জন্মদিন উপলক্ষে মোদীয়ে উপহাৰ পোৱা ১২০০ স্মাৰকৰ ই-নিলাম

author img

By

Published : Sep 17, 2022, 2:20 PM IST

e-auction

"পুৱা ১০ বজাৰ পৰা প্ৰধানমন্ত্ৰীৰ স্মাৰক নিলাম ২০২২ মুকলি হৈছে আৰু চলি আছে ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা একচেটীয়া উপহাৰসমূহৰ নিলামত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ https://pmmementos.gov.in লৈ যাওক ।" কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে টুইট এনেদৰে টুইট কৰে (Union Culture and Tourism Miniter)।

নেচনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন (Prime Minister Narendra Modi birthday) উপলক্ষে শনিবাৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা সন্মানীয় আৰু স্মৰণীয় উপহাৰৰ ই-নিলাম আৰম্ভ কৰিছে (e auction of gifts presented to PM Modi) । আজিৰে পৰা আৰম্ভ কৰি এই ই-নিলামৰ চতুৰ্থ সংস্কৰণ দুসপ্তাহৰ বাবে অনুষ্ঠিত হ'ব আৰু 2 অক্টোবৰত সমাপ্ত হ'ব ।

"সময় আহি পৰিছে ! পুৱা ১০ বজাৰ পৰা প্ৰধানমন্ত্ৰীৰ স্মাৰক নিলাম ২০২২ মুকলি হৈছে আৰু চলি আছে ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা একচেটীয়া উপহাৰসমূহৰ নিলামত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ https://pmmementos.gov.in লৈ যাওক ।" কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে টুইট এনেদৰে টুইট কৰে (Union Culture and Tourism Minister)।

উল্লেখ্য, নিলাম উপলক্ষে নতুন দিল্লীৰ নেচনেল গেলেৰী অব মডাৰ্ণ আৰ্টলৈ (National Gallery of Modern Art) স্মাৰকসমূহ স্থানান্তৰ কৰা হৈছে । এই সামগ্ৰীবোৰ ৱেবছাইটতো চাব পাৰি । এই বছৰ প্ৰায় 1200 স্মাৰক আৰু উপহাৰ সামগ্ৰী ই-নিলামত ৰখা হৈছে ।

নিলামত থকা স্মৃতিচিহ্নবোৰৰ ভিতৰত আছে সুন্দৰ চিত্ৰ, ভাস্কৰ্য, হস্তশিল্প আৰু লোক শিল্পকলা । ইয়াৰে কেইবাটাও হৈছে উপহাৰ হিচাপে আগবঢ়োৱা সামগ্ৰী । ইয়াৰ ভিতৰত আছে পৰম্পৰাগত অংগবস্ত্ৰ, শ্বল, পাগুৰ জাতীয় পৰিধান আৰু আনুষ্ঠানিক তৰোৱাল । আগ্ৰহৰ অন্যান্য স্মৃতিচিহ্নসমূহৰ ভিতৰত আছে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিকৃতি (models of Ram Mandir at Ayodhya) আৰু আৰ্হি আৰু বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ ।

"আমাৰ ওচৰত ক্ৰীড়া স্মাৰকসমূহৰ এক ৰোমাঞ্চকৰ সংগ্ৰহো আছে ।" মন্ত্ৰালয়ে কয় । মন্ত্ৰালয়ৰ মতে, কমনৱেলথ গেমছ ২০২২, ডীফলিম্পিক ২০২২ আৰু থমাছ কাপ চেম্পিয়নশ্বিপ ২০২২ত টীম ইণ্ডিয়াৰ সুন্দৰ প্ৰদৰ্শনে দেশখনক ইতিহাসত স্থান লাভ কৰাইছিল আৰু সমৃদ্ধ পদক অৰ্জন কৰিছিল । ক্ৰীড়া প্ৰতিযোগিতাত দল আৰু বিজয়ীসকলৰ দ্বাৰা উপস্থাপন কৰা স্মৃতিচিহ্নসমূহৰো নিলাম হ'ব । নিলামৰ এই সংস্কৰণত ২৫ টা নতুন ক্ৰীড়া স্মাৰক আছে ।

কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে দেশৰ জীৱনৰেখা স্বৰূপ গংগা নদী সংৰক্ষণৰ এক মহৎ উদ্দেশ্যৰ বাবে নমামি গংগাৰ (Namami Gange) জৰিয়তে তেওঁ লাভ কৰা সকলো উপহাৰ নিলাম কৰাৰ সিদ্ধান্ত লৈছে । প্ৰদৰ্শন ক্ষেত্ৰখন এতিয়া ৰাইজৰ বাবে মুকলি আৰু সকলোৰে বাবে বিনামূলীয়া ৷ আনহাতে, এই নিলাম ভ্ৰমণ অধিক উপভোগ্য কৰি তুলিবলৈ সাধাৰণ পৰ্যটকক টুৰিষ্ট গাইডে সাধাৰণভাৱে নিৰ্দেশনা আগবঢ়াব আৰু শ্ৰৱণ শক্তিহীনসকলৰ বাবে সাংকেতিক ভাষাত নিৰ্দেশনাৰ ব্যৱস্থা কৰা হৈছে । দৃষ্টিহীনসকলৰ বাবেও ব্ৰেইলৰ কেটেলগ উপলব্ধ হৈছে ।

নিলামৰ জৰিয়তে সংগ্ৰহ কৰা পুঁজিয়ে নমামি গঙ্গে কাৰ্যসূচীত অৰিহণা যোগাব, যিটো হৈছে ৰাষ্ট্ৰীয় নদী গংগা সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰিব বিচৰা ফ্লেগশ্বিপ প্ৰকল্প । সাধাৰণ ৰাইজে https://pmmementos.gov.in লগ ইন কৰি আৰু পঞ্জীয়ন কৰি ই-নিলামত অংশগ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক :বলুকা শিল্পৰে প্ৰধানমন্ত্ৰী মোডীৰ 72 সংখ্যক জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.