প্ৰতিষেধক লোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ল’বলগীয়া যতন

author img

By

Published : May 19, 2021, 7:15 AM IST

Doctors' advice for post-vaccine care at home

“দ্য কুৱালিশ্বন ফৰ ফুড এণ্ড নিউট্ৰিশ্বন ছিকিউৰিটি”(চিএফএনএছ)ৰ কাৰ্যবাহী সচিব সুজিত ৰঞ্জনৰ মতে, টীকাকৰণ হোৱাৰ পাচত প্ৰতিষেধক প্ৰদান কৰা ঠাইত কিছু সময়ৰ বাবে ৰৈ দিয়াটো জৰুৰী ৷ প্ৰতিষেধকে আপোনাৰ শৰীৰত কোনো ধৰণৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নে নাই সেই বিষয়ে সুনিশ্চিত হ’বলৈ স্বাস্থ্যকৰ্মীসকলে আপোনাক ৩০ মিনিটৰ বাবে পৰ্যবেক্ষণ কৰাটো উচিত ৷ অৱশ্যে পাৰ্শ্বক্ৰিয়াই অতি ভীষণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদাহৰণ একেবাৰেই নগণ্য ৷

আই এ এন এছ লাইফ:

ক’ভিড-১৯ ৰ প্ৰতিষেধক লোৱাৰ পাচত বেজী লোৱা হাতখন আৰু বেজী লোৱা ঠাই টুকুৰাত বিষ অনুভৱ হোৱা, সামান্য জ্ৱৰ উঠা, এলাহ এলাহ লগা, মূৰৰ বিষ হোৱা, ঠাণ্ডা লগা আনকি গ্ৰহণীৰ লক্ষণে দেখা দিয়াৰ দৰে লক্ষণবোৰক সাধাৰণ লক্ষণ বুলিয়ে গণ্য কৰা হয় ৷ চিকিৎসকসকলৰ মতে, কোনো লোকে ভাইৰাছৰ পৰা সুৰক্ষিত হৈ থকাৰ উদ্দেশ্যে সঠিক পদক্ষেপ গ্ৰহণ কৰি প্ৰতিষেধক লোৱাৰ পাচত যদি তেওঁৰ গাত এই লক্ষণবোৰে দেখা দিয়ে, তেন্তে ইয়াক ঘৰতে দূৰ কৰিব পৰা যায় ৷

“দ্য কুৱালিশ্বন ফৰ ফুড এণ্ড নিউট্ৰিশ্বন ছিকিউৰিটি”(চিএফএনএছ)ৰ কাৰ্যবাহী সচিব সুজিত ৰঞ্জনৰ মতে, টীকাকৰণ হোৱাৰ পাচত প্ৰতিষেধক প্ৰদান কৰা ঠাইত কিছু সময়ৰ বাবে ৰৈ দিয়াটো জৰুৰী ৷ প্ৰতিষেধকে আপোনাৰ শৰীৰত কোনো ধৰণৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নে নাই সেই বিষয়ে সুনিশ্চিত হ’বলৈ স্বাস্থ্যকৰ্মীসকলে আপোনাক ৩০ মিনিটৰ বাবে পৰ্যবেক্ষণ কৰাটো উচিত ৷ অৱশ্যে পাৰ্শ্বক্ৰিয়াই অতি ভীষণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদাহৰণ একেবাৰেই নগণ্য ৷

“প্ৰতিষেধক হ’ল কোনো ৰোগ এবিধ নোহোৱাকৈয়ে ৰোগবিধৰ বিৰুদ্ধে প্ৰতিৰোধক ক্ষমতা সৃষ্টি কৰাৰ উপায় ৷ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ৰোগ প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰাটো যেনেকৈ সাধাৰণ ঘটনা ঠিক তেনেকৈ প্ৰতিষেধক লোৱাৰ পাচত সামান্য পাৰ্শ্বক্ৰিয়া হোৱাটোও স্বাভাৱিক আৰু এনে ধৰণৰ পাৰ্শ্বক্ৰিয়া দুই এদিনৰ ভিতৰতে নোহোৱাও হয়”- আই এ এন এছ লাইফৰ ৰঞ্জনে এইদৰে জানিবলৈ দিয়ে ৷

