বাকিংহাম পেলেচত ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ দ্ৰৌপদী মূৰ্মুৰ

author img

By

Published : Sep 19, 2022, 12:11 PM IST

Murmu

ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ (Queen Elizabeth state funeral) পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে দেওবাৰে বাকিংহাম পেলেচত আয়োজিত এক অভ্যৰ্থনা অনুষ্ঠানত ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰে (Droupadi Murmu met King Charles III) ।

ইণ্টাৰনেচনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ (Queen Elizabeth state funeral) পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে দেওবাৰে বাকিংহাম পেলেচত আয়োজিত এক অভ্যৰ্থনা অনুষ্ঠানত ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰে (Droupadi Murmu met King Charles III) । ৰাষ্ট্ৰপতি মূৰ্মুৱে লণ্ডনৰ বাকিংহাম পেলেচৰ ওচৰৰ লেঙ্কাষ্টাৰ হাউছত ৰাণী দ্বিতীয় এলিজাবেথৰ বাবে শোক পুথিত স্বাক্ষৰ কৰে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ভৱনে টুইট কৰি কয়, "ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে লণ্ডনৰ লেঙ্কাষ্টাৰ হাউছত মহাৰাণী দ্বিতীয় এলিজাবেথৰ স্মৃতিত শোক পুথিত স্বাক্ষৰ কৰিছে (President Droupadi Murmu signed Condolence Book) ।"

ইয়াৰ উপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ হলত ৰাণী দ্বিতীয় এলিজাবেথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (tributes to Queen Elizabeth II) । তাতেই আছে ৰাণী কফিনত শায়িত হৈ আছে (Murmu met Charles III at Buckingham Palace) । "ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৱেষ্টমিনষ্টাৰ হল লণ্ডন ভ্ৰমণ কৰে য'ত মহাৰাণী দ্বিতীয় এলিজাবেথৰ মৃতদেহ শায়িত হৈ আছে । ৰাষ্ট্ৰপতিয়ে নিজৰ লগতে ভাৰতৰ জনসাধাৰণৰ হৈ তেওঁৰ বিদেহ আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।" ৰাষ্ট্ৰপতি ভৱনে পূৰ্বতে এনেদৰে টুইট কৰিছিল ।

উল্লেখ্য, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সোমবাৰে ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিবলৈ ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ চৰকাৰী ভ্ৰমণ সূচী লৈ ব্ৰিটেইনলৈ গৈছে । তেওঁ লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত (Queen Elizabeth II state funeral) অংশগ্ৰহণ কৰিবলৈ শনিবাৰে লণ্ডনৰ গেটৱিক বিমানবন্দৰত উপস্থিত হয় ।

ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাকে ধৰি দ্ৰৌপদী মূৰ্মু আৰু তেওঁৰ দলৰ সদস্যসকলক লৈ যোৱা ৰাষ্ট্ৰপতিৰ বিমানখন লণ্ডনৰ গেটৱিক বিমানবন্দৰত ভাৰতীয় সময় মতে 8.50 বজাত অৱতৰণ কৰে । তাৰ পৰা তেওঁ উক্ত ভ্ৰমণৰ সময়ছোৱাত থাকিবলগীয়া হোটেলখনলৈ ৰাওনা হয় । বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীক ভাৰতৰ উচ্চায়ুক্তই ব্ৰিটেইনলৈ আদৰণি জনায় ।

আজি তেওঁ ৱেষ্ট গে'ট অব ৱেষ্টমিনিষ্টাৰ এবেত ৰাণীৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকিব । আবেলিৰ ভাগলৈ তেওঁ ব্ৰিটেইনৰ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা বিভাগৰ সচিব জেমছ ক্লেভাৰলিয়ে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য, ব্ৰিটেইনৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান আৰু কমনৱেলথ অব নেচনছৰ মুৰব্বী ৯৬ বছৰীয়া ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত মৃত্যু হয় । তেওঁক ১৯ ছেপ্টেম্বৰ, সোমবাৰে ৱেষ্টমিনষ্টাৰ এবেত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে চিৰ বিশ্ৰাম দিয়া হ'ব । ৮ ছেপ্টেম্বৰত মৃত্যু হোৱা ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই ১১ ছেপ্টেম্বৰত সমগ্ৰ ভাৰতত এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হয় (mourn to Queen Elizabeth II in India) ।

লগতে পঢ়ক :আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্রিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.