Court grants ordinary passport for Rahul Gandhi : ৩ বছৰৰ বাবে ৰাহুলে পাব পাছপোৰ্ট

author img

By

Published : May 26, 2023, 5:05 PM IST

Court granted ordinary passport for Rahul Gandhi

ৰাহুল গান্ধীয়ে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন জনাইছিল (Rahul appealed for an ordinary passport)। দিল্লীৰ এখন আদালতে তেওঁৰ আবেদনত আংশিকভাৱে মঞ্জুৰি দিছে । ৩ বছৰৰ বাবে পাছপোৰ্টৰ এনঅ'চি জাৰী কৰিছে ।

নেশ্যনেল ডেস্ক,২৬ মে': আদালতে আংশিকভাৱে মঞ্জুৰ কৰিছে ৰাহুল গান্ধীৰ পাছপোৰ্টৰ আবেদন (Court partially granted Rahul plea for passport)। দিল্লীৰ এখন আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাছপোৰ্টৰ আবেদন মঞ্জুৰ কৰাৰ লগতে তিনি বছৰৰ এনঅ'চি জাৰী কৰিছে (Court issued 3 year NOC for passport)।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল কাৰণ তেওঁ সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা হোৱাৰ পাছতে তেওঁ কূটনৈতিক পাছপোৰ্ট দাখিল কৰিব লগা হৈছিল (Rahul appealed for an ordinary passport)। ৰাহুল গান্ধীৰ অধিবক্তাক উদ্দেশ্যি আদালতে কয় যে ১০ বছৰৰ পৰিবৰ্তে ৩ বছৰৰ বাবে হে আংশিকভাৱে আবেদনত অনুমতি দিয়া হৈছে ।

ৰাহুল গান্ধী বৰ্তমান নেচনেল হেৰাল্ড গোচৰৰ অভিযুক্ত (National Herald case)। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে এই সন্দৰ্ভত অভিযোগ দিছিল । শুকুৰবাৰে পুৱা আদালতে ৰাহুল গান্ধীৰ আবেদন সন্দৰ্ভত এক শুনানিত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ বৈভৱ মেহতাই দুয়োপক্ষৰ যুক্তি শুনি আদেশটো সংৰক্ষিত ৰাখে ।

সুব্ৰমনিয়াম স্বামীয়ে ৰাহুল গান্ধীৰ আবেদনৰ বিৰোধিতা কৰে আৰু দাবী কৰে যে তেওঁৰ যোগ্যতাৰ অভাৱ আছে । যাৰ বাবে তেওঁক পাছপোৰ্ট কেৱল এবছৰৰ বাবে জাৰী কৰিবলৈ অনুৰোধ জনাইছিল । ইয়াৰ বাবে প্ৰতি বছৰে পৰৱৰ্তী নৱীকৰণ কৰাৰ প্ৰয়োজন বুলিও তেওঁ পৰামৰ্শ দিছিল ।

স্বামীয়ে ৰাহুল গান্ধীৰ নাগৰিকত্বকলৈও প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ দাবী কৰিছিল যে ৰাহুল গান্ধীৰ পূৰ্বৰ ব্ৰিটিছ নাগৰিকত্বৰ বাবে তেওঁৰ স্থিতি সম্পৰ্কে সন্দেহ আছে । অৱশ্যে, কংগ্ৰেছ নেতাগৰাকীৰ অধিবক্তা তৰান্নুম চিমাই এই দাবীসমূহৰ বিৰোধিতা কৰি কয় যে নাগৰিকত্বৰ বিষয় সম্পৰ্কীয় দুখন আবেদন ইতিমধ্যে উচ্চ আদালতে খাৰিজ কৰিছে । অধিবক্তাই যুক্তি দি কয় যে পাছপোৰ্ট ১০ বছৰৰ বাবে জাৰী কৰিব লাগে । নেচনেল হেৰাল্ড গোচৰটো সুব্ৰমনিয়াম স্বামীয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু কেইবাগৰাকী নেতাৰ বিৰুদ্ধে দাখিল কৰিছিল ।

লগতে পঢ়ক :Centre ordinance row : সমৰ্থন বিচাৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.