Man slits throat in Delhi: দা আৰু পিষ্টল লৈ দিল্লীৰ ৰাজপথত যুৱকৰ চাঞ্চল্যকৰ কৰ্ম কাণ্ড
Published: Mar 18, 2023, 8:36 PM


Man slits throat in Delhi: দা আৰু পিষ্টল লৈ দিল্লীৰ ৰাজপথত যুৱকৰ চাঞ্চল্যকৰ কৰ্ম কাণ্ড
Published: Mar 18, 2023, 8:36 PM
দিল্লীৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা ৷ ২৯ বছৰীয়া যুৱকে দাৰে নিজৰ ডিঙি ফালি হাতত দা আৰু পিষ্টল লৈ ৰাজপথত দৌৰি থকা দেখা গৈছিল ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত যুৱকজন (Delhi man slits his own throat) ৷
নেশ্যনেল ডেস্ক, 18 মাৰ্চ : দেশৰ ৰাজধানী দিল্লীত বৃহস্পতিবাৰৰ সন্ধিয়া চাঞ্চল্যকৰ ঘটনা ৷ ২৯ বছৰীয়া যুৱকে দাৰে নিজৰ ডিঙি ফালি হাতত দা আৰু পিষ্টল লৈ ৰাজপথত দৌৰি থকা দেখা গৈছিল বুলি বিষয়াসকলে জনায় । শ্বাহদৰা জিলাৰ মনছাৰোভাৰ পাৰ্ক থানা এলেকাৰ অধীনস্থ নাথু চ’কত সৃষ্টি হয় এই চাঞ্চল্যকৰ পৰিস্থিতিৰ । ধৃত যুৱকজন সম্প্ৰতি ৰাজধানীখনৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়াৰ লগতে তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে (Man slits throat)।
লোকজনৰ নাম কৃষণ শ্বেৰৱাল বুলি জানিবলৈ পৰা গৈছে ৷ কৃষণ শ্বেৰৱালৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷ উক্ত সময়চোৱাত শ্বেৰৱালে সহকাৰী উপ পৰিদৰ্শক (এ এছ আই) জিতেন্দৰ পাৱাৰকো আক্ৰমণ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আচলতে, আৰক্ষী বিষয়াজনৰ চাৰ্ভিচ পিষ্টল লুটি নিয়াৰ ফলত পথত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । বহু লোকক আক্ৰমণৰো লক্ষ্য কৰি লৈছিল যুৱকজনে (Delhi man slits his own throat) ৷
সমগ্ৰ ঘটনাটো উক্ত স্থানত স্থাপন কৰা চিচিটিভি কেমেৰাত ধৰা পৰে । আৰক্ষীয়ে হত্যাৰ চেষ্টাকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে কৃষণ শ্বেৰৱালৰ বিৰুদ্ধে । অভিযুক্তক জিটিবি হাস্পতালত ভৰ্তি কৰোৱা হৈছে (Delhi man runs on streets with knife and gun) ।
আৰক্ষীয়ে জনোৱা মতে, কৃষণ শ্বেৰৱাল (২৯) শ্বাহদাৰাৰ হৰদীপ পুৰিত এটা ভাৰাঘৰত বাস কৰিছিল । বৃহস্পতিবাৰে সন্ধিয়া দাৰে ডিঙি কাটি ৰাস্তাত দৌৰিবলৈ আৰম্ভ কৰে যুৱকজনে । এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দুটাকৈ ফোন লাভ কৰে বুলি উল্লেখ কৰে । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগে শ্বেৰৱালে এ এছ আই জিতেন্দৰ পাৱাৰক আক্ৰমণ কৰি তেওঁৰ চাৰ্ভিচ পিষ্টল কাঢ়ি লৈ যায় ।
লগতে পঢ়ক : ICC issues arrest warrant against Putin : পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা
আৰক্ষীয়ে জনোৱা মতে, শ্বেৰৱালে চাৰ্ভিচ গানৰ পৰা এটা ৰাউণ্ড খুলিছিল যিয়ে ব্যস্ত ৰাস্তাটোত আতংকৰ সৃষ্টি কৰিছিল । দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । শ্বেৰৱালে পত্নীৰ পৰা বিচ্ছিন্ন হৈ ডিপ্ৰেছনত ভুগি আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰাথমিক তদন্তত পোহৰলৈ অহা বুলি কয় ।
