Ganja Smuggler Arrested : গাঞ্জা সৰবৰাহৰ অভিযোগত ডেৰাডুনত গ্ৰেপ্তাৰ মণিপুৰৰ ছাত্ৰ

author img

By

Published : Jan 21, 2023, 2:29 PM IST

Ganja Smuggler Arrested

ডেৰাডুনত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ মণিপুৰৰ এজন যুৱক (Manipur youth arrested in Deradun)। যুৱকজনৰ পৰা গাঞ্জা উদ্ধাৰ । ডেৰাডুনৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰ অভিযুক্ত সৰবৰাহকাৰীজন । ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ছাত্ৰজনক ।

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰাখণ্ডত নিচা জাতীয় দ্ৰব্যৰ বেহা অব্যাহত আছে । আৰক্ষীয়ে গাঞ্জা, ড্ৰাগছ আদি নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও দুষ্টচক্ৰই এই ধৰণৰ ব্যৱসায় চলাই গৈছে (Drugs smuggling in Uttarakhand)। বিশেষকৈ গাঞ্জা সৰবৰাহৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে দুষ্টচক্ৰই ।

আনকি এই ধৰণৰ কাৰ্যকলাপত জড়িত হৈ পৰিছে একাংশ বিদ্যালয়, মহাবিদ্যালয় আদিৰ ছাত্ৰ । এইবাৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযানত গ্ৰেপ্তাৰ এখন প্ৰখ্যাত মহাবিদ্যালয়ৰ ছাত্ৰ (Student arrested with ganja in Dehradun)। ছাত্ৰজনৰ পৰা ৫৪০ গ্ৰাম গাঞ্জাও জব্দ কৰিছে আৰক্ষীয়ে ।

প্ৰেমনগৰ আৰক্ষীয়ে অভিযান চলাই গাঞ্জাৰ চোৰাং সৰবৰাহ চলি থকাৰ মাজতে সুধাউৱালাৰ সমীপৰ পৰা ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু তেওঁক আদালতত হাজিৰ কৰোৱাৰ লগতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে (Ganja smuggler arrested in Dehradun)।

উল্লেখ্য যে ডেৰাডুনৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশনা অনুসৰি, জিলাখনত ড্ৰাগছৰ বৰ্ধিত প্ৰৱণতা প্ৰতিৰোধ কৰিবলৈ আৰক্ষী অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ অংশস্বৰূপে প্ৰেমনগৰ আৰক্ষী থানাত গঠন কৰা আৰক্ষীৰ এটা দলে শক্তি বিহাৰ সুধাউৱালাৰ সমীপত এক তালাচী চকী স্থাপন কৰে । এই তালাচীৰ মাজতে আৰক্ষীয়ে এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক ৫৪০ গ্ৰাম গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰে (Ganja seized at Dehradun)।

ধৃত ছাত্ৰগৰাকী ২২ বছৰীয়া আকাশ বুলি জানিব পৰা গৈছে । ছাত্ৰজন মণিপুৰৰ ইম্ফলৰ বাসিন্দা । বৰ্তমান তেওঁ শক্তি বিহাৰ সুধাউৱালাত আছিল । আকাশ সেই অঞ্চলৰ এখন প্ৰসিদ্ধ মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰ । প্ৰেমনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ বিষ্টে কোৱা মতে অভিযুক্ত ছাত্ৰজনৰ পৰা উদ্ধাৰ কৰা গাঞ্জাখিনি ইম্ফলৰ পৰা ডেৰাডুনলৈ অনা হৈছিল ।

ইয়াৰ পূৰ্বেও সেই গাঞ্জা অঞ্চলটোৰ বহু যুৱকক বিক্ৰী কৰা হৈছিল । প্ৰেমনগৰ আৰক্ষী থানাত এনডিপিএছ আইনৰ অধীনত ছাত্ৰজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । লগতে, ছাত্ৰজনে গাঞ্জা বিক্ৰী কৰা মহাবিদ্যালয়খনৰ আন আন শিক্ষাৰ্থীসকলৰো তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে । ইফালে গাঞ্জা সৰবৰাহৰ দৰে অপকৰ্মত ছাত্ৰ সমাজ জড়িত হোৱাৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :NIA charge sheet against PFI : ভাৰতক ইছলামিক দেশ কৰাৰ ষড়যন্ত্ৰ, NIAৰ অভিযোগনামাত ভয়ংকৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.