CWG 2022 : ভাৰতলৈ ৰূপৰ পদক আনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে

author img

By

Published : Jul 31, 2022, 2:21 PM IST

Indian weightlifter Bindyarani Devi wins silver medal in Women's 55kg final

কমনৱেলথ গেমছত ভাৰতৰ বিন্দিয়াৰাণীয়ে আজুৰি আনিলে ৰূপৰ পদক (India's 2nd silver in 2022 edition of the Commonwealth Games) ৷ ৫৫ কিলোগ্ৰাম মহিলা ভাৰোত্তোলনত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে লাভ কৰিছে এই ৰূপৰ পদক (Bindyarani Devi won silver)৷

নেশ্যনেল ডেস্ক, 31 জুলাই: কমনৱেলথ গেমছত ভাৰতৰ বিন্দিয়াৰাণীয়ে আজুৰি আনিলে ৰূপৰ পদক (India's 2nd silver in 2022 edition of the Commonwealth Games) ৷ ৫৫ কিলোগ্ৰাম মহিলা ভাৰোত্তোলনত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে লাভ কৰিছে এই ৰূপৰ পদক (Bindyarani Devi won silver)৷

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ চতুৰ্থটো ভাৰোত্তোলনত পদক কঢ়িয়াই আনে বিন্দিয়াৰাণীয়ে ৷ নাইজেৰিয়াৰ আদিজাত আদেনিকে ওলাৰিনোয়েলৈ 203 কিলোগ্ৰাম (92 কিগ্ৰা+111 কিগ্ৰা) উত্তোলনেৰে সোণৰ পদক লাভ কৰে ৷

বিন্দিয়াৰাণীয়ে কয়, "এইটো মোৰ প্ৰথম পদক ৷ মই বহুত সুখী অনুভৱ কৰিছো ৷" বিন্দিয়াৰাণীও মণিপুৰৰ খেলুৱৈ ৷

উল্লেখ্য যে, মীৰাবায়ে শনিবাৰে তিনিটাকৈ পদক আজুৰিবলৈ সক্ষম হয় ৷ তিনিওটা পদক ভাৰোত্তোলনতেই লাভ কৰিছে ভাৰতে ৷ মীৰাবাঈৰ লগতে বিন্দিয়াৰাণীৰ এই সাফল্যই আনন্দিত কৰি তুলিছে গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ৷

লগতে পঢ়ক: CWG 2022 : ভাৰতলৈ প্ৰথমটো সোণৰ পদক আনিলে মীৰাবায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.