Second Gold medal for India : কমনৱেলথ গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ জেৰেমিৰ

Second Gold medal for India : কমনৱেলথ গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ জেৰেমিৰ
ভাৰোত্তোলনকাৰী জেৰেমি লালৰিন্নুংগাই কমনৱেলথ গেমছৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতলৈ কঢ়িয়াই আনিলে সুনাম ৷ ভাৰতৰ হৈ দ্বিতীয়টো সোণৰ পদক দখল কৰিলে জেৰেমি লালৰিন্নুংগাই (Captures second Gold medal for India)৷ দেওবাৰে বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ৬৭ কেজি ফাইনেলত ৩০০ কিলোগ্ৰাম ওজনৰ অভিলেখ ভংগ কৰি সোণৰ পদক দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় ভাৰোত্তোলনকাৰী জেৰেমি লালৰিন্নুংগাই ।
স্পৰ্টছ ডেস্ক, 1 আগষ্ট: বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত দেওবাৰে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিলে ভাৰতৰ জেৰেমি লালৰিনুংগাই(Captures second Gold medal for India) ৷ 2018 বৰ্ষৰ অলিম্পিক পদক বিজয়ী যুৱ খেলুৱৈগৰাকীয়ে চলিত কমনৱেলথ গেমছত পূৰ্বৰ দুটাকৈ অভিলেখ ভংগৰে সোণৰ পদক আজুৰি অনা খবৰে আনন্দিত কৰি তুলিছে ভাৰতীয়বাসীক(Weightlifter Jeremy Lalrinnunga smashes CWG record) ৷
৬৭ কিলোগ্ৰাম ওজনৰ প্ৰতিযোগিতাত মুঠ ৩০০ কিলোগ্ৰাম (১৪০ কিলোগ্ৰাম+১৬০ কিলোগ্ৰাম) উত্তোলনেৰে ২০১৮ বৰ্ষৰ যুৱ অলিম্পিক চেম্পিয়নগৰাকীয়ে পুৰুষৰ ৬৭ কিলোগ্ৰাম প্ৰতিযোগিতাত মুঠ ৩০০ কিলোগ্ৰাম (১৪০ কিলোগ্ৰাম+১৬০ কিলোগ্ৰাম) উত্তোলন কৰি আজুৰি আনে সোণৰ পদক(CWG 2022 Weightlifting) ৷ প্ৰতিযোগিতাত তেওঁৰ প্ৰতিদ্বন্দী আছিল সামোয়াৰ ভাইপাভা নেভো ইঅ’নেৰ((১২৭ কিলোগ্ৰাম +১৬৬ কিলোগ্ৰাম) ৷
জেৰেমিয়ে দ্বিতীয়টো সফল প্ৰচেষ্টাৰ অন্তত 140 কিলোগ্ৰাম ভাৰোত্তোলন কৰে আৰু নিকটতম প্ৰতিদ্বন্দ্বী এডিডয়ং জোচেফ উমোফিয়াৰ সমুখত তুলি ধৰে দিয়ে ১০ কিলোগ্ৰামৰ বিশাল প্ৰত্যাহ্বান । ভাৰতীয় খেলুৱৈগৰাকীয়ে ১৩৬ কিলোগ্ৰামৰ পৰা আৰম্ভ কৰিছিল আৰু লক্ষ্য বান্ধি লৈছিল ১৪৩ কিলোগ্ৰামৰ ৷ ক্লিন এণ্ড জাৰ্কত ২০২১ চনৰ কমনৱেলথ চেম্পিয়নশ্বিপৰ বিজয়ীগৰাকীয়ে ১৫৪ কিলোগ্ৰামৰ পৰা আৰম্ভ কৰিছিল আৰু ১৬০ কিলোগ্ৰাম ভাৰোত্তোলন কৰে ।
চলিত কমনৱেলথ গেমছত শনিবাৰে মিৰাবাই চানু (সোণ),শংকেত সৰগাৰ (ৰূপ),বিদ্যাৰাণী দেৱী (ৰূপ) আৰু গুৰুৰাজ পূজাৰীয়ে (ব্ৰঞ্জ) আজুৰি আনিছিল পদক ৷ জেৰেমিৰ পদকটো আছিল ভাৰতৰ বাবে পঞ্চমটো পদক।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ লালনেইহটলুৱাংগাৰ পুত্ৰ লালৰিন্নুংগাইও গ্ল'ভছ পিন্ধাৰ হেপাঁহ মনতে পুহি ৰাখিছিল যদিও ভাৰোত্তোলনত কেৱল উৎকৃষ্টতাৰ শক্তি জড়িত বাবেই ভাৰোত্তোলনৰ প্ৰতি আকৰ্ষিত হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: CWG 2022 : ভাৰতলৈ ৰূপৰ পদক আনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে
