DU PG PHD Admission: দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা

author img

By

Published : Sep 22, 2022, 4:51 PM IST

Delhi

নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২২ ৰ সময়সূচী প্ৰকাশ কৰিছে (DU PG PHD entrance exam 2022)। প্ৰৱেশ পৰীক্ষা ১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ চলিব । স্নাতকোত্তৰ পাঠ্যক্ৰমত মুঠ আসনৰ ৫০ শতাংশ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত থাকিব ।

নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ : নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে (NTA) প্ৰকাশ কৰিছে দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২২ৰ সময়সূচী (DU PG PHD entrance exam)। ২০২২-২৩ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে এই প্ৰৱেশ পৰীক্ষা অহা ১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব । এজেঞ্চিয়ে ইয়াৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে প্ৰৱেশ পৰীক্ষা সম্পৰ্কীয় তথ্য । প্ৰকাশ কৰা অধিসূচনা অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ।

জানিব পৰা মতে দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ (PG)ৰ বাবে বিভিন্ন পাঠ্যক্ৰমত প্ৰায় ১২,০০০ আসন আছে । শিক্ষাৰ্থীসকলে https://nta.ac.in/DuctExam ৱেবছাইটত পৰীক্ষা সম্পৰ্কীয় সকলো তথ্য জানিব পাৰিব । ইয়াৰ উপৰিও, শিক্ষাৰ্থীসকলে 01140759000 নম্বৰত ফোন কৰিও তথ্য লাভ কৰিব পাৰিব । ইয়াৰ লগতে, duet@nta.ac.inত ই-মেইল প্ৰেৰণ কৰি পৰীক্ষা সম্পৰ্কীয় তথ্য জানিব পৰা যাব ।

Delhi
দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা

নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে (National Testing Agency) পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক পৰীক্ষা সম্পৰ্কীয় তথ্যৰ বাবে NTA আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত লগ ইন কৰিবলৈ পৰামৰ্শ দিছে । পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সোনকালেই মুকলি কৰা হ'ব বুলিও কোৱা হৈছে ।

জানিব পৰা মতে এই প্ৰৱেশ পৰীক্ষা তিনিটা পৃথক সময়সূচীত অনুষ্ঠিত হ'ব । প্ৰথমটো পুৱা ৮ বজাৰ পৰা ১০ বজালৈ চলিব, দ্বিতীয়টো ১২.৩০ বজাৰ পৰা আবেলি ২.৩০ বজালৈ চলিব আৰু তৃতীয় সময়সূচী হ'ব সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ । পৰীক্ষাটো CBT মোডত (কম্পিউটাৰ আধাৰিত পৰীক্ষা) অনুষ্ঠিত হ'ব ।

বিগত বছৰৰ দৰে, দিল্লী বিশ্ববিদ্যালয় স্নাতকোত্তৰ পাঠ্যক্ৰমত মুঠ আসনৰ ৫০ শতাংশ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত থাকিব । আনহাতে বাকী ৫০ শতাংশ আসন দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ'ব । দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰৰ নামভৰ্তিৰ বাবে এইবাৰ প্ৰায় ১ লাখ ৭০ হাজাৰ প্ৰাৰ্থীয়ে ৭৬ টা পাঠ্যক্ৰমৰ বাবে আবেদন কৰিছে । দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি অধ্যাপক হানিত গান্ধীয়ে কোৱা মতে পূৰ্বৰ বছৰবোৰৰ দৰে এই বছৰো স্নাতকোত্তৰ পৰীক্ষাত কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই ।

লগতে পঢ়ক :NIA operation against PFI : দেশত ১০০ৰো অধিক PFI কৰ্মীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.