প্ৰতিকূল বতৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী বাতিল

author img

By

Published : Sep 30, 2022, 4:23 PM IST

Updated : Sep 30, 2022, 5:08 PM IST

Defence Minister Arunachal visit

প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী (Defence Minister Arunachal visit) ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেলা পাছত নিৰ্মীয়মাণ বিশ্বৰ প্ৰথমটো সুউচ্চ সুৰংগ পথ পৰিদৰ্শন কৰাৰ কথা আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Sela pass tunnel) ৷ প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হ'ল প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী ।

চেলা পাছ টাৱাং, 30 ছেপ্টেম্বৰ: প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হ'ল প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী (Defence Minister Arunachal visit) ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেলা পাছত নিৰ্মীয়মান বিশ্বৰ প্ৰথমটো সুউচ্চ সুৰংগ পথ পৰিদৰ্শন কৰাৰ কথা আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Sela pass tunnel) ৷

উল্লেখ্য যে, সাগৰ পৃষ্ঠৰ পৰা ১৩ হেজাৰ ফুট উচ্চতাত সীমান্ত পথ সংস্থাই (BRO) নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে দ্বৈত পথযুক্ত সুৰংগ পথটোৰ ৷ উক্ত সুৰংগ পথটো পৰিদৰ্শন কৰাৰ কথা আছিল প্ৰতিৰক্ষা মন্ত্ৰীৰ । কিন্তু প্ৰতিকূল বতৰৰ বাবে বিমান অৱতৰণৰ আগতীয়া খবৰৰ ভিত্তিত বাতিল কৰা হয় উক্ত ভ্ৰমণসূচী ৷

উল্লেখ্য, অৰুণাচলত ইতিমধ্যে আৰম্ভ হৈছে তুষাৰপাত ৷ দেশৰ পূৱ প্ৰান্তৰ অৰুণাচল ভ্ৰমণৰ পিছত বৃহস্পতিবাৰে বিয়লি তেজপুৰত উপস্থিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Defence Minister Rajnath Singh) ৷

প্ৰতিকূল বতৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী বাতিল

চেলা পাছৰ ভ্ৰমণসূচী বাতিল হোৱাৰ পিছত তেজপুৰৰ পৰাই দিল্লীলৈ উৰা মাৰে ৰাজনাথ সিং ৷ আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰিৱৰ্তে উক্ত সুৰংগ পথটো পৰিদৰ্শন কৰে BRO ৰ সঞ্চালক প্ৰধান জেনেৰেল ৰাজীৱ চৌধুৰীয়ে ৷ উল্লেখ্য, ২০১৯ বৰ্ষত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা নিৰ্মীয়মাণ এই সুৰংগ পথটোৰ ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ ১.৫ কিঃমিঃ দৈৰ্ঘ্যৰ উক্ত সুৰংগ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে ৯ কিঃমিঃ পথৰ দৈৰ্ঘ্য লাঘৱ হ'ব ৷ টাৱাং সংযোগী এই সুৰংগ পথটো ভাৰতীয় সেনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷

উল্লেখ্য যে, পশ্চিম অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ টাৱাং সংযোগী পথত সুৰংগটো পথটোৰ ২০১৯ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটানগৰৰ পৰা আধাৰশিলা স্থাপন কৰিছিল । পথৰ সমান্তৰালভাৱে দুটাকৈ সুৰংগ নিৰ্মাণেৰে ইয়াৰ প্ৰতিটোৰে দৈৰ্ঘ্য 1790 মিটাৰৰ হিচাপত দুটা টিউব সংযোজন কৰা হৈছে ।

অতি গুৰুত্বপূৰ্ণ ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী এই পাহাৰীয়া পথছোৱাত হৈ অহা অত্যধিক ভূমিস্খনৰ ফলত পথছোৱা বহু সময়ত বন্ধ হৈ থাকিলগীয়া হয় । সেনাবাহিনীৰ ৰছদপাতি লৈ অত্যন্ত বৰফময় আৰু দুৰ্গম পথটোৰে গৈ সীমান্তত উপস্থিত হ’বলৈ কেতিয়াবা কেতিয়াবা সময় লাগে 7 দিন পৰ্যন্ত ৷ কিন্তু এই সুৰংগ পথটো সম্পূৰ্ণ হৈ উঠিলে এতিয়া আৰু এই অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহ’ব ।

লগতে পঢ়ক: 2023 ৰ ভিতৰত মুকলি হ’ব অৰুণাচলত নিৰ্মীয়মান চেলা সুৰংগ

Last Updated :Sep 30, 2022, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.