Delhi Police at Rahul Gandhi residence : ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী, কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
Published: Mar 19, 2023, 5:33 PM


Delhi Police at Rahul Gandhi residence : ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী, কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
Published: Mar 19, 2023, 5:33 PM
কংগ্ৰেছৰ মতে ওপৰৰ পৰা নিৰ্দেশ পোৱাৰ পাছত দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হৈছে (Delhi police at Rahul Gandhi residence)। যৌন নিৰ্যাতনৰ বলি হোৱা একাংশ মহিলাৰ অভিযোগ সম্পৰ্কে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত কৈছিল । দিল্লী আৰক্ষীৰ পদক্ষেপক সমালোচনা কৰিছে কংগ্ৰেছে ।
নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে যৌন নিৰ্যাতন সম্পৰ্কে কৰা এক মন্তব্যৰ পাছতে আৰক্ষী তৎপৰ হৈছে । সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সোধা-পোছাৰ বাবে দেওবাৰে ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হয় (Delhi police at Rahul Gandhi residence)। ৰাহুল গান্ধীৰ বাসগৃহত আৰক্ষী উপস্থিত হোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিশেষকৈ কংগ্ৰেছ নেতাসকলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে (Congress reaction)। কংগ্ৰেছৰ মতে এই ধৰণৰ তথ্য বিচাৰি অভিযান প্ৰথমবাৰৰ বাবে কৰা হৈছে । কংগ্ৰেছৰ মতে ভাৰত জোড়ো যাত্ৰা দলটোৰ এক ৰাজনৈতিক যাত্ৰাহে আছিল ।
জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে (Abhishek Manu Singhvi) কয় যে ভাৰত জোড়ো যাত্ৰা ১৪০ দিনৰ বাবে ১২ খন ৰাজ্যৰ মাজেৰে কৰা হৈছিল । সেই ভ্ৰমণ কালত ৰাহুল গান্ধীয়ে লাখ লাখ লোকক সাক্ষাৎ কৰি কয় যে এই সময়চোৱাত কোন ব্যক্তিয়ে তেওঁক কি কৈছিল সেয়া কাৰো মনত ৰখা সম্ভৱ নহয় । ইয়াৰ কোনো ৰেকৰ্ড ৰাখিব নোৱাৰি । সিংভিয়ে কয় যে ৰাজনৈতিক যাত্ৰাৰ সময়ত, মানুহে তেওঁলোকৰ নিজৰ কথা কয় । মহিলাসকলে কি অভিযোগ কৰিছিল তাৰ বিৱৰণ আৰক্ষীয়ে সোধাটো তেওঁ প্ৰথমবাৰৰ বাবে শুনিছে (Congress slams Delhi Police)।
-
16 मार्च को राहुल गांधी जी को एक नोटिस भेजा गया।
— Congress (@INCIndia) March 19, 2023
जिसमें दिल्ली पुलिस ने उनसे 'भारत जोड़ो यात्रा' में मिली पीड़ित महिलाओं की जानकारी मांगी थी।
आज पुलिस नए नोटिस के साथ फिर यही सवाल पूछने आ गई।
यह उत्पीड़न, प्रतिशोध और धमकी की राजनीति का नया आयाम बनाया गया है।
: @DrAMSinghvi जी pic.twitter.com/0fH1cQZ4x7
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে ইন্দিৰা গান্ধীৰ সময়তো দলে এনেদৰে কাম কৰিছিল যাৰবাবে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল । ৰাহুল গান্ধীয়ে ইতিমধ্যে দিল্লী আৰক্ষীক কৈছে যে তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিব (Ashok Gehlot on Delhi Police behaviour)। তেন্তে ইমান খৰধৰ কিয় আছিল যে আৰক্ষী পুনৰ তেওঁৰ ঘৰলৈ আহিবলগীয়া হৈছে । গেহলটে লগতে কয় যে এই পদক্ষেপ দিল্লী আৰক্ষীৰ হ'ব নোৱাৰে ।
যাত্ৰাৰ সময়ত বহুতো লোকে বিভিন্ন অভিযোগ কৰিছিল । কিন্তু আৰক্ষীয়ে এনেদৰে কোনো লোকৰ ঘৰত প্ৰৱেশ কৰিব নালাগে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । কোনেও এই সন্দৰ্ভত গোচৰ ৰুজু কৰা নাই । কিন্তু এই ঘটনাৰ বাবে এতিয়া দেশত ব্যাপক চৰ্চা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে এই কাম ইচ্ছাকৃতভাৱে কৰা হৈছে । যাতে দেশৰ মনোযোগ আদানি কেলেংকাৰীৰ পৰা আঁতৰি যায় । তেওঁ কয় যে ১৬ টা দলে এই বিষয়ত জেপিচি দাবী কৰিছে, ৰাহুল গান্ধীয়ে নিজেই এই সন্দৰ্ভত দাবী জনাইছে । তেতিয়াৰে পৰা চৰকাৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক বদনাম কৰাৰ চেষ্টা কৰিছে বুলি ৰমেশে অভিযোগ কৰে । তেওঁৰ মতে দিল্লী আৰক্ষীৰ অধিকাৰ নাই । কিন্তু তেওঁলোকে ওপৰৰ পৰা আদেশ পাইছিল যাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা ল'বলৈ ওলাই গৈছিল ।
উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra) সময়ত ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁক কিছুমান মহিলাই লগ কৰিছিল আৰু তেওঁলোক যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছিল । সেই মন্তব্যৰ ভিত্তিতে দিল্লী আৰক্ষীয়ে দেওবাৰে ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হৈ তাৰ তথ্য বিচাৰিছে । আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগীসকলক ন্যায় প্ৰদানৰ বাবেহে আৰক্ষীয়ে তথ্য বিচাৰিছে ।
লগতে পঢ়ক :Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান
