Daily Horoscope For 23 rd January আপোনাৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 23 rd January আপোনাৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওকদিনটোৰ ৰাশিফল (Your Daily Horoscope) ৷
মেঘৰাশিঃ এই ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ভ্ৰমণৰ সুবিধা আছে । কোনো ব্যৱসায়িক সহযোগীক ধাৰ দিয়া থাকিলে, আজি সেয়া ঘূৰাই পাব । আপোনাৰ বৰ্দ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে । শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভাম্বিত হ’ব পাৰে । ঘৰত আপুনি কোনো অনুষ্ঠান তথা সমূহীয়া ভোজভাতৰ পৰিকল্পনা কৰিব পাৰে । আপোনাৰ সংগীৰ স্বাস্থ্যৰ চিন্তাই আপোনাৰ সময় আৰু মন আঁৱৰি থাকিব পাৰে ।
বৃষৰাশিঃ বৃষৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা অতি বিভ্ৰান্তিকৰ দিন । কোনো মূহুৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিছে, পিছ মূহুৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্ধীৰ বাবে বিৰক্তি অনুভৱ কৰিব । তৰ্কত লিপ্ত হ’ব পাৰে । শান্ত হওঁক । কোনো মধুৰ কিন্তু মন বিচলিত কৰিব পৰা সংগীত শুনক । কথাবোৰ দেখা পোৱাৰ দৰে বেয়া নহয় । সূৰ্যাস্তৰ সময়ত সকলো ঠিক হৈ পৰিব আৰু ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য বিষয়তো সুখ লাভ কৰিব ।
মিথুনৰাশিঃ শান্ত মস্তিষ্কৰে থাকক; নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকক । কাম বা চাপ যুক্ত যাত্ৰাৰ পৰা বিৰতি লওঁক আৰু স্বাস্থ্য তথা পুষ্টিৰ যত্ন লওঁক । আপোনাৰ শৰীৰক পুষ্টিৰ যোগান ধৰাটো আপোনাৰ কৰ্তব্য । অন্যথা বেমাৰী স্বাস্থ্য, অমনোযোগিতা, অসাৱধানতাৰ বাবে দূৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকে । ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওঁক । আবেলি পৰত নিজকে অধ্যয়ন, সৃজনশীল কাৰ্য, প্ৰসাধন কাৰ্য আদিত ব্যস্ত ৰাখক । সাধাৰণ কথাত, চাপ মুক্ত হওঁক আৰু আনন্দ লাভ কৰক । কনিষ্ঠসকলৰ অপ্ৰত্যাশিত প্ৰশ্নই অপোনাক বিৰক্ত কৰি তুলিব পাৰে (Your Daily Horoscope)।
ককৰ্ট ৰাশিঃ ভোজ, সুস্বাদ্যু আহাৰ, উদযাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা বতৰাই আপোনাক সম্পূৰ্ণ দিনটো ব্যস্ত ৰাখিব । আপুনি আনন্দ উপভোগ কৰিব আৰু নতুন ব্যৱসায়িক গোটবন্ধনৰ চিন্তা কৰিব পাৰে । প্ৰথমে অপেক্ষা কৰক আৰু চাওঁক । লগতে, এই ফলদায়ী সময়ৰ পৰা শ্ৰেষ্ঠটো লাভ কৰিবৰ বাবে, অংশীদাৰসকলৰ লগত সম্পৰ্ক উন্নত কৰিবৰ বাবে আৰু নিজৰ মূলধন সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব, তথাপিও যত্নবান হওঁক। আপোনাৰ মনত ভ্ৰমণৰ বিবেচনা থাকিব পাৰে ।
সিংহৰাশিঃ আপোনাৰ ব্যৱসায় বা সহযোগীসকলৰ বৃত্ত সম্প্ৰসাৰণ কৰিবৰ বাবে বিবেচনা কৰিব পাৰে । ধন অৰ্জনৰ বাবে সৌভাগ্যশীল সময় । আজি ব্যয় কৰা ধন, উপযুক্তভাৱে ব্যয় হ’ব আৰু আপুনি আনন্দিত অনুভৱ কৰিব । নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক; কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক । অংশীদাৰ বা ব্যৱসায়িক সহযোগীৰ পৰা বিভক্ত অনুভৱ কৰিব পাৰে বা বিনিয়োগ সংক্ৰান্তীয় কোনো অনিশ্চিত সমস্যা, মূলধন বা নতুন প্ৰকল্প সম্পৰ্কে কোনো সমস্যাৰ উদ্ভৱ হ’ব পাৰে । কোনো বিদেশী বাণিজ্যিক সহযোগীয়ে বিস্ময়কৰভাৱে উপকাৰ কৰিব ।
কন্যাৰাশিঃ কোনো আসন্ন বাধা নথকাকৈ এটা সম্পূৰ্ণভাৱে শান্ত আৰু স্থিৰ দিন । আপুনি নিজৰ বাবে বা কোনো সম্পৰ্কীয় লোকৰ বিয়াৰ বাবে বজাৰ কৰিবলৈ যাব পাৰে । সুখী অনুভৱ কৰিব । সহজেই ধন অৰ্জন কৰিব, ব্যৱসায়ৰ বাবেও অতি ফলদায়ক দিন । কৰ্মস্থলীত সহকৰ্মীৰ পৰা পোৱা সহযোগিতাই কাম অধিক সহজ কৰি তুলিব । পৰিয়াল বা সম্পৰ্কৰ দিশটো ভাল হ’ব । স্বাস্থ্যও ভাল আৰু আৰমদায়ী হৈ থাকিব (Daily Horoscope For 23 rd January)।
