ETV Bharat / bharat

IIT Student Faizan dead case : হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক !

আইআইটি খড়গপুৰত অসমৰ ছাত্ৰ ফাইজান আহমেদক হত্যা কৰা হৈছিল (IIT student Faizan was killed)। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত এই তথ্য পোহৰলৈ আহিছে । ডিব্ৰুগড়ত কবৰস্থ ছাত্ৰজনৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ।

IIT Student Faizan dead case
হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক
author img

By

Published : June 6, 2023 at 3:15 PM IST

Choose ETV Bharat

নেশ্যনেল ডেস্ক,৬ জুন : হত্যা কৰা হৈছিল আইআইটি খড়গপুৰৰ ছাত্ৰ তথা অসমৰ যুৱক ফাইজান আহমেদক (IIT student Faizan was killed)। ফৰেনচিক বিশেষজ্ঞই এই কথা নিশ্চিত কৰিছে । অৱসৰপ্ৰাপ্ত ফৰেনচিক বিশেষজ্ঞ ডাঃ অজয় গুপ্তাই আদালতক জনোৱা মতে আইআইটি খড়গপুৰৰ ছাত্ৰজনৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা নাছিল, হত্যাহে কৰা হৈছিল । ফৰেনচিক বিশেষজ্ঞগৰাকীৰ নেতৃত্বৰ সমিতিখনে আদালতত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে (Forensic team report on Faizan death)।

ন্যায়াধীশ ৰাজশেখৰ মান্থাই আইআইটি খড়গপুৰৰ বিৰুদ্ধে এক বিস্ফোৰক মন্তব্য কৰি কয় যে আইআইটি খড়গপুৰে প্ৰথমটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হস্তক্ষেপ কৰিছিল যেন অনুমান হৈছে । কিয়নো মূৰত আঘাতৰ দাগ থকাৰ পাচতো তাক আওকাণ কৰা হৈছিল । যিটোৱে সন্দেহৰ সৃষ্টি কৰিছে (HC on IIT Student Death)।

ডাঃ অজয় গুপ্তাৰ প্ৰতিবেদন অনুসৰি, তীব্ৰ ৰক্তক্ষৰণৰ ফলত ফাইজান আহমেদৰ মৃত্যু হৈছিল । মূৰ আৰু বুকুত আঘাত আছে । অনুসন্ধানকাৰী বিষয়াগৰাকীয়ে বুধবাৰৰ ভিতৰত প্ৰতিবেদন সংগ্ৰহ কৰিব । গোচৰটোৰ পৰৱৰ্তী শুনানি শুক্ৰবাৰে গ্ৰহণ কৰা হ'ব । এতিয়া অনুসন্ধানকাৰী বিষয়াই প্ৰয়োজন হ'লে নতুন ধাৰা যোগ দিব পাৰিব । আদালতে উল্লেখ কৰা মতে ধাৰা ৩০২ যোগ কৰা হ'ব পাৰে । অৱশ্যে, এই পৰ্যায়ত এই বিষয়ে আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা হোৱা নাই ।

আদালতে এই হত্যাত জড়িত অভিযুক্তক চিনাক্ত কৰাৰ বাবেও জোৰ দিছে । আনহাতে পৰৱৰ্তী শুনানিত কেছ ডায়েৰীখন আদালতত দাখিল কৰিব লাগিব । ইফালে ৰাজ্য চৰকাৰক শীঘ্ৰে মৃতদেহটো ফাইজানৰ জন্মস্থান অসমৰ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । ইফালে আদালতত ফৰেনচিক বিশেষজ্ঞ ডাঃ অজয় গুপ্তাৰ অধিবক্তাই আইআইটি কৰ্তৃপক্ষৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

আদালতে ইংগিত দিছে যে পৰৱৰ্তী শুনানিৰ পাছত আদালতে চিবিআই বা কেন্দ্ৰীয় সংস্থা বা ৰাজ্যিক আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গোচৰটোৰ তদন্তৰ বাবে এছআইটি গঠন কৰিব পাৰে ।

উল্লেখ্য যে যোৱা ২৩ মে'ত আইআইটি খড়গপুৰত মৃত্যু হোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ মৃতদেহ খান্দি উলিয়াইছিল (IIT student Faizan dead case)৷ কলকাতাৰ পৰা অহা পশ্চিমবংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে খান্দি উলিয়াইছিল ফাইজানৰ মৃতদেহটো ৷ ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানত কবৰস্থ কৰা হৈছিল ফাইজানৰ মৃতদেহ (IIT student Faizan Ahmed) ৷

লগতে পঢ়ক :Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ; কবৰস্থানত উত্তপ্ত পৰিস্থিতি