Bhiksha Se Shiksha Ki Ore: ভিক্ষাৰ পাত্ৰ এৰি গণৰাজ্য দিৱসৰ পেৰেডলৈ যাত্ৰা একাংশ শিশুৰ

author img

By

Published : Jan 25, 2023, 6:40 PM IST

Bhiksha Se Shiksha Ki Ore

গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সমগ্ৰ দেশত ৷ আনসকলতকৈ এটা বিশেষ অঞ্চলৰ প্ৰায় 40 গৰাকী শিশু আৰু কিশোৰৰ মনত যেন উৎকণ্ঠা দুগুণে চৰিছে এইবাৰৰ গণৰাজ্য দিৱসক লৈ ৷ কিয়নো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ সৈতে জড়িত হ’বলৈ ওলাইছে এটা বস্তিত বাস কৰা আৰু ভিক্ষা মাগি জীৱন কটোৱা এইসকল শিশু-কিশোৰে 9 children from slums in republic day parade) ৷

নিউজ ডেস্ক, 25 জানুৱাৰী: দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে ভাৰতবাসী ৷ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ বৃহস্পতিবাৰে সমগ্ৰ দেশে উদযাপন কৰিব 74 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসক লৈ মানুহৰ মনত উচাহ পৰিলক্ষিত হৈছে ৷ কাৰ্যালয় বা আন প্ৰতিষ্ঠানত উত্তোলন কৰিবলৈ, গাড়ী বা মটৰ চাইকেলত আঁৰিবলৈকে কোনো কোনোৱে কিনিছে একোখন ত্ৰিৰংগ পতাকা ৷ বিদ্যালয়, কাৰ্যালয় আদিত চিকুণাই ৰং সনা হৈছে পতাকা উত্তোলনৰ বেদীত ৷ চৰকাৰীভাৱে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ থলী সমূহো আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ সাজু হৈছে পেৰেডৰ দল, সাজু হৈছে বিভিন্ন সাংস্কৃতিক আৰু কলা প্ৰদৰ্শনকাৰী দল (Republic Day 2023) ৷

ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে প্ৰায় 40 টি শিশু-কিশোৰৰ মনত ৰং সিঁচিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতিয়ে ৷ এটা বস্তিত বাস কৰা এই শিশু আৰু কিশোৰসকলে হয়তো নাজানে ৰাষ্ট্ৰৰ সংজ্ঞা, হয়তো এতিয়াও বুজি উঠা নাই গণতন্ত্ৰ কি ? কিন্তু তেওঁলোক সাজু হৈছে জীৱনৰ এক নতুন অভিজ্ঞতা ল’বলৈ ৷ বস্তিৰ পৰা গণৰাজ্য দিৱসৰ পেৰেডলৈ যাত্ৰা এইসকল শিশু-কিশোৰৰ (Children from slums in republic day parade) ৷

এইবাৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীায়া গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত অংশ ল’বলৈ সুবিধা লাভ কৰিছে এই 40 টি শিশু আৰু কিশোৰে ৷ য’ত নিজা নিজা প্ৰতিভা প্ৰদৰ্শন কৰিব তেওঁলোকে ৷ 11 ৰ পৰা 18 বছৰ বয়সৰ শিশু আৰু কিশোৰৰ এই দলটোৱে বাস কৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এটা বস্তি অঞ্চলত ৷ ট্ৰেফিক পইন্ট সমূহত ভিক্ষা খুজি তেওঁলোকে নিজৰ জীৱন অতিবাহিত কৰি আহিছে ৷ কিন্তু এইবাৰ তেওঁলোক ওলাইছে এক নতুন যাত্ৰাৰ দিশে (Republic Day parade) ৷

লগতে পঢ়ক: Actor Diganta Hazarika : পুত্ৰৰ সাফল্যত আৱেগিক মাতৃ; দিগন্ত হাজৰিকাই লাভ কৰিলে মাতৃৰ শুভেচ্ছা