তুলাৰাশিঃ ক্লান্তি, মানসিক শান্তি আৰু স্পষ্টতাৰ অনুপস্থিতিৰ বাবে আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে কঠিন হ’ব পাৰে । দীৰ্ঘদিনৰ পৰা গোটাই ৰখা চাপৰ পৰিণাম পাব পাৰে । ‘ভাল চাপ’ বোলা কোনো বস্তু নাই তাৰ অনুভৱ কৰিব পাৰে । ধীৰ গতি ধাৰণ কৰক আৰু নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ আগতেই পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা কৰক । সামাজিক জীৱনত, আপুনি গম নোপোৱাকৈয়ে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । দুপৰীয়ালৈকে সকলো ঠিক হৈ যাব । শিল্প আৰু সৃজনশীল কামত নিজকে জড়িত কৰি ৰাখক ।
বৃশ্চিকৰাশিঃ বহুদিনীয়া কোৰ্ট কেচ বা সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে । সকলো স্পষ্ট হ’ব আৰু সমাপ্ত হ’ব যেন অনুমান হয় । ঘৰত চলি থকা বিৰক্তিকৰ সমস্যা বা কিছুমান উত্তৰহীন প্ৰশ্নৰো অন্ত পৰিব । সকলো ব্যৱসায়ৰ বাবে এটা শুভ দিন । প্ৰতিদ্বন্দীৰ ওপৰত জয় সাব্যস্ত কৰিব পাৰে । আপোনাৰ ভাতৃ-ভগ্নীৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন হ’ব । দিনটোৰ অন্তিমভাগত, কোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে আপুনি আঘাত অনুভৱ কৰিব পাৰে, অপমান বোধ হ’ব পাৰে বা ধনৰ ক্ষতি হ’ব পাৰে । সচেতন হওঁক । আপোনাৰ টোপনি বা খোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে । যত্ন লওক !
ধনুৰাশিঃ শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে ভাল দিন । আপোনাৰ সুস্থ শৰীৰ আৰু মানসিক স্বাস্থ্যই আপোনাক সহায় কৰিব । আপোনাৰ শ্ৰেষ্ঠত্ব প্ৰদান কৰক, ফলাফল আশাপ্ৰদ হ’ব । ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব । এই সফলতা দুপৰীয়াৰ পিছত অধিক উন্নত হ’ব । আবেলি শান্ত আৰু আৰাম অনুভৱ কৰিব । আপোনাৰ বিৰোধীসকলে আপোনাক উত্তেজিত বা বিৰক্ত কৰাত বিফল হ’ব । পৰিয়াল বা বন্ধুৰ সৈতে এটা শান্ত নৈশ আহাৰ গ্ৰহণ কৰক ।
মকৰৰাশিঃ আপোনাৰ চিন্তাধাৰা বিমূৰ্ত আৰু ৰহস্যময় হ’ব । দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি আপোনাৰ জিজ্ঞাসা বৃদ্ধি পাব । এটা আশাবাদী সময় আৰু আপোনাৰ কাৰ্যক্ষেত্ৰৰো পৰিৱৰ্তন হ’ব পাৰে । সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব, সময়সীমা পূৰণ কৰিব, আৰু বিনিয়োগত লাভ আশা কৰিব পাৰে । মুঠতে, সুখ লাভ কৰিব । এই ধনাত্মক শক্তিক ব্যৰ্থ যাবলৈ নিদিব । বিমৰ্ষ নহব; লাভলৈ চাওঁক আৰু পুনৰ কামত লাগক । জীৱনে প্ৰদান কৰা স্বচ্ছন্দতাক উপভোগ কৰক ।
কুম্ভৰাশিঃ এটা মিশ্ৰিত প্ৰভাৱৰ দিন । নিজৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখিব । ধৰ্মীয় বা আধ্যাত্মিক দিশত ব্যয় বৃদ্ধি হ’ব পাৰে । আপোনাক মানসিক শান্তি প্ৰদান কৰিলে, ই এটা ভাল কথা হ’ব পাৰে । আপোনাৰ সংগী বা পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে যি আপোনাক উদাসীন কৰি তুলিব পাৰে । কোনো আকস্মিক চিকিৎসাজনিত প্ৰক্ৰিয়াৰ পৰা আতঁৰি থাকক; আগতে পৰিকল্পনা কৰি থোৱা কামসমূহত আগবাঢ়ি যাব পাৰে । দুপৰীয়া সমস্যাসমূহ দূৰ হোৱা দেখিবলৈ পোৱা যাব । মেজাজ উন্নত হ’ব, কামসমূহ সহজে সম্পন্ন হ’ব আৰু কৰ্তৃপক্ষই আপোনাৰ প্ৰশংসা কৰিব । আপুনি নিশ্চয় ইয়াক উপভোগ কৰিব ।
মীনৰাশিঃ মানসিক ভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব । দুটা পৰস্পৰ বিৰোধী সময় । দিনটোৰ প্ৰথম ভাগটো সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব । বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে । আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব । দিনটোৰ পিছৰ ভাগত সকলো সলনি হ’ব । ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক । যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে । আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্ত্বনা পাব পাৰে । ধ্যানাসন কৰক ।
