Cruise drug bust bribery case: দ্বিতীয় দিনাও এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েক 5 ঘণ্টা ধৰি চিবিআইৰ জেৰা

author img

By

Published : May 21, 2023, 9:59 PM IST

Updated : May 21, 2023, 10:44 PM IST

দ্বিতীয় দিনাও এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱানখেড়েক 5 ঘণ্টা ধৰি চিবিআইৰ জেৰা

মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছৰ গোচৰত দ্বিতীয় দিনাও এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েক 5 ঘণ্টা ধৰি জেৰা কৰে চিবিআইৰ (CBI quizzes Sameer Wankhede ) ৷

নিউজ ডেস্ক, 21 মে’: মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছৰ গোচৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে চিবিআইয়ে (Cruise drug bust bribery case)৷ দ্বিতীয় দিনাও এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েক 5 ঘণ্টা ধৰি জেৰা কৰে চিবিআইয়ে (CBI quizzes Sameer Wankhede ) ৷

উল্লেখ্য যে, চিবিআইয়ে ৰাষ্ট্ৰীয় ড্ৰাগছ নিয়ন্ত্ৰণ ব্যুৰোৰ মুম্বাইৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েসহ পাঁচজন লোকৰ বিৰুদ্ধে গোচৰৰ তদন্ত চলাই আছে (Central Bureau of Investigation) ৷ এই কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ পাৰ্টীৰ গোচৰ সন্দৰ্ভত চিবিআইয়ে জনপ্ৰিয় বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকো গ্ৰেপ্তাৰ কৰিছিল (Former Mumbai NCB chief Sameer Wankhede)৷

চিবিআইয়ে এনচিবিৰ প্ৰাক্তন মুৰব্বী ৱাংখেড়ে আৰু অন্যান্য অভিযুক্তৰ ঘৰ, কাৰ্যালয় আৰু সম্পতিত তালাচী চলাইছিল। "সত্যমেৱ জয়তে! ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷" চিবিআইৰ তদন্তৰ পিচতে সমীৰ ৱাংখেড়েই এই মন্তব্য প্ৰকাশ কৰে ৷

বোম্বাই উচ্চ ন্যায়ালয়ে এনচিবিৰ প্ৰাক্তন মুৰব্বী সমীৰ ৱাংখেড়েক সকাহ দিয়াৰ পিচতে তেওঁ শনিবাৰে পুৱা প্ৰায় 10.15 বজাত চি বি আইৰ কাৰ্যালয়ত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল। দেওবাৰে, সমীৰ ৱাংখেড়েক চিবিআইয়ে পাঁচ ঘণ্টাৰ বাবে সোধা-পোছা কৰে ৷

উল্লেখ্য যে, আৰিয়ান খানৰ বিৰুদ্ধে ড্ৰাগছৰ নামত ধন দাবীৰ গোচৰ ৰুজু কৰাৰ পিচতে চিবিআইৰ এটা দলে সমীৰ ৱাংখেড়েৰ বাসগৃহত অভিযান চলায়। অভিযানকালত, মুম্বাইস্থিত সমীৰ ৱাংখেড়েৰ বাসগৃহত প্ৰায় 13 ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰা হৈছিল। তাৰ পিচতে ৱাংখেড়েক বৃহস্পতিবাৰে সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছিল।

অৱশ্যে, ৱাংখেড়ে চিবিআইৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল। বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক সকাহ দিয়াৰ পিচত শনিবাৰে পুৱা ৱাংখেড়ে চিবিআই কাৰ্যালয়ত হাজিৰ হৈছিল। তেওঁ 'সত্যমেৱ জয়তে' বুলি কৈ চিবিআইৰ কাৰ্যালয়লৈ গৈছিল ৱাংখেড়ে।

ৱাংখেড়েক পুৱা প্ৰায় তিনি ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল । তাৰ পিচত দুপৰীয়া প্ৰায় ২ বজাত দুপৰীয়াৰ আহাৰৰ বাবে ৩০ মিনিটৰ বাবে বাহিৰলৈ অহাৰ অনুমতি দিয়া হৈছিল ৱাংখেড়েক । বিয়লি পুনৰ সোধা-পোছাৰ বাবে উপস্থিত হোৱা ৱানখেড়েক দুঘণ্টা ধৰি সোধা-পোছা কৰিছিল। ৱাংখেড়েক বিয়লি ৪.৩০ বজাত চিবিআইৰ কাৰ্যালয়ৰ পৰা ওলাই গৈছিল। চিবিআইয়ে ৱানখেড়েৰ সম্পত্তি, ব্যয়বহুল গাড়ী আৰু বিদেশ ভ্ৰমণত খৰচ কৰাৰ বিষয়েও প্ৰশ্ন কৰিছিল ।

লগতে পঢ়ক: Nagaon SP Leena Dole : নগাঁৱৰ ১৪৮ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

Last Updated :May 21, 2023, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.