Congress called meeting of all its MPs: কংগ্ৰেছৰ সাংসদসকলৰ বৈঠকৰ আহ্বান

author img

By

Published : Aug 4, 2022, 12:43 PM IST

Congress called meeting of all its MPs

প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) হেৰাল্ড হাউছত মোহৰ লগোৱাৰ পিছত ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰিবলৈ কংগ্ৰেছে বৃহস্পতিবাৰে দলৰ সকলো সাংসদৰ এখন বৈঠকৰ আহ্বান কৰিছে(Congress called meeting of all its MPs)।কৰ্ণাটকত থকা দলটোৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে উক্ত বৈঠকত অংশগ্ৰহণ কৰিব বুলি দলীয় সূত্ৰই সদৰি কৰিছে ।

নেচনেল ডেস্ক, ৪ আগষ্ট: প্ৰৱৰ্তন সঞ্চালকালয়ে (ED)হেৰাল্ড হাউছত মোহৰ লগোৱাৰ পিছত ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰিবলৈ কংগ্ৰেছে বৃহস্পতিবাৰে দলৰ সকলো সাংসদৰ এখন বৈঠকৰ আহ্বান কৰিছে( Congress called meeting of all its MPs)। কৰ্ণাটকত থকা দলটোৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে উক্ত বৈঠকত অংশগ্ৰহণ কৰিব বুলি দলীয় সূত্ৰই সদৰি কৰিছে । দলটোৰ সূত্ৰটোৱে পুনৰ কয় যে অহা শুক্ৰবাৰে মুদ্ৰাস্ফীতি আৰু জিএছটি বৃদ্ধিৰ বিৰুদ্ধে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই এই বৈঠকৰ আহ্বান জনোৱা হৈছে ।

উল্লেখ্য় যে নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত দলটোৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক গ্ৰিল কৰাৰ কেইদিনমান পিছতে ইডিয়ে হেৰাল্ড হাউছত অৱস্থিত ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত মোহৰ লগায়(Young Indian Pvt Ltd)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক মনু সিংভিয়ে কয়,'দেশবাসীয়ে এই বিষয়টো লক্ষ্য কৰি আছে(Congress spokesperson Abhishek Manu Singhvi)। কিয়নো ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নেতৃত্বৰ বিৰুদ্ধে এটা তদন্তকাৰী সংস্থা অবিবেচকভাৱে নিয়োগ কৰা হৈছে ।' কংগ্ৰেছে শাসকীয় ব্যৱস্থাক দলৰ নেতাসকলক 'সন্ত্ৰাসবাদী' হিচাপে গণ্য কৰাৰো অভিযোগ উত্থাপন কৰিছে । অৱশ্যে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ অভিধানত 'ভয়' শব্দটো নাই(Herald House)।

লগতে পঢ়ক:Congress protest Rally in Tripura:গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মজলিশপুৰত কংগ্ৰেছৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.