বেংগালুৰুৰ ক’ৰমংগলৰ এপ’ল’ স্পেক্ট্ৰা চিকিৎসালয়ৰ চিকিৎসক তেজস্বীনি দীপকে কয় যে, প্ৰতিষেধক লোৱাৰ অৰ্থ এইটো নহয় যে আপুনি ভাইৰাছবিধৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিৰোধী ক্ষমতা লাভ কৰিছে ৷ কিন্তু এই মহামাৰীৰ বিৰুদ্ধে সমূহীয়া ৰণখনত অগ্ৰসৰ হোৱাৰ দিশত প্ৰতিষেধক গ্ৰহণ কৰাটো এক বুদ্ধিমানী সিদ্ধান্ত ৷ প্ৰতিষেধক গ্ৰহণ কৰোতাজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি এই প্ৰতিষেধকে সামান্য পৰিমাণে পাৰ্শ্বক্ৰিয়া দেখুৱাই আৰু এই লক্ষণবোৰ ঘৰতে অতি সহজেই দূৰ কৰিব পাৰি ৷

“প্ৰতিষেধক লোৱাৰ পাচত আলস্য ভাৱ অহা, মূৰৰ বিষ তথা শৰীৰ দূৰ্বল লাগিব পাৰে ৷ শৰীৰত তৰল পদাৰ্থ বৰ্তাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি জৰুৰী ৷ লগতে ভালকৈ টোপনি যোৱা, সন্তুলিত আহাৰ গ্ৰহণ কৰা, কম কষ্টদায়ক ব্যায়াম কৰা আৰু কেফেইন গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ শৰীৰৰ বিষ দূৰ কৰিবলৈ এটা পেৰাচিটামলৰ বড়ি গ্ৰহণ কৰিব পাৰে” চিকিৎসকজনে এইদৰে কয় ৷

“বেজী লোৱা ঠাই টুকুৰাত অনুভূত হোৱা বিষ এদিনতে কমে ৷ আনহাতে জ্বৰ আৰু গাৰ বিষ দুদিন বা তিনিদিন পৰ্যন্ত থাকিব পাৰে ৷ প্ৰথম চৰ্ত হ’ল আপুনি পাৰ্শ্বক্ৰিয়াবোৰৰ বাবে ভয় খাব নালাগে ৷ বৰং এই লক্ষণবোৰ একেবাৰেই সাধাৰণ বুলি নিশ্চিন্ত থকা উচিত ৷ বেজী লোৱা ঠাই টুকুৰাত হোৱা বিষ কমাবলৈ আপুনি ভিজা কাপোৰ (ঠাণ্ডা) এটুকুৰা ৰাখিব পাৰে ৷ নাইবা, যদি প্ৰয়োজন হয় তেন্তে দৰৱ ব্যৱহাৰ কৰিব পাৰে ৷ জ্বৰৰ বাবে এণ্টিপাইৰেটিক্স (জ্বৰ কমোৱাৰ ঔষধ) লোৱা উচিত আৰু যথেষ্ট পৰিমণে পানী সেৱন কৰিব লাগে ৷ জ্বৰ উঠিলে জিৰণি লোৱাৰ দৰকাৰ ৷