‘‘ভিক্ষাৰ পৰা শিক্ষাৰ দিশে’’ শীৰ্ষক শ্ল’গান লৈ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’বলৈ সাজু হৈছে তেওঁলোক ৷ লক্ষ্ণৌৰ পৌৰ আয়ুক্ত ইন্দ্ৰজিৎ সিঙে কয়, ‘‘দেশত প্ৰথমবাৰৰ বাবে বস্তি অঞ্চলত বাস কৰা ভিক্ষা বৃত্তিৰে জড়িত কোনোবাই গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব ৷ পথত ভিক্ষা মাগি ফুৰা প্ৰায় 40 গৰাকী শিশু আৰু কিশোৰে এই অনুষ্ঠানৰ বাবে নিতৌ অনুশীলন কৰি আছে’’ (Bhiksha Se Shiksha Ki Ore)

সিঙে লগতে কয়, ‘‘প্ৰজেক্ট স্মাইলে তেওঁলোকৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে ৷ এই প্ৰকল্পৰ লক্ষ্য হৈছে ভিক্ষা বৃত্তিৰ পৰা তেওঁলোকক আঁতৰাই আনি মূলসূঁতিৰ সৈতে একত্ৰিত কৰা ৷ আমি যোৱা ডেৰ বছৰ ধৰি এই শিশুসকলৰ হিতৰ বাবে কাম কৰি আছোঁ’’ ৷ তেওঁ আৰু কয় যে, তেওঁলোকক বিদ্যালয়ত নাম ভৰ্তি কৰোৱা আৰু শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰা কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে’’ (Lucknow slum area news) ৷

‘‘এতিয়া আমি তেওঁলোকক পেৰেডৰ বাবে অনুশীলন কৰাই আছোঁ, যাতে তেওঁলোকে জীৱনত নতুন এক অভিজ্ঞতা লাভ কৰি আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়’’ বুলি সিভে সদৰী কৰে ৷ উমীদ নামৰ বেচৰকাৰী সংস্থাটোৰে জড়িত বলবীৰ সিং মানে প্ৰজেক্ট স্মাইলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ বলবীৰ সিঙে কয়, ‘‘ আগতে এই শিশুসকলে টকাৰ বাবে ভিক্ষা খুজি ফুৰিব লগীয়া হৈছিল ৷ কিন্তু আমি তেওঁলোকক যোৱা এক বছৰে শিক্ষাদান কৰি আহিছোঁ ৷ আজি গণৰাজ্য দিৱসৰ পেৰেডত নিজকে ঠিয় কৰাবলৈ তেওঁলোক সম্পূৰ্ণৰূপে আত্মবিশ্বাসী হৈ উঠিছে’’ (Children from slums to participate in R Day parade) ৷

প্ৰজেক্ট স্মাইলৰ সৈতে জড়িত প্ৰতাপ বিক্ৰম সিঙে কয়, ‘‘এই শিশুসকলে কনভেণ্ট আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমান্তৰালভাৱে অনুষ্ঠান পৰিৱেশনৰ বাবে অনুশীলন কৰি আছে ৷ প্ৰায় ডেৰ বছৰ আগলৈকে এই শিশুসকলে আমাৰ সৈতে কথা পাতিবও খোজা নাছিল, কাৰণ তেওঁলোকে আমাক বিশ্বাস কৰিব পৰা নাছিল ৷ তেওঁলোকৰ মনত বিশ্বাস জগাবলৈ আমাক বহু সময় লাগিল ৷ আমি তেওঁলোকক কিছুমান পুতলা দিছিলোঁ আৰু স্মাৰ্ট ক্লাছ আৰম্ভ কৰিছিলোঁ ৷ আজি তেওঁলোকে এটা প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছে’’ (Lucknow beggar children in parade) ৷

লগতে পঢ়ক: Who is this Poonam: শতাধিক গৰাকীবিহীন মৃতদেহ সৎকাৰেৰে চৰ্চালৈ আহিছে পুনম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.