চণ্ডীগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰীয়ে আত্মহননৰ চেষ্টা কৰা নাই: বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

author img

By

Published : Sep 18, 2022, 7:33 PM IST

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰীয়ে আত্মহননৰ চেষ্টা কৰা নাই: বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

দেওবাৰে চণ্ডীগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ঘটনা (Chandigarh University viral video) সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিবৃতি জাৰি কৰে ৷ এই বিবৃতি অনুসৰি কোনো ছাত্ৰীয়ে আত্মহননৰ চেষ্টা কৰা নাই বুলি সদৰি কৰে ৷ লগতে ধৃত ছাত্ৰীয়ে কেৱল ব্যক্তিগত ভিডিঅ'এটাহে ৰেকৰ্ড কৰি প্ৰচাৰ কৰিছিল বুলি সদৰি কৰে ৷

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ ফাদিল হোৱা বুলি অভিযোগ উত্থাপন হোৱা বিতৰ্কৰ মাজতে দেওবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এগৰাকী ছাত্ৰীয়ে ব্যক্তিগত ভিডিঅ’ ৰেকৰ্ড কৰাৰ বাহিৰে আন কোনো আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰা হোৱা নাছিল বুলি দাবী কৰে (Video viral on social media) ৷ লগতে এই ভিডিঅ’ তেওঁৰ প্ৰেমিকৰ সৈতে শ্বেয়াৰ কৰিছিল (Chandigarh University viral video) ।

বিশ্ববিদ্যালয়খনৰ কেবাগৰাকী ছাত্ৰীৰ ‘আপত্তিজনক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে শনিবাৰে নিশা মোহলীত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেইবাগৰাকী ছাত্ৰীয়ে আত্মহননৰ কৰাৰ বাতৰিয়ে বিষয়টো আৰু অধিক ভয়াৱহ কৰি তুলিছিল ।

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰীয়ে আত্মহননৰ চেষ্টা কৰা নাই: বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

দেওবাৰে বিবৃতিত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ আৰ এছ বাৱাই সাতগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা বাতৰিটো উৰাবাতৰি বুলি অভিহিত কৰে ৷ লগতে বিশ্ববিদ্যালয়খনৰ কেবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ ৬০ টা আপত্তিজনক এম এম এছ পোৱা ঘটনাটোও ভুৱা বুলি সদৰি কৰে (Students of Chandigarh University went viral) ৷

আনহাতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনুৰোধত চণ্ডীগড় বিশ্ববিদ্যালয়ে নিজেই স্বেচ্ছাই পৰৱৰ্তী তদন্ত পঞ্জাৱ আৰক্ষী বিভাগক প্ৰদান কৰিছে ৷ এই দায়িত্ব লৈয়ে পঞ্জাৱ আৰক্ষীয়ে ধৃত ছাত্ৰীগৰাকীক জিম্মাত লৈ আই টি আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰে ৷ বিশ্ববিদ্যালয়খনে জনোৱা মতে, সকলো মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী পৰৱৰ্তী তদন্তৰ বাবে আৰক্ষীক গতাই দিয়া হৈছে ৷ ইয়াৰ লগতে বিশ্ববিদ্যালখনে তদন্তত আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷

তাৰোপৰি বিষয়টোক লৈ পঞ্জাৱ চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৷ "চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ঘটনাটো শুনি দুখ পাইছো । আমাৰ কন্যা সন্তানসকল আমাৰ গৌৰৱ । ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছো । যিয়েই দোষী তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । মই প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো । মই আবেদন জনাইছো ৷ উৰাবাতৰিৰ পৰা হাত সাৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো" ৷ এইদৰে ঘটনা সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্তব্য কৰে ৷

ইফালে হোষ্টেলৰ বাথৰূমৰ ভিতৰত স্নান কৰি থকা সহপাঠীৰ ভিডিঅ' ৰেকৰ্ড কৰি চিমলাৰ এগৰাকী বন্ধুলৈ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছিল এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে ৷ এই ঘটনাৰ পিছতে হোষ্টেলৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ চেষ্টা কৰাৰ (Suicide attempt by students) কথাও উৰাবাতৰি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহলী বিবেক ছোনীয়ে কয় যে, এগৰাকী ছাত্ৰীয়ে ভিডিঅ' এটা ৰেকৰ্ড কৰি প্ৰচাৰ কৰিছিল ৷ ইতিমধ্যে বিষয়টো সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ এই এজাহাৰৰ ভিত্তিত অনুসন্ধান চলাই অভিযুক্তকো আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ঘটনা সন্দৰ্ভত ফৰেনছিক প্ৰমাণ সংগ্ৰহ কৰা হৈছে । এই প্ৰমাণৰ ভিত্তিত তদন্ত কৰি এগৰাকী শিক্ষাৰ্থীৰ বাহিৰে আন কাৰোৰে ভিডিঅ’ নাই বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে কয় ৷ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী আৰু মোবাইল ফোন জিম্মাত লোৱা হৈছে ৷

পঞ্জাৱৰ শিক্ষামন্ত্ৰী গুৰমীত সিং মিট হায়েৰে এই বিষয়টোক লৈ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিয়ে । "চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জানি সঁচাকৈয়ে দুখৰ কথা । যিহেতু এই বিষয়টো অতি স্পৰ্শকাতৰ, গতিকে কোনো প্ৰমাণহীন বাতৰি প্ৰচাৰ নকৰিবলৈ মোৰ অনুৰোধ । লগতে কোনো ছাত্ৰীৰ আত্মহত্যাৰ কোনো খবৰ নাই । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ন্যায়ৰ আশ্বাস দিছো " বুলি মন্তব্য কৰি মোহলীৰ উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে দোষীক ৰেহাই দিয়া নহ’ব বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনফালে, পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগে বিষয়টোৰ ওপৰত সম্পূৰ্ণ তদাৰক কৰে । পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ মনিষা গুলাতীয়ে এয়া এক গুৰুতৰ বিষয় বুলি সদৰি কৰি তদন্ত চলি আছে বুলি মন্তব্য কৰে ৷ ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে এই ঘটনাক গৰিহণা দিয়ে ।

লগতে পঢ়ক: 60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল: 8 ছাত্ৰীৰ আত্মহননৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.