Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?

author img

By

Published : Dec 27, 2021, 10:46 AM IST

Updated : Dec 27, 2021, 5:33 PM IST

union home ministry forms committee to look into Repeal of AFSPA

নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিল কৰাৰ আহ্বান নাগালেণ্ড বিধানসভাৰ (Nagaland Assembly demands to repeal AFSPA) ৷ কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনাই গঠন কৰি দিছে উচ্চস্তৰীয় সমিতি (Centre forms committee to repeal AFSPA) ৷

নিউজ ডেস্ক, 27 ডিচেম্বৰ : নাগালেণ্ডৰ নৰসংহাৰৰ প্ৰায় তিনি সপ্তাহ পাছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ (আৰ্মড ফ’ৰ্চেচ স্পেচিয়েল এক্ট) বাতিল (Repeal of AFSPA) কৰিব পাৰি নে নোৱাৰি, সুনিশ্চিত কৰাৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন (Central Government formed a high level committee on Nagaland situation) কৰি দিয়ে ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ (Nagaland CM Neiphiu Rio), ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন আৰু বিধায়ক টি আৰ জেলিয়াঙৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীত হোৱা শেহতীয়া এক আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে ।

এজন কেন্দ্ৰীয় সচিব পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত গঠিত হোৱা এই সমিতিয়ে ৪৫ দিনৰ ভিতৰত সকলো দিশ পৰ্যালোচনা কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডত আৰ্মড ফ’ৰ্চেচ স্পেচিয়েল এক্টৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব ।

যোৱা ৪ ডিচেম্বৰৰ সন্ধিয়া ৰাজ্যখনৰ মন জিলাত তিৰু আৰু ওটিং নামৰ গাঁও দুখনৰ মাজত নিৰাপত্তা বাহিনীৰ (অসম ৰাইফলছৰ) এটা দলে কয়লাখনিত কাম কৰা শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাই ছয়জনকৈ নিৰীহ লোকক হত্যা কৰে । ঘটনাৰ পাছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সেনাৰ দলে গুলী চলাবলৈ বাধ্য হয় ৷ যাৰ ফলত মুঠ ১৪ জন লোকে মৃত্যুবৰণ কৰে ।

উল্লেখনীয় যে, মন জিলাত সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰে ৷ ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু সেনাৰ ফালৰ পৰা তদন্ত ঘোষণা কৰা হয় ।

নাগালেণ্ড বিধানসভাই শেহতীয়াকৈ অনুষ্ঠিত এক বিশেষ অধিৱেশনত মন জিলাত সংঘটিত হোৱা হত্যাকাণ্ডক (Ambush on civilians in Nagaland) গৰিহণা দি উপযুক্ত কৰ্তৃপক্ষক এই ঘটনাৰ বাবে ক্ষমা বিচাৰিবলৈ আহ্বান জনায় ৷ তদুপৰি উত্তৰ-পূৱৰ পৰা বিশেষকৈ নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ বাতিল (Nagaland Assembly demands to repeal AFSPA) কৰাৰ দাবী জনায় ৷

লগতে চাওক: নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ তদন্তৰ বাবে সেনাই বিচাৰিছে প্ৰকৃত ভিডিঅ'

Last Updated :Dec 27, 2021, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.