Daily Horoscope For 25th January: আপোনাৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 25th January: আপোনাৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Your Daily Horoscope) ৷
মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব । আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব । ব্যৱসায়তো লাভ হ'ব । একেসময়তে সমাজত স্বীকৃতি প্ৰাপ্ত কৰিব । দূৰ্ঘটনা সংঘটিত হ'ব পাৰে, সাৱধানেৰে ভ্ৰমণ কৰক ।
বৃষ ৰাশি: শুভ দিন । চিন্তাসমূহ এৰাই চলক । প্ৰফুল্লিত হৈ থাকক, গৃহস্থ দিশটো শান্ত আৰু শান্তিপূৰ্ণ হৈ থাকিব । কৰ্মস্থলীটো, আপোনাৰ কৰ্তৃপক্ষ আপোনাৰ দ্বাৰা সন্তুষ্ট হ'ব ।
মিথুন ৰাশি: সাৱধান! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যাই আমনি কৰিব ৷ ব্যৱসায়িক কামত উন্নতি লাভ ৷ চকু ৰাখক, খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷
কৰ্কট ৰাশি: গণেশে আপোনাক শান্তভাৱে থকাৰ পৰামৰ্শ দিছে ৷ পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ অসামাজিক আৰু বে-আইনী কামকাজৰ পৰা দূৰত থাকক ৷
সিংহ ৰাশি: বিবাহিত সকলৰ মাজত তৰ্কবিতৰ্ক হ'ব পাৰে ৷ আপোনাৰ সংগীৰ শৰীৰ সুস্থ নাথাকিব পাৰে ৷ ধৈয্য ধৰক ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ'ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ বাবে বিপদত পৰিব পাৰে ৷
কন্যা ৰাশি: দিনটো শুভ ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷
তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ সন্তানৰ কিছু কথাই চিন্তাত পেলাব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকল বাধাৰ সন্মুখীন হ'ব ৷ দূৰ ভ্ৰমণ নকৰাই ভাল ৷ অযথা তৰ্ক বিতৰ্ক এৰাই চলক ৷ সামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হ'ব পাৰে ৷
বৃশ্চিক ৰাশি: অত্যাধিক কামৰ বোজা আজি আপোনাৰ মূল মন্ত্ৰ হ'ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপাব পাৰে ৷ ধনৰ লোকচান হ'ব পাৰে ৷
ধনু ৰাশি: পৰিয়াল ,বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্যৰ উদয় হ'ব ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷
মকৰ ৰাশি: পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ মিঠা মাতে আপোনাৰ সমস্যা দূৰ কৰিব ৷ ব্যৱসায়ত উন্নতি ৷ শৰীৰ ভালে থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷
কুম্ভ ৰাশি: শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ যেন অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ এটা ভাল দিন ইয়াক উপভোগ কৰক ৷
মীন ৰাশি: আৰ্থিক লেনদেনৰ কাম-কাজত সাৱধানতা অবলম্বন কৰক । আনৰ কামত বাধা দিয়াৰ চেষ্টা নকৰিব । দূৰ্ঘটনা সংঘটিত হ'ব পাৰে, সাৱধানতাৰে বাহন চলাব । সন্ধিয়া, বন্ধু বৰ্গৰ সৈতে আনন্দৰ সময় পাৰ কৰিব পাৰে । ভাল দিনটো উপভোগ কৰক ।