“পাৰ্শ্বক্ৰিয়াবোৰৰ বিষয়ে জানিবলৈ গুগল খুচৰাতকৈ ইয়াক নিজে নিজে দূৰ কৰিবলৈ চেষ্টা কৰাটোহে উচিত ৷ ইণ্টাৰনেটত এই সম্পৰ্কে পঢ়ি বহু লোক সন্ত্ৰস্ত হৈ পৰে আৰু ইয়াৰ পৰিণতিত অযুক্তিকৰ আৰু ক্ষতিকাৰক কাম কিছুমানত লিপ্ত হোৱা আমি দেখিবলৈ পাইছো ৷ তাতকৈ চিকিৎসক এজনৰ সৈতে কথা পতা ভাল ৷ যদি আপুনি অন্য ধৰণৰ পাৰ্শ্বক্ৰিয়াত ভূগে বা গাৰ বিষ এদিনতকৈ বেছি সময় থাকে বা জ্বৰ দুদিন বা তিনিদিনতকৈ অধিক সময়লৈকে থাকে তেন্তে আপুনি চিকিৎসকক জনোৱা উচিত”- দিল্লীৰ ইউনিভাৰ্চিটি কলেজ অৱ মেডিকেল ছায়েঞ্চ আৰু জিটিবিৰ কমিউনিটি মেডিছিন বিভাগৰ অধ্যক্ষ খান আমিৰ মাৰুফে জানিবলৈ দিয়ে ৷

বেজী লোৱা ঠাই টুকুৰা এটুকুৰা ভিজা কাপোৰেৰে মেৰিয়াই থ'লে বিষ, ওখহা আৰু ৰঙা পৰা হ্ৰাস কৰাত সহায় কৰে ৷ ই সংক্ৰমণ ৰোধ কৰাতো সহায় কৰে বুলি চিকিৎসকজনে কয় ৷

নতুন দিল্লীৰ এপ’ল’ স্পেক্ট্ৰা নেহৰু এনক্লেভৰ সাধাৰণ চিকিৎসক নৱনীত কৌৰে পৰামৰ্শ আগবঢ়াই কৈছে “প্ৰতিষেধক লোৱাৰ পাচত এণ্টি-ইনফ্লেমেটৰী আহাৰ যেনে ষ্ট্ৰবেৰী, চেৰী, কমলা, মেকাৰেল, সেউজীয়া শাক-পাচলি আৰু বাদাম আদি খাব লাগে ৷ প্ৰ’ছেছড অথবা জাংক ফুড খোৱাটো নিয়ন্ত্ৰণ কৰক ৷ মনত ৰখা উচিত যে স্বাস্থ্যসন্মত আহাৰে ওখহা কমোৱাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধক ক্ষমতাৰো বৃদ্ধি কৰে ৷ তদুপৰি, নিশা ভালকৈ টোপনিও যাব লাগিব আৰু পৰিশ্ৰম ত্যাগ কৰিব লাগিব”৷

মাৰুফে লগতে যোগ দিয়ে দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পাচত প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পাবলৈ প্ৰায় দুসপ্তাহৰ প্ৰয়োজন হয় ৷ তদুপৰি প্ৰতিষেধকসমূহো সম্পূ্ৰ্ণ এশ শতাংশই কাৰ্যকৰী নহয় ৷ সেয়ে আনকি প্ৰতিষেধক লোৱাৰ পাচতো সংক্ৰমণ হোৱাৰ (ব্ৰেকথ্ৰু ইনফেকশ্বন) অৱকাশ ৰৈ যায় ৷

আনহাতে, প্ৰতিষেধক লোৱাৰ পাচত সুৰাপান কৰাক লৈ ভিন্ন মত থকা দেখা যায় ৷ কিন্তু সৰহ সংখ্যক চিকিৎসকেই সুৰাৰ পৰা আঁতৰি থাকিবলৈকে পৰামৰ্শ আগবঢ়ায় ৷ মাস্ক পৰিধান কৰা, সঘনাই হাত ধুই থকা আৰু সামাজিক দূৰত্ব মানি চলাৰ বিষয়ে পুনৰ দোহৰাৰ প্ৰয়োজন হয়তো নাই ৷ তথাপি এই নিয়মসমূহ মানি চলাতো অতি প্ৰয়োজনীয় ৷ এই পাৰ্শ্বক্ৰিয়াসমূহে আপোনাক প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত নিৰুৎসাহী কৰি তোলা উচিত নহয় ৷

(আই এ এন এছ লাইফৰ সৈতে যোগাযোগ কৰিবৰ বাবে ianslife@ianslife.in মেইল আইডিটো ব্যৱহাৰ কৰক)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.