Daily Horoscope for 8th December: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Dec 8, 2021, 5:00 AM IST

Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ শান্ত হৈ কৰ্ম কৰক ৷

বৃষ ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ অৱশ্যে কর্ম ব্যস্ততা বৃদ্ধি ৷ কর্মৰ খাতিৰত সৰু ভ্ৰমণৰ যোগ ৷ এই যাত্ৰাই কৰ্ম-ব্যৱসায়ত সফলতা আনিব ৷

মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিবও পাৰে ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ প্ৰেমত শুভ ৷ বৈবাহিক জীৱন আনন্দময় ৷

ককৰ্ট ৰাশি : বৈবাহিক জীৱন আনন্দময় ৷ দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷

সিংহ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নহ’লে ইয়াৰ পৰিণাম বেয়া হ’ব ৷ গ্ৰহৰ স্থান মধ্যমীয়া ৷ দৈনন্দিন কামকাজত সংঘাত আৰু বিবাদ এৰাই চলক ৷

কন্যা ৰাশি : দিনটো এলাহ ভাৱে আপোনাৰ লগ নেৰিব ৷ মূৰৰ বিষ, উদ্দিগ্নতা আদিত ভুগিব আৰু মাতৃৰ শাৰীৰিক অসুস্থতাক লৈ চিন্তিত হ’ব পাৰে ৷ প্ৰিয়জনৰ সৈতে সৰু সৰু কথাত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ পানীত থকা জীৱ আৰু অচিনাকি মহিলাৰ পৰা আঁতৰি থাকক ৷ আইনী কাগজ পত্ৰ বা মাটি সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম হাতত লওক ৷

তুলা ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ কোনো নতুন সম্পৰ্কৰ সৈতে বান্ধ খাব পাৰে ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধনাগমনৰ দিশ শুভ ৷ নতুনকৈ কোনো কাম আৰম্ভ কৰিব পাৰে, শুভ দিন ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷

ধনু ৰাশি : ধনৰ আগমন ঘটিব ৷ ভ্ৰমণৰ যোগ, বিশেষকে তীৰ্থ ভ্ৰমণৰ যোগ ৷ বৈবাহিক জীৱন আনন্দময় ৷ ভাল খাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

মকৰ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ সৰু সুৰা দুৰ্ঘটনা হ’ব পাৰে ৷ মানসিক অশান্তিও হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷

কুম্ভ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বা বিবাদত লিপ্ত হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব ৷ অতিৰিক্ত ব্যয় হ’ব পাৰে ৷ নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক ৷ দুৰ্ঘটনা হ’ব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ কাৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ ধনৰ আগমণৰ যোগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.