Congress protest Rally in Tripura:গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মজলিশপুৰত কংগ্ৰেছৰ সমদল

author img

By

Published : Aug 3, 2022, 4:45 PM IST

Congress protest Rally in Tripura

গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মজলিশপুৰত কংগ্ৰেছৰ সমদলৰ আয়োজন ত্ৰিপুৰাৰ মজলিশপুৰ বিধানসভা সমষ্টিত । অহা ৯ আগষ্টত এক প্ৰতিবাদী পদযাত্ৰা সমদলৰ সিদ্ধান্ত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ(Congress protest Majlishpur Constituency on 9 August)।এই বিষয়ে সদৰি কৰিছে বিধায়ক সুদীপ ৰয় বৰ্মনে।

আগৰতলা, ৩আগষ্ট: ত্ৰিপুৰাৰ মজলিশপুৰ বিধানসভা সমষ্টিত বিৰোধী দল আৰু সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অহা ৯ আগষ্টত এক প্ৰতিবাদী পদযাত্ৰা সমদলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Congress protest Majlishpur Constituency on 9 August)। উল্লেখ্য় যে মজলিশপুৰ বিধানসভা সমষ্টি হৈছে ত্ৰিপুৰাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সমষ্টি(Tripura Sports and Youth Affairs Minister Sushanta Chowdhury)।

এই প্ৰতিবাদী সমদল সন্দৰ্ভত বিধায়ক সুদীপ ৰয় বৰ্মনে কয় যে আগষ্ট মাহটো হৈছে কংগ্ৰেছ দলৰ প্ৰতিবাদৰ মাহ(MLA Sudip Roy Barman)। সেয়েহে অহা ৯ আগষ্টত কংগ্ৰেছে মজলিশপুৰ বিধানসভা সমষ্টিত এক প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিব । তেওঁ পুনৰ কয় যে মজলিশপুৰ হৈছে ৰাজনৈতিক হিংসা প্ৰভাৱিত অঞ্চল।এই অঞ্চলটোত শাসকীয় বিজেপিয়ে বিৰোধী দল আৰু সাধাৰণ জনতাৰ গণতান্ত্ৰিক অধিকাৰলৈ শংকা কঢ়িয়াই আনিছে । এই পদযাত্ৰা জিৰানিয়া খণ্ড চৌমুহানিৰ পৰা পশ্চিম জিলাৰ ৰাণীৰবজাৰলৈ অনুষ্ঠিত হ'ব । বিধায়ক ৰয় বৰ্মনে পুনৰ কয় যে এই পদযাত্ৰা সমগ্ৰ ভাৰত আন্দোলনৰ এটা অংশ । উক্ত কাৰ্যসূচী ৰাজনৈতিক হিংসা প্ৰভাৱিত অঞ্চলসমূহত অনুষ্ঠিত হ'ব য'ত দীৰ্ঘদিন ধৰি বিৰোধীসকলৰ গণতান্ত্ৰিক অধিকাৰ হ্ৰাস হৈ আহিছে ।

তেওঁ অভিযোগ কৰি কয় যে জাতি,ধৰ্ম আৰু ভাষাৰ নামত বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থৰ বাবে জনসাধাৰণৰ মাজত এক বিভাজন সৃষ্টি কৰিছে । বিধায়কগৰাকীয়ে কয়,'ভাৰত এতিয়া সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে বিভিন্ন ধৰণে দুৰ্বল দেশ । বিজেপিৰ নিজৰ ৰাজনৈতিক লাভৰ বাবে দেশখনক টুকুৰা টুকুৰাকৈ বিভক্ত কৰিবলৈ চেষ্টা কৰি আছে ।' এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজক আগবাঢ়ি আহিবলৈ আমন্ত্ৰণ জনোৱা হ'ব মন্তব্য় কৰি কয় যে ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যখনৰ বিভিন্ন জিলাত এই পদযাত্ৰা অনুষ্ঠিত হ'ব । বিজেপিয়ে নিজৰ লাভৰ বাবে সাধাৰণ ৰাইজক বিভক্ত কৰি আছে । গতিকে কংগ্ৰেছে দেশখনক সঠিক স্থানলৈ লৈ যোৱা আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলৈ জনসাধাৰণক একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক:Tripura CM on Indo-Bangla railway link: ভাৰত-বাংলা ৰে'ল সংযোগৰ মন্থৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.