শহুৰেকে বোমাৰে উৰুৱাই দিয়া বিদ্যালয়ত পাঠদান কৰে বোৱাৰীয়েকে

author img

By

Published : Oct 1, 2022, 10:27 PM IST

Updated : Oct 1, 2022, 10:58 PM IST

daughter-in-law-teaches-in-school-once-blown-by-naxalite-father-in-law-baleshwar-koda-in-jamui

পৰিয়ালৰ তেজৰ চেকুৰা লগা ইতিহাস সলনি কৰিলে এগৰাকী ব্যতিক্ৰমী মহিলাই ৷ বালেশ্বৰ কোড়াৰ বোৱাৰীয়েক ৰঞ্জু দেৱীয়ে নতুন উৎসাহ উদ্দীপনাৰে পুনৰ গাওঁখনলৈ শিক্ষাৰ পোহৰ আনিবলৈ প্ৰয়াস কৰিছে (Baleshwar Koda Daughter In Law Ranju In Jamui) ৷

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: নাৰীৰ শক্তি অপাৰ ৷ নাৰীয়ে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে ৷ পৰিয়ালৰ তেজৰ চেকুৰা লগা ইতিহাস সলনি কৰিলে এগৰাকী ব্যতিক্ৰমী মহিলাই ৷

এসময়ত বিহাৰৰ জামুইত নক্সালবাদী বালেশ্বৰ কোড়াৰ নাম লোৱাৰ লগে লগে মানুহ কঁপি উঠিছিল ৷ এই ঘটনাই সংঘটিত কৰি সমগ্ৰ অঞ্চল কঁপাই তুলিছিল ৷ বালেশ্বৰ কোড়াই বহুতো বিদ্যালয়ত বোমা বিস্ফোৰণ কৰিছিল ৷ এটা সময়ত চোৰমাৰা গাওঁখনৰ ভীমবন্ধ বনাঞ্চলৰ ভিতৰত আটাইতকৈ নক্সাল প্ৰভাৱিত গাওঁ বুলি গণ্য কৰা হৈছিল(Baleshwar Koda Daughter In Law Ranju In Jamui) ৷

কুখ্যাত নক্সালবাদী বালেশ্বৰ কোড়াৰ আতংকত গাওঁবাসীয়ে থৰথৰকৈ কঁপিছিল ৷ ২০০৭ চনত বালেশ্বৰ কোড়াই চোৰমৰা প্ৰাথমিক বিদ্যালয়লৈ উৰুৱাই দিয়ে ৷ পৰৱৰ্তী সময়ত বালেশ্বৰ কোড়াই ২০২২ চনত দুজন সহকৰ্মীৰ সৈতে জুন মাহত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ৷

ইয়াৰ পিছতেই গাওঁখনত সলনি হৈছে পৰিৱেশ ৷ বালেশ্বৰ কোড়াৰ বোৱাৰীয়েক ৰঞ্জু দেৱীয়ে নতুন উৎসাহ উদ্দীপনাৰে পুনৰ গাওঁখনলৈ শিক্ষাৰ পোহৰ আনিবলৈ প্ৰয়াস কৰিছে ৷ তেওঁ শহুৱেকে ধ্বংস কৰা চৰকাৰী বিদ্যালয় ভৱনটো পুনৰ নিৰ্মাণ কৰে (Prathmik Vidyalaya Chormara Jamui)৷ সম্প্ৰতি ৰঞ্জুৱে শিশুসকলক পাঠদান কৰাৰ লগতে তেওঁলোকক সঠিক পথ অনুসৰণ কৰিবলৈ শিকাই ৷

daughter-in-law-teaches-in-school-
পৰিয়ালৰ ইতিহাস সলনি কৰিলে এগৰাকী ব্যতিক্ৰমী মহিলাই

বৰ্তমান 186 টা শিশুক চোৰমাৰা প্ৰাথমিক বিদ্যালয়খনত নামভৰ্তি কৰা হৈছে ৷ শিশুসকলেও প্ৰতিদিনে বিদ্যালয়লৈ আহে ৷ সম্প্ৰতি গাঁৱৰ লোকসকলেও ৰঞ্জু দেৱীৰ প্ৰচেষ্টাক সম্পূৰ্ণ কৃতিত্ব দিয়ে।

ৰঞ্জু দেৱীয়ে এই সন্দৰ্ভত কয় যে "মই এতিয়া শিশুসকলক শিকাওঁ আৰু ভাল অনুভৱ কৰোঁ ৷ সমাজত মোৰ খ্যাতিও বৃদ্ধি পাইছে। মই বিচাৰো যে যুৱকসকলে তেওঁলোকৰ জীৱনত অধ্যয়ন কৰক আৰু আগবাঢ়ি যাওক। শিক্ষা অতি গুৰুত্বপূৰ্ণ (Bahu of Naxalite became teacher in Jamui) ৷"

ইফালে জামুইৰ আৰক্ষী অধীক্ষক শৌৰ্য সুমনেও ৰঞ্জুৰ প্ৰশংসা কৰে আৰু কয় যে নক্সালবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ প্ৰশাসনে পৰিয়ালৰ সদস্যসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে ৷ বালেশ্বৰৰ বোৱাৰীয়েকে নিৰন্তৰ চেষ্টা কৰি আছিল, যাৰ বাবে আমি ইমান ডাঙৰ সফলতা লাভ কৰিছিলো ৷ প্ৰথমে, আমি জিলা আৰক্ষী আৰু চিআৰপিএফ অঞ্চলসমূহত নক্সালমুক্ত কৰিবলৈ চেষ্টা কৰিছো তেতিয়াহে গাওঁখনৰ উন্নয়ন হ’ব ৷

লগতে পঢ়ক: ধৰ্মান্তৰ কৰি মুছলমান যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল হিন্দু যুৱতী

Last Updated :Oct 1, 2022, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.