Bihar Hooch Tragedy: বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱাৰ সংখ্যা 75 জনলৈ বৃদ্ধি

author img

By

Published : Dec 18, 2022, 12:59 PM IST

Chapra Hooch Tragedy update suspected death due to poisonous liquor

বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যুৰ হোৱাৰ সংখ্যা নিৰন্তৰে বৃদ্ধি হৈ আছে (Chapra Hooch Tragedy)৷ এতিয়ালৈকে বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱাৰ সংখ্যা 75 জনলৈ বৃদ্ধি হৈছে (75 dead in Bihar Hooch Tragedy)৷

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: বিহাৰত মৃত্যুৰ কিৰিলি (Bihar Hooch Tragedy)৷ বিহাৰৰ চাপ্ৰাত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যুৰ হোৱাৰ সংখ্যা নিৰন্তৰে বৃদ্ধি হৈ আছে (Chapra Hooch Tragedy)৷ এতিয়ালৈকে বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱাৰ সংখ্যা 75 জনলৈ বৃদ্ধি হৈছে (75 dead in Bihar Hooch Tragedy)৷ আনহাতে জিলা প্ৰশাসনে সন্দেহজনক সুৰাপান কৰাৰ ফলত 67 জনৰ মৃত্যু নিশ্চিত কৰিছে ৷ বিহাৰৰ চাৰণ, মাৰহৌৰা, ইচুয়াপুৰ আৰু আমানৰ ব্লকৰ মাশ্ৰাক আৰক্ষী থানা অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল (suspected death due to poisonous liquor) ৷

এই গোচৰটোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধান দল (এছ.আই.টি.) গঠন কৰা হৈছে ৷ এই দলটোৱে সমগ্ৰ ঘটনাৰ তদন্তত অব্যাহত হৈ আছে (75 people died from poisonous liquor) ৷ চাৰণ জিলা প্ৰশাসনে মৃতদেকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰিছে যদিও এতিয়াও মৰণোত্তৰ পৰীক্ষা ফলাফল আহি পোৱা নাই ৷

ভুক্তভোগীসকলে আৰক্ষীক জনোৱা অনুসৰি মাশ্ৰাক বজাৰৰ পৰা সুৰা ক্ৰয় কৰিছিল ৷ ৰাজ্য চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলেও বিষয়টো অনুসন্ধান কৰিবলৈ ছাপ্ৰাত উপস্থিত হৈছে ৷ আৰক্ষী সুৰাসমূহ পৰীক্ষা কৰিছিল যদিও বৃহৎ পৰিমাণৰ অনিয়ম পোৱা গৈছিল ৷ আৰক্ষীয়ে সেই ঠাইৰ পৰা কোনো সুৰাভৰ্তি ড্ৰাম পোৱা নাই বুলি কৈছিল ৷ যুটীয়া আয়ুক্ত কৃষ্ণ পাছৱান আৰু উপ সচিব আবকাৰী বিভাগ নিৰঞ্জন কুমাৰ বিষয়টোৰ তদন্ত কৰিবলৈ মাশ্ৰাকত উপস্থিত হৈছিল ৷

এই ঘটনা সন্দৰ্ভত সম্প্ৰতি বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ চৰকাৰী সূত্ৰ অনুসৰি বিষাক্ত সুৰা আৰক্ষী থানাৰ পৰাই নোহোৱা হৈছিল ৷ এই তথ্য এতিয়া ৰাজ্য চৰকাৰকো অৱগত কৰা হৈছে ৷ ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰিছে ৷ দৰাচলতে, মাশ্ৰাক আৰক্ষী থানাৰ আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ কেঁচা সুৰা জব্দ কৰিছিল আৰু ইয়াক ধ্বংসৰ কৰিবৰ বাবে মজুত কৰি ৰাখিছিল ৷

কিন্তু যথা সময়ত আৰক্ষীয়ে সুৰাখিনি ধ্বংস কৰিবলৈ পাহৰি গৈছিল ৷ তাৰ পিছৰ পৰাই আৰক্ষী চকীৰ পৰা নোহোৱা হৈছিল সুৰাখিনি ৷ ইয়াৰোপৰি আৰক্ষীৰ চকীত থকা বহুকেইটা সুৰাৰ ড্ৰামত ঢাকনি নোহোৱা হৈ আছিল লগতে সুৰাভৰ্তি ড্ৰামো নোহোৱা হৈ আছিল ৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে এই সুৰাপান কৰিয়েই লোকসকল মৃত্যু মুখত পৰা বুলি আশংকা কৰিছে ৷

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাৰ দুজন চকীদাৰ সন্দেহৰ আৱৰ্তত আছে ৷ ইতিমধ্যে বিষাক্ত সুৰাপান কৰি 72 ঘণ্টাৰ ভিতৰত 213 জন লোক ধৰা পৰিছে৷ এইয়াৰ সন্দৰ্ভত বহু লোকক আটক কৰিছে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অভিযুক্ত গুড্ডু পাণ্ডে আৰু অনিল সিঙক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷

এতিয়াও সুৰাপান কৰাৰ ফলত বহু লোকৰ অৱস্থা সংকটজনক হৈ আছে ৷ আৰক্ষীয়ে আশংকা কৰা অনুসৰি এই ঘটনাত মৃত্যুৰ সংখ্যা আগন্তুক সময়লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ অসুস্থ লোকসকলক ছপ্ৰা সদৰ চিকিৎসালয়, পিএমচিএইছ আৰু এনএমচিএইছত চিকিৎসা কৰা হৈছে ৷ আনকি এতিয়ালৈকে বিষাক্ত সুৰা পান কৰাৰ ফলত 25 জন লোকে দৃষ্টিশক্তি হেৰুৱাইছে ৷ এই ঘটনাৰ পিছতে বিহাৰত সুৰা নিষিদ্ধ কৰিছে ৰাজ্য প্ৰশাসনে (Liquor Ban In Bihar)৷

লগতে পঢ়ক: Kiren Rijiju slams Rahul Gandhi: ভাৰতীয় সেনাক অপমান কৰিছে ৰাহুল গান্ধীয়ে: কিৰেন ৰিজিজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.