Daily Horoscope For 26th May: আপোনাৰ দিনটোৰ ৰাশিফল
Published: May 26, 2023, 5:46 AM


Daily Horoscope For 26th May: আপোনাৰ দিনটোৰ ৰাশিফল
Published: May 26, 2023, 5:46 AM
কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷
মেষ ৰাশি: আজি আপুনি অধিক অনুভুতিশীল হৈ পৰিব ৷ বহু ধৰণৰ চিন্তা মনলৈ আহিব, বিশেষকৈ মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তাত থাকিব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ৰ আইনী কাম হাতত নল’ব ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাবলৈ আগতকৈ বেছি কষ্ট কৰিব লাগিব ৷ দিনটো মিশ্ৰিত ফলদায়ক ৷
বৃষ ৰাশি: খং আৰু উদ্বেগে আপোনাক আগুৰি থাকিব ৷ যি কি নহওক আপোনাক আগুৰি থকা চিন্তাৰ পৰা আঁতৰি থাকি ফুৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত আবেলি একলগ হ’ব পাৰে ৷ গঠন মুলক কাম কৰি থাকক ৷ কাপোৰৰ মোনা সাজু ৰাখক, কোনদিনা ফুৰিবলৈ ওলাই যাব লাগে ঠিক নাই ৷ এইটো ধন আগমনৰ বাবে আৰু আগতে হেৰুওৱা ধন গোটোৱাৰ সঠিক সময় ৷ শুভ দিন ৷
মিথুন ৰাশি: বাহিৰলৈ যাওক আৰু বন্ধু আৰু পৰিয়ালৰ লোকক লগ কৰক, যি আপোনাক দিনটোলৈ সতেজ কৰি ৰাখিব ৷ টকা অসুবিধাত পৰিব কিন্তু যেনে তেনে আপুনি চম্ভালি ল’ব ৷ আজি আপুনি আগতে থাকি যোৱা কিছুমান কাম ভালদৰে পুৰা কৰিব পাৰিব ৷ সুন্দৰ পৰিবেশ আৰু পুৰ্ণ সহযোগ কৰা সহকৰ্মীয়ে আপোনাৰ দিন শুভ কৰি তুলিব ৷
কৰ্কট ৰাশি: আজি আপোনাৰ বাবে প্ৰেমৰ দিন বুলি কব পাৰি ৷ আজি দিনটোত আপোনাৰ বাবে বহুটো আশ্চৰ্য ৰৈ আছে , সেয়া আপোনাৰ বন্ধু ,অভিভাৱক আৰু প্ৰিয়জনৰ ফালৰ পৰা হ’বপাৰে ৷ সকলোৰে লগত বনভোজ খাবলৈ যাব পাৰে আৰু আপুনিভাল পোৱা খাদ্যৰ জুতি লব পাৰে ৷ বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীয়ে আপোনাক ইমান ভাল আৰু বুজিপোৱা লগৰী হিচাপে পাই নিজকে ধন্য মানিব ৷ চমুকে কবলৈ গলে এটা বৈভৱপূৰ্ণ দিন ৷
সিংহ ৰাশি: শান্ত হৈ থাকক , কাৰণ দিনটো বহুত ঘটনাৰে ভৰা হ’ব ৷ কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে দুবাৰ ভাবক ৷ আইনি কাম আজি পৰাপক্ষত নকৰাই মংগল ৷ সুন্দৰ কথা আৰু ভাল ব্যৱহাৰে আপোনাৰ কামত উন্নতি কৰিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে সময় ভাললৈ আনিব ৷
কন্যা ৰাশি: আপোনাৰ অপেক্ষাৰ অন্ত পৰিল , ব্যক্তিগত আৰু কাৰ্যক্ষেত্ৰত লাভৰ দিন আহিছে ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ ভ্ৰমণৰ যোগ আছে , এই ভ্ৰমণে মনত আনন্দ দিয়াৰ ওপৰিও প্ৰিয়জনৰ ইজনে সিজনৰ ওচৰ চাপি আহিব ৷ বিবাহৰ প্ৰাৰ্থী বিচাৰি থকা সকলে এই কেইদিনতে মনে বিচৰাজনক লগ পাব ৷ আগবাঢ়ক আৰু এনে এটা দিনৰ লাভ গ্ৰহন কৰক ৷
তুলা ৰাশি: এই সময় উৎসৱৰ সময়, ঘৰৰ সুন্দৰ আৰু আশাজনক পৰিবেশত আপোনাৰ কামে গতি লাভ কৰিব ৷ আপোনাৰ ওপৰৱালাক আপোনাৰ কামেৰে প্ৰভাবিত কৰিব পাৰিব ৷ পদোন্নতিৰ সময় আহিল ৷ ঘৰত আপুনি বহু উত্তেজনাৰ সন্মূখীন হ’ব, যদি আপোনাৰ বৈবাহিক জীৱন একঘেয়ামি হৈছে তেন্তে আজি তাত নতুনত্ব আহিব ৷ যদি কোনো বিপদত পৰে তেন্তে আপোনাৰ মাতৃয়ে সেই বিপদ আঁতৰোৱাত আপোনাক সহায় কৰিব ৷ মাটি সম্পত্তিৰ কাগজি কামৰ বাবে উত্তম দিন ৷
বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে সুখ আৰু দুখৰ এটা মিশ্ৰিত দিন ৷ কামৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি অলপ প্ৰতিকূল ৷ বচৰ গুৰুত্বহীনতাৰ সন্মুখীন হ’ব পাৰে ৷ শান্তভাৱে পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব যিয়ে আপোনাৰ মানসিক শান্তিত ব্যাঘাত জনায় ৷ আপোনাৰ চঞ্চল মনক শান্ত কৰিবলৈ লিখা কাম বা সাহিত্য চৰ্চা কৰক ৷ ভ্ৰমণত বেছি খৰচৰ সন্মুখীন হ’ব ৷ আপোনাৰ জমা টকাৰ ওপৰত চকু ৰাখক ৷
ধনু ৰাশি: শৰীৰৰ যত্ন লওক বা নলওক আজি বাহিৰৰ খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক , নহলে বেমাৰত পৰিব ৷ চিকিৎসকক লগ কৰাৰ কথা আছিল যদি এলাহ নকৰিব ৷ আপোনাক দিয়া কম সময়ত শেষ নহ’ব বুলি আপুনি মানসিক চাপত থাকিব লগা হ’ব ৷ নতুন কাম এতিয়াই হাতত নল’ব ৷ মিঠা কথা সকলো ক্ষেত্ৰতে লাভজনক হয় , গতিকে তিতা কথা বাদ দি তাৰ সহায় লওক ৷ আপোনাৰ খৰচৰ পৰিমান এইকেইদিনত অসম্ভব ধৰণে বৃদ্ধি হ’ব ৷
মকৰ ৰাশি: সৌভাগ্যই দেখা দিব, এই সৌভাগ্যক গ্ৰহণ কৰক ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব আৰু তাৰ লগে লগে আপোনাৰ ধনৰ ভঁৰাল বৃদ্ধি হ’ব ৷ অকলশৰীয়াসকলে তেওঁলোকৰ জীৱন সংগীক লগ পাব , বাকিসকলে তেওঁলোকৰ প্ৰিয়জনক লগ কৰিব পাৰিব ৷ সাংস্কৃতিক অনুষ্ঠানত ভাগ লবলৈ পায় আপোনাৰ মুখত হাঁহি বিৰিঙিব ৷ বজাৰ আৰু প্ৰিয় খাদ্যইও আপোনাক আনন্দিত কৰিব ৷
কুম্ভ ৰাশি: আপুনি আজি সুখী ব্যক্তি ৷ আপোনাৰ চলি থকা কাম সময়ত শেষ হোৱাত আপোনাৰ স্থিতি আৰু উৎসাহজনক হ’ব ৷ আপোনাৰ সহযোগিক তাৰ বাবে ধন্যবাদ দিবলৈ নাপাহৰিব ৷ ঘৰত শান্তি বিৰাজ কৰিব, আপোনাৰ মানসিক আৰু শাৰিৰিক স্বাস্থ্য ভাল বাবে এই শান্তি ভোগ কৰিব পাৰিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনাৰ আনন্দ দুগুণ বঢ়াব ৷ এনে সুন্দৰ আৰু আনন্দদায়ক দিন উপভোগ কৰক ৷
মীন ৰাশি: ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উপযুক্ত দিন ৷ গ্ৰহৰ প্ৰভাব তেওঁলোকৰ ওপৰত উজ্জল হৈ পৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কৰাৰ সময় হৈছে ৷ আজি যদি আপোনাক কোনো মহিলা বন্ধুৱে ফুৰিবলৈ যাবলৈ লগ ধৰে, সাবধান হওক, তেওঁ আপোনাৰ পইচাৰ বেগ খালি কৰিব ৷ আপুনি মানসিকভাৱে কিবা কথাত ভাগি পৰিব পাৰে , বিবাহিত সকলে ইজনে সিজনক সমৰ্থন কৰি দুখ মুক্ত হওক ৷
