয় (Earthquake in Ladakh) ।

  • An earthquake of magnitude 3.4 occurred 37km East-North-East of Tura, Meghalaya at around 03:46am today. The depth of the earthquake was 5 km below the ground: National Center for Seismology pic.twitter.com/jtNOvaDkip

    — ANI (@ANI) November 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, লাডাখৰ কাৰ্গিলৰ পৰা 191 কিঃমিঃ উত্তৰে অনুভূত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত 4.3 । উক্ত ভূমিকম্পটো পুৱা ১০.০৫ বজাত সংঘটিত হয় । আনহাতে, সোমবাৰে ইণ্ডোনেছিয়াৰ মুখ্য দ্বীপ জাভাতো ৰিখটাৰ স্কেলত ৫.৬ প্ৰাৱল্যৰ এক ভূমিকম্প সংঘটিত হয় (Earthquake in Java Indonesia) । উক্ত ভূমিকম্পত কমেও ১৬২ জন লোক নিহত আৰু শ শ লোক আহত হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ (US Geological Survey) তথ্য অনুসৰি, ভূমিকম্পটোৰ উৎস আছিল পশ্চিম জাভাৰ চিয়াঞ্জুৰ চহৰত ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰত । তথ্য অনুসৰি, ভূমিকম্পটো যি ঠাইত হৈছিল উক্ত অঞ্চলটো ঘন বসতিপূৰ্ণ আৰু তাত ভূমিস্খলন সংঘটিত হয় । ফলত বহুতো অঞ্চলত অস্থায়ী ঘৰবোৰ ধ্বংসস্তূপলৈ পৰিণত হয় । উদ্ধাৰকাৰীসকলে দিনে-নিশাই কাম কৰি উদ্ধাৰকাৰ্য চলায় । আনহাতে, এতিয়াও খহি পৰা অট্টালিকাৰ তলত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ সন্ধান আৰু তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলি আছে ।

ইণ্ডোনেছিয়াৰ আঞ্চলিক গৱৰ্ণৰ ৰিদৱান কামিলে কয় যে উক্ত ভূমিকম্পত ১৬২ জন লোক নিহত হয় । আনহাতে, ৭ শতাধিক লোক আহত হয় আৰু ১৩,০০০ তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হয় । তেওঁ আশংকা প্ৰকাশ কৰে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কিয়নো বহুতো লোক এতিয়াও আবদ্ধ হৈ আছে । উল্লেখ্য, ইণ্ডোনেছিয়াত ভূমিকম্প এক সাধাৰণ ঘটনা । কিয়নো ই প্ৰশান্ত মহাসাগৰ অঞ্চলৰ বিবৰ্তনিক গতিবিধিৰ 'ৰিং অব ফায়াৰ'ত অৱস্থিত । ২০১৮ চনত চুলাৱেচীত হোৱা ভূমিকম্পত ২,০০০-ৰো অধিক লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :Fire in Odisha : ওড়িশাত আতচবাজী বিস্ফোৰণত ৪০ গৰাকী লোক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